প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

এয়াৰ মাৰ্শ্বাল ইন্দৰপাল সিং ৱালিয়াক বায়ু সেনাৰ উপ-প্ৰধান হিচাপে নিযুক্তি

পোষ্ট কৰা হৈছে: 30 OCT 2026 6:47PM by PIB Guwahati

এয়াৰ মাৰ্শ্বাল ইন্দৰপাল সিং ৱালিয়া, এ ভি এছ এম, ভি এম- ক বায়ু সেনাৰ উপ-প্ৰধান (ভি চি এ এছ) হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁ ২০২৬ চনৰ ১ নৱেম্বৰৰ পৰা এই দায়িত্ব গ্ৰহণ কৰিব।বৰ্তমান তেওঁ পূব বায়ু কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চিফ হিচাপে কৰ্মৰত।

এই বায়ু সেনা বিষয়া গৰাকী ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ। তেওঁ ১৯৮৮ চনৰ ১১ জুনত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান শাখাত কৰ্ম জীৱন আৰম্ভ কৰিছিল। তেওঁ মিগ-২১, মিগ-২৩, মিগ-২৭, জাগুৱাৰ আৰু এছ ইউ-৩০ এম কে আই-ৰ সকলো প্ৰকাৰৰ বিমান  চলোৱাৰ অভিজ্ঞতাৰে সমৃদ্ধ।প্ৰায় চাৰি দশকজোৰা কেৰিয়াৰত তেওঁ বিভিন্ন কমাণ্ড আৰু ষ্টাফৰ দায়িত্ব পালন কৰিছে। তেওঁ এটা আগশাৰীৰ যুঁজাৰু স্কোৱাড্ৰনৰ নেতৃত্ব দিছে। তেওঁ টেকটিক্স এণ্ড এয়াৰ কম্বেট ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট (টিএচিডিই)ৰো নেতৃত্ব দিছে। তেওঁ বৰেইলী বায়ু সেনা ষ্টেচনৰ এয়াৰ অফিচাৰ কমাণ্ডিং আছিল।তেওঁ যুক্তৰাজ্যত এডভান্সড কমাণ্ড এণ্ড ষ্টাফ কোৰ্ছ কৰাৰ লগতে বাংলাদেশত এন ডি চি সম্পূৰ্ণ কৰিছে। তেওঁ ভাৰতীয় বায়ু সেনাৰ ডাইৰেক্টৰেট অৱ এয়াৰ ষ্টাফ ইনস্পেকচন (ডি এ এছ আই)ৰ মুৰব্বী আছিল।তেওঁ জাপান আৰু দক্ষিণ কোৰিয়াৰ দূতাবাসত প্ৰতিৰক্ষা এটাছে হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।তেওঁ পূব বায়ু কমাণ্ডৰ জ্যেষ্ঠ বায়ু ষ্টাফ বিষয়াও আছিল।

তেওঁ এজন অধ্যয়নপ্ৰিয় ব্যক্তি। তেওঁৰ প্ৰতিৰক্ষা আৰু কৌশলগত অধ্যয়নত তিনিটা স্নাতকোত্তৰ ডিগ্ৰী আছে। বিশিষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে তেওঁক ২০০৮ চনত বায়ু সেনা পদক (ভি এম) আৰু ২০১৮ চনত অতি বিশিষ্ট সেৱা পদক (এ ভি এছ এম) প্ৰদান কৰা হয়।তেওঁ এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতৰ স্থানত দায়িত্ব্ভাৰ গ্ৰহণ কৰিব। এয়াৰ মাৰ্শ্বাল দীক্ষিতে ২০২৬ চনৰ ৩১ অক্টোবৰত ২৯ সংখ্যক বায়ু সেনা প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব।

 

***

JS/VK/SM/DD


(ৰিলিজ আই ডি : 2330734) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil