পৰ্যটন মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশৰ টাৱাঙত চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট উদ্বোধন

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক ব্যৱসায়িক সুযোগ আৰু বহনক্ষম জীৱিকালৈ ৰূপান্তৰিত কৰাৰ আহ্বান কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটৰ

বহনক্ষম পৰ্যটন, উন্নত যাতায়াত ব্যৱস্থা আৰু স্থানীয় সমুদায়ৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ পৰ্যটন মন্ত্ৰালয়ৰ

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ঘৰুৱা পৰ্যটকৰ আগমন ২০১৯ চনৰ ৯৫.৬৫ লাখৰ পৰা বৃদ্ধি পাই ২০২৫ চনত ১.৫১ কোটি হৈছেগৈ

পোষ্ট কৰা হৈছে: 29 OCT 2026 9:22PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ সহযোগত আয়োজন কৰা 'আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট' (আইটিএম)ৰ চতুৰ্দশ সংস্কৰণ আজি অৰুণাচল প্ৰদেশৰ টাৱাঙত আৰম্ভ হয়। ২৯ৰ পৰা ৩১ অক্টোবৰ, ২০২৬লৈকে অনুষ্ঠিত হ’বলগীয়া এই তিনিদিনীয়া পৰ্যটন মেলাৰ মূল উদ্দেশ্য হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ পৰ্যটন সম্ভাৱনা প্ৰদৰ্শন কৰা আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন বজাৰৰ সৈতে ব্যৱসায়িক সম্পৰ্ক সুদৃঢ় কৰা।

কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট, কেন্দ্ৰীয় পৰ্যটন আৰু পেট্ৰ’লিয়াম তথা প্ৰাকৃতিক গেছ ৰাজ্য মন্ত্ৰী শ্ৰী সুৰেশ গোপী, কেন্দ্ৰীয় শিক্ষা আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° সুকান্ত মজুমদাৰ, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খান্দু আৰু ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙৰ উপস্থিতিত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন মন্ত্ৰীসকল, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, আন্তঃৰাষ্ট্ৰীয় তথা ঘৰুৱা পৰ্যটন অংশীদাৰসকল আৰু ভ্ৰমণ উদ্যোগৰ প্ৰতিনিধিসকলো ইয়াত উপস্থিত আছিল। উদ্বোধনী অধিবেশনখনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে গুৰুত্ব আৰোপ কৰে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টখন কেৱল এটা প্ৰচাৰমূলক মঞ্চ হৈ থকা নাই, বৰঞ্চ পৰ্যটনৰ অংশীদাৰিত্ব আৰু ব্যৱসায়িক সুযোগৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে গঢ়ি উঠিছে। তেওঁ কয়, “আইটিএম  কেৱল এটা পৰ্যটন বজাৰ নহয়; এয়া হৈছে অংশীদাৰিত্ব গঢ়ি তোলা, ব্যৱসায়িক সুযোগ সৃষ্টি কৰা আৰু উত্তৰ-পূব অঞ্চলত পৰ্যটনৰ বিকাশৰ বাবে এক অংশীদাৰিত্বমূলক দৃষ্টিভংগী গঢ়ি তোলাৰ এক মঞ্চ।

 

অঞ্চলটোৰ অপাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ চহকী জৈৱ-বৈচিত্ৰ্য, সাংস্কৃতিক ঐতিহ্য, আধ্যাত্মিক পৰম্পৰা আৰু প্ৰাকৃতিক সৌন্দৰ্যে দুঃসাহসিক, প্ৰকৃতি-ভিত্তিক আৰু অভিজ্ঞতাভিত্তিক পৰ্যটনৰ বাবে ব্যতিক্ৰমী সুযোগ প্ৰদান কৰে। নতুন ভ্ৰমণকাৰীক আকৰ্ষণ কৰিবলৈ, তেওঁলোকৰ থকাৰ সময়সীমা বৃদ্ধি কৰিবলৈ আৰু স্থানীয় সমুদায়ৰ বাবে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিবলৈ তেওঁ বিশেষভাৱে দুঃসাহসিক পৰ্যটন, সংগীত মহোৎসৱ আৰু কনচাৰ্ট পৰ্যটনৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তদুপৰি, সঠিক সুৰক্ষা মাপকাঠী, সমুদায়ৰ অংশগ্ৰহণ আৰু পৰিৱেশ সুৰক্ষা নিশ্চিত কৰি পৰ্যটন অভিজ্ঞতাসমূহ গঢ়ি তোলাৰ বাবেও তেওঁ আহ্বান জনায়।

 

মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা, পৰ্যটনৰ আধাৰ আৰু গন্তব্যস্থানৰ অভিজ্ঞতা উন্নত কৰাৰ দিশত চৰকাৰে অব্যাহত ৰখা গুৰুত্বপূৰ্ণ পদক্ষপসমূহ আলোকপাত কৰে। দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ মেলা, মহোৎসৱ, ডিজিটেল মঞ্চ আৰু চিনাকি ভ্ৰমণৰ জৰিয়তে পৰ্যটন প্ৰচাৰৰ লগতে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিবলৈ দক্ষতা বিকাশৰ পদক্ষেপসমূহৰ বাবে মন্ত্ৰালয়ৰ সমৰ্থনৰ কথা তেওঁ উল্লেখ কৰে।

 

ইপিনে, ইয়াৰ পূৰ্বে সংবাদমেলত আগবঢ়োৱা বক্তব্যত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে জনায় যে চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টত ২২খন দেশৰ ৪৩জন আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিছে, যিটো আইটিএমৰ ইতিহাসত সৰ্বাধিক। ইয়াৰ লগতে ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৪২জন দেশীয় ক্ৰেতা আৰু ৮১জন বিক্ৰেতা একেলগ হৈছে। টাৱাঙত এই মেলা আয়োজন কৰাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ কম-পৰিচিত পৰ্যটন স্থানসমূহলৈ অধিক মনোযোগ আকৰ্ষিত হ’ব আৰু এইসমূহৰ পৰ্যটন সম্ভাৱনা দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত দাঙি ধৰিব পৰা যাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। অঞ্চলটোত পৰ্যটনৰ বৃদ্ধি সম্পৰ্কে তেওঁ উল্লেখ কৰে যে আঠখন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যলৈ অহা ঘৰুৱা পৰ্যটকৰ সংখ্যা ২০১৯ চনৰ ৯৫.৬৫ লাখৰ পৰা বৃদ্ধি পাই ২০২৫ চনত ১.৫১ কোটি হৈছেগৈ, যিয়ে প্ৰায় ৫৮% বৃদ্ধি সূচায়।

ৰাজ্যখনত পৰ্যটনৰ ভূগোল আৰু যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে চৰকাৰে আৰম্ভ কৰা আঁচনিসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে। তেওঁ জনায় যে 'স্বদেশ দৰ্শন ১.০'ৰ অধীনত ১,৩০৯ কোটি টকাৰ ১৬টা প্ৰকল্প, 'স্বদেশ দৰ্শন ২.০'ৰ অধীনত ৫৬৪ কোটি টকাৰ ১৭টা প্ৰকল্প, 'চেলেঞ্জ বেচড ডেষ্টিনেশ্যন ডেভেলপমেণ্ট'ৰ অধীনত ১৩৯ কোটি টকাৰ ৯টা প্ৰকল্প, 'এছএএছচিআইৰ অধীনত ৭৯০ কোটি টকাৰ ৯টা প্ৰকল্প আৰু 'প্ৰসাদ' আঁচনিৰ অধীনত ২৫৮ কোটি টকাৰ ৯টা প্ৰকল্প মঞ্জুৰ কৰা হৈছে। ইয়াৰ উপৰিও, আঞ্চলিক সংযোগ আঁচনি 'উড়ান'ৰ অধীনত মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ১০টা পৰ্যটন পথত সমৰ্থন আগবঢ়াইছে। তেওঁ বহনক্ষম পৰ্যটনৰ প্ৰচাৰ, দৰ্শনাৰ্থীৰ অভিজ্ঞতাৰ উন্নতি আৰু স্থানীয় সমুদায়ৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি দোহাৰে।

 

উদ্বোধনী অনুষ্ঠানত পৰ্যটন ৰাজ্য মন্ত্ৰী শ্ৰী সুৰেশ গোপীয়ে সাংস্কৃতিক, দুঃসাহসিক, মহোৎসৱভিত্তিক আৰু সমুদায়ভিত্তিক অভিজ্ঞতাকে ধৰি অভিনৱ পৰ্যটন সামগ্ৰী বিকশিত কৰাৰ সুযোগসমূহ অৱগত কৰে। তেওঁ লগতে ন্যূনতম প্ৰচাৰ পোৱা স্থানসমূহ প্ৰচাৰ কৰা আৰু স্থানীয় পৰ্যটন সেৱা প্ৰদানকাৰীসকলৰ বাবে ডিজিটেল দৃশ্যমানতা আৰু বজাৰৰ সুবিধা বৃদ্ধি কৰাত মন্ত্ৰালয়ৰ ‘দেখো অপনা দেশ ২.০’ আৰু ‘নেচনেল ডিজিটেল টুৰিজিম ষ্টেক’ৰ দৰে পদক্ষেপসমূহৰ গুৰুত্বৰ কথাও দোহাৰে।

 

উদ্বোধনী অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাং আৰু শিক্ষা তথা ডনাৰ মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী ড° সুকান্ত মজুমদাৰেও বক্তব্য আগবঢ়ায়।

 

অনুষ্ঠানৰ অংশ হিচাপে উত্তৰ-পূব বজাৰ উদ্বোধন কৰা হয়, য’ত অঞ্চলটোৰ পৰম্পৰাগত হস্তশিল্প, তাঁতশিল্প আৰু অন্যান্য সাংস্কৃতিক সমলসমূহ প্ৰদৰ্শন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ চহকী পৰম্পৰা প্ৰতিফলিত কৰা এক সাংস্কৃতিক কাৰ্যসূচীও আয়োজন কৰা হয়।

 

এই মাৰ্টত আঠখন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যৰ পৰ্যটনভিত্তিক উপস্থাপন আৰু পৰিকল্পিত বি২বি বৈঠক অনুষ্ঠিত হ’ব। ৩০ অক্টোবৰ, ২০২৬ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন মন্ত্ৰীসকলৰ এক আঞ্চলিক বৈঠক অনুষ্ঠিত হ’ব, য’ত পৰ্যটনৰ বিকাশ, আঞ্চলিক সহযোগিতা, পৰ্যটকৰ সুবিধা আৰু নতুনকৈ উদয় হোৱা পৰ্যটনৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰা হ’ব।

 

২০১৩ চনত অনুষ্ঠিত দ্বিতীয় সংস্কৰণৰ ১৩ বছৰৰ পাছত এই চতুৰ্দশ সংস্কৰণৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট পুনৰ টাৱাঙত অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে পৰ্যটন অংশীদাৰিত্ব শক্তিশালী কৰা, কম পৰিচিত গন্তব্যস্থানসমূহৰ প্ৰসাৰ কৰা আৰু উত্তৰ-পূব অঞ্চলক বহনক্ষম তথা অভিজ্ঞতাভিত্তিক পৰ্যটনৰ এক আগশাৰীৰ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰা।

 

***

RK/DB


(ৰিলিজ আই ডি : 2330303) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी