পোষ্ট কৰা হৈছে:
28 OCT 2026 8:50PM by PIB Guwahati
চৰকাৰী ই-মাৰ্কেটপ্লেচ (জি ই এম) আৰু লঘু উদ্যোগ ভাৰতী (এল ইউ বি)ৰ উদ্যোগত অনুস্থিত হোৱা জি ই এম সংবাদ ২০২৬ ত ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ (এম এছ ই) বাবে ৰাজহুৱা ক্ৰয় অধিক সুলভ আৰু সহজসাধ্য কৰাৰ লক্ষ্যৰে মূল সংস্কাৰসমূহৰ ওপৰত আলোকপাত কৰা হয়।
২০২৪ চনত বুজাবুজিৰ চুক্তিপত্ৰৰ জৰিয়তে আনুষ্ঠানিক ৰূপ দিয়া, জি ই এম-এল ইউ বি অংশীদাৰিত্বই সমগ্ৰ ভাৰতত সজাগতা সৃষ্টি কৰিবলৈ ১০৮খন ভাৰ্চুৱেল সন্মিলন অনুস্থিত কৰাৰ উপৰিও বহুতো ভৌতিক অনুস্থান সমগ্ৰ দেশতে অনুস্থিত কৰিছিল যাৰ উদ্দেশ্য আছিল সজগতা সৃষ্টিৰ লগতে ডিজিটেল অনবৰ্ডিং ব্যৱস্থাক সমৰ্থন কৰা আৰু এম এছ এম ই সমূহক দিক নিৰ্দেশনা দিয়া আৰু চৰকাৰী ক্ৰয়ৰ সুযোগ লাভ কৰাত সহায় কৰা ।
জি ই এমৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী মিহিৰ কুমাৰে তেওঁৰ ভাষণত কয় যে জি ই এমৰ দ্বাৰা গ্ৰহণ কৰা সংস্কাৰসমূহে এম এছ এম ই সমূহক অংশগ্ৰহণ ব্যয় হ্ৰাস কৰি, প্ৰক্ৰিয়া সৰল কৰি আৰু বিত্তীয় প্ৰৱেশাধিকাৰ উন্নত কৰাত সহায় কৰিছে, যাৰ ফলত তেওঁলোকে চৰকাৰী ক্ৰয়ৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাসেৰে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত অৰিহণা যোগাইছে। তেওঁ লগতে কয় যে জি ই এম-এ এক বিশ্বাসযোগ্য বিক্ৰেতা পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ প্ৰয়াস কৰে য"ত ডিজিটেল ফৰ্মেটত ব্যৱসায়িক সুযোগসমূহ সম্পূৰ্ণৰূপে গণতান্ত্ৰিক কৰা হয়।
জি ই এম-এ লেনদেনৰ মাচুল অৰ্ডাৰৰ মূল্যৰ ০.৫০% ৰ পৰা ০.৩০% লৈ হ্ৰাস কৰিছে। পূৰ্বৰ ৫ লাখ টকাৰ সীমাৰ তুলনাত ১০ লাখ টকা পৰ্যন্ত অৰ্ডাৰত লেনদেন মাচুল ৰেহাই দিয়া হৈছে। ১০ কোটি টকাৰ ওপৰৰ অৰ্ডাৰৰ বাবে পূৰ্বৰ সৰ্বাধিক ৭২.৫০ লাখ টকাৰ তুলনাত মাচুল ৩ লাখ টকাত সীমাবদ্ধ কৰা হৈছে। জি ই এম-ত দিয়া অৰ্ডাৰৰ প্ৰায় ৯৭ শতাংশতে কোনো লেনদেন মাচুল নাই। অনবোৰ্ডিং প্ৰক্ৰিয়াৰ অংশ হিচাপে ২০২৫ চনৰ জুলাইত সাৱধান ধন জমাৰ ব্যৱস্থাও কৰা হৈছে। তদুপৰি, ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা মূল সঁজুলি নিৰ্মাতাসকলৰ (অ' ই এম) বাবে প্ৰযোজ্য বিক্ৰেতা মূল্যায়ন মাচুল ৬৬ শতাংশ হ্ৰাস কৰি ৯২ শতাংশ কৰা হৈছে।
অনুষ্ঠানৰ অংশ হিচাপে এল ইউ বিৰ সভাপতি শ্ৰী মধুসূদন দাদু; এল ইউ বিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী ওম প্ৰকাশ গুপ্তা; এল ইউ বি আৰু জি ই এম নোডেলৰ ৰাষ্ট্ৰীয় কোষাধ্যক্ষ শ্ৰী জনক ভাটিয়া আৰু জি ই এমৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অজিত বি চৱনে এই আলোচনাত অংশগ্ৰহণ কৰে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰা এম এছ এম ই সমূহৰ সৈতে মত বিনিময় কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী অজিত বি চৱনে উল্লেখ কৰে যে কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ সৈতে সংগতি ৰাখি জি ই এম-এ পাঁচটা ট্ৰেড ৰিচিভেবলছ ডিচকাউণ্টিং ছিষ্টেম (টি আৰ ই ডি এছ)ৰ সৈতে বিনিময়ৰ ক্ষেত্ৰত একত্ৰিত হৈছে। তেওঁ কয় যে এই সক্ষমতাৰ লগতে জি ই এম-ত ক্ৰয় অৰ্ডাৰৰ বিপৰীতে জি ই এম সহায়ৰ বন্ধক-মুক্ত ঋণ প্ৰদানৰ জৰিয়তে এম এছ এম ই-সমূহে সন্মুখীন হোৱা কাৰ্যকৰী মূলধন আৰু সময়মতে পৰিশোধৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত বহুদূৰ আগুৱাই যাব।
এল ইউ বিৰ সভাপতি শ্ৰী মধুসূদন দাদু আৰু এল ইউ বিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্ৰী ওম প্ৰকাশ গুপ্তাই জি ই এমৰ সৈতে সহযোগিতামূলক প্ৰচেষ্টা অধিক গভীৰ কৰা আৰু এল ইউ বিৰ সমগ্ৰ ভাৰতৰ কাৰ্যালয়ৰ নেটৱৰ্ক, নিয়মীয়া সাপ্তাহিক জি ই এম-এল ইউ বি ভাৰ্চুৱেল সন্মিলন আৰু প্ৰশিক্ষিত স্বেচ্ছাসেৱকৰ দ্বাৰা কৰ্মচাৰী থকা বিভিন্ন কাৰ্যালয়ত সমৰ্পিত সুবিধাৰ কাউণ্টাৰ স্থাপনৰ জৰিয়তে এম এছ এম ই সমূহলৈ প্ৰসাৰ বৃদ্ধি কৰাৰ বাবে এল ইউ বিৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে।
***
Abhishek Dayal/ Shabbir Azad / Ishita Biswas/US