পোষ্ট কৰা হৈছে:
28 OCT 2026 2:27PM by PIB Guwahati
পৰা ৩০ নৱেম্বৰলৈকে সমগ্ৰ দেশতে ' খেতি বচোৱা অভিযান-ৰবি ২০২৬' ৰ আয়োজন কৰিছে। এই অভিযানৰ প্ৰাথমিক উদ্দেশ্য হৈছে গাওঁবোৰত আয়োজিত সজাগতা কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলে শেহতীয়া কৃষি প্ৰযুক্তি আৰু চৰকাৰী আঁচনিসমূহৰ বিষয়ে পোনপটীয়াকৈ তথ্য লাভ কৰাটো নিশ্চিত কৰা। ইয়াৰ উপৰিও আধুনিক প্ৰযুক্তি গ্ৰহণৰ জৰিয়তে ৰবি শস্যৰ উন্নত পৰিচালনা আৰু কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বিষয়ে সজাগতা সৃষ্টি কৰাও ইয়াৰ অন্যতম লক্ষ্য। এখন উন্নত ভাৰতৰ বাবে কৃষিৰ বিকাশ আৰু কৃষকৰ সমৃদ্ধি নিশ্চিত কৰাৰ দিশত এই অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই পদক্ষেপৰ অধীনত, ‘লেবৰ পৰা লেণ্ডলৈ’ (পৰীক্ষাগাৰৰ পৰা পথাৰলৈ) ধাৰণাটোক কাৰ্যক্ষেত্ৰত ৰূপায়িত কৰা হৈছে, য’ত কৃষি বিজ্ঞানীসকলে কৃষকৰ পথাৰ পৰিদৰ্শন কৰি শেহতীয়া বৈজ্ঞানিক কৌশল, গৱেষণা-ভিত্তিক জ্ঞান আৰু ব্যৱহাৰিক তথ্যসমূহ ভাগ-বতৰা কৰিব, যিয়ে কৃষি পদ্ধতি আৰু উৎপাদনশীলতা উন্নত কৰাত সহায় কৰিব পাৰে।
এই দেশজোৰা অভিযানৰ অংশ হিচাপে, কৃষি বিজ্ঞান কেন্দ্ৰ (কেভিকে), উজৱা, দিল্লীয়েও ২০২৬ চনৰ ২২ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈকে দিল্লীৰ গ্ৰাম্য অঞ্চলৰ বিভিন্ন গাঁৱত বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিছে । এই উদ্দেশ্যে, ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ দক্ষিণ-পশ্চিম, উত্তৰ-পশ্চিম আৰু উত্তৰ জিলাসমূহত ২৫টা স্থান বাছনি কৰা হৈছে। এই কাৰ্যসূচীসমূহে কৃষক আৰু কৃষি বিশেষজ্ঞসকলৰ মাজত পোনপটীয়া মত বিনিময়ৰ সুবিধা প্ৰদান কৰাৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ কৃষিৰ প্ৰয়োজনীয়তাৰ সৈতে প্ৰাসংগিক বৈজ্ঞানিক নিৰ্দেশনা আৰু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে।
এই অভিযানৰ অধীনত গঠন কৰা প্ৰতিটো দলত চাৰিৰ পৰা পাঁচজন বিষয় বিশেষজ্ঞ, বিজ্ঞানী, বিভিন্ন বিভাগৰ বিষয়া আৰু উদ্ভাৱনীমূলক কৃষক থাকে। নতুন দিল্লীৰ পুচাৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ (আই এ আৰ আই) জ্যেষ্ঠ বিজ্ঞানীসকলেও এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰি কৃষকসকলৰ সৈতে শেহতীয়া কৃষি প্ৰযুক্তি আৰু বৈজ্ঞানিক জ্ঞানৰ বিনিময় কৰিছে। দলসমূহে কৃষকসকলক প্ৰাসংগিক তথ্য প্ৰদান কৰাৰ লগতে উন্নত কৃষি পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰি কৃষি গৱেষণা আৰু পথাৰত ইয়াৰ ব্যৱহাৰিক প্ৰয়োগৰ মাজৰ ব্যৱধান দূৰ কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে।
এই অভিযানৰ অধীনত দিল্লীৰ কেভিকে উজৱাই ২০২৬ চনৰ ২৭ অক্টোবৰত কাজীপুৰ গাঁৱত এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। ইয়াৰ মূল উদ্দেশ্য আছিল আগন্তুক ৰবি ঋতুৰ বাবে উপযুক্ত সময়ত কৃষি কাৰ্যকলাপ সম্পন্ন কৰা, সন্তুলিতভাৱে সাৰ ব্যৱহাৰ কৰা আৰু প্ৰাকৃতিক কৃষি পদ্ধতি গ্ৰহণ কৰা তথা মাটিৰ স্বাস্থ্য সংৰক্ষণৰ গুৰুত্বৰ প্ৰতি কৃষকসকলক সজাগ কৰা । কাৰ্যসূচীৰ সময়ত, কেভিকে বিজ্ঞানীসকলে মাটিৰ উৰ্বৰতা বজাই ৰখা, সঠিক সময়ত অত্যাৱশ্যকীয় কৃষি কাৰ্য্যকলাপ হাতত লোৱা আৰু সাৰ তথা অন্যান্য কৃষি সামগ্ৰী বৈজ্ঞানিকভাৱে আৰু প্ৰকৃত প্ৰয়োজনীয়তা অনুসৰি ব্যৱহাৰ কৰাৰ বিষয়ে তথ্য প্ৰদান কৰে। মাটিৰ স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি সন্তুলিত সাৰৰ প্ৰয়োগ গ্ৰহণ কৰা আৰু কৃষি সম্পদৰ দক্ষ ব্যৱস্থাপনা নিশ্চিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। কৃষকসকলক বহনক্ষম কৃষি পদ্ধতিসমূহক সমৰ্থন কৰাৰ লগতে মাটিৰ উৎপাদনশীলতা বজাই ৰাখিবলৈ প্ৰয়োজনীয় উপাদানৰ ব্যৱহাৰৰ বিষয়ে তথ্যপূৰ্ণ সিদ্ধান্ত ল'বলৈ উৎসাহিত কৰা হয়।
আগন্তুক ৰবি ঋতুৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলক উন্নত, অধিক উৎপাদনশীল ঘেঁহুৰ প্ৰকাৰ, উপযুক্ত শস্য ব্যৱস্থাপনা পদ্ধতি আৰু সাৰৰ সন্তুলিত প্ৰয়োগৰ বিষয়ে বিশদ তথ্য দিয়া হয়। তেওঁলোকক নিয়মিতভাৱে সৰিয়হ শস্য নিৰীক্ষণ কৰা, প্ৰাৰম্ভিক পৰ্যায়ত প্ৰধান কীট-পতংগ আৰু ৰোগ চিনাক্ত কৰা তথা উপযুক্ত ব্যৱস্থাপনা ব্যৱস্থা গ্ৰহণৰ গুৰুত্বৰ বিষয়েও অৱগত কৰা হয়। এই পদ্ধতিসমূহৰ উদ্দেশ্য হৈছে কৃষকসকলক সম্ভাৱ্য শস্যৰ ক্ষতি প্ৰতিৰোধ কৰাত সহায় কৰা, শস্যৰ স্বাস্থ্য সুৰক্ষিত কৰা আৰু উন্নত উৎপাদন কৰা। কাৰ্যসূচীৰ সময়ত প্ৰদান কৰা বৈজ্ঞানিক নিৰ্দেশনাৰ জৰিয়তে কৃষকসকলক উপযুক্ত শস্য-ব্যৱস্থাপনা ব্যৱস্থা গ্ৰহণ কৰি শস্যৰ প্ৰয়োজনীয়তা অনুসৰি কৃষিজাত সামগ্ৰী ব্যৱহাৰৰ মাধ্যমেৰে ঋতুৰ বাবে প্ৰস্তুত কৰাত সহায় কৰাৰ দিহা কৰা হৈছে।
এই কাৰ্যসূচীত প্ৰাকৃতিক খেতিকে ধৰি বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰা, প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰা আৰু মাটিৰ স্বাস্থ্য ৰক্ষা কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হয়। কৃষকসকলক তেওঁলোকৰ হাতত থকা কৃষি সম্পদসমূহ দূৰদৰ্শিতাৰে ব্যৱহাৰ কৰিবলৈ আৰু পৰিৱেশ অনুকূল কৃষি প্ৰযুক্তি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়। ইয়াত দীৰ্ঘম্যাদীভাৱে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা, সম্পদৰ ব্যৱহাৰৰ কাৰ্যক্ষমতা উন্নত কৰা আৰু বহনক্ষম কৃষি উৎপাদনত অৰিহণা যোগোৱা পদ্ধতিসমূহৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। কৃষকসকলৰ সৈতে এনে পোনপটীয়া যোগাযোগৰ জৰিয়তে এই অভিযানে বৈজ্ঞানিক কৃষি পদ্ধতিৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ আৰু গাঁও পৰ্যায়ত বহনক্ষম কৃষি কৌশলসমূহ ব্যৱহাৰিকভাৱে গ্ৰহণ কৰাত উৎসাহিত কৰিবলৈ প্ৰয়াস কৰিছে।


*****
SS/MS/MK/DD