পোষ্ট কৰা হৈছে:
28 OCT 2026 1:47PM by PIB Guwahati
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোয়েলে ২০২৬ চনৰ ২৮ অক্টোবৰত চৰকাৰী ভাৰত ভ্ৰমণৰত লিছটেনষ্টাইনৰ ৰাজকুমাৰ এলোইচক সৌজন্যমূলক সাক্ষাৎ কৰে। বৈঠকত ভাৰত-ই এফ টি এ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টি ই পি এ) ৰ অধীনত অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰা আৰু বিনিয়োগৰ সুযোগ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
শ্ৰী গোয়েলে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰা ভাৰতৰ শক্তিশালী অৰ্থনৈতিক বুনিয়াদ, ধাৰাবাহিক সংস্কাৰৰ কার্যসূচী আৰু উৎপাদন ক্ষমতা সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ ব্যৱসায়িক সুচলতা উন্নত কৰা, নিয়ামক প্ৰক্ৰিয়া সৰল কৰা, ডিজিটেল প্ৰশাসন শক্তিশালী কৰা আৰু এক অনুমানযোগ্য, স্বচ্ছ আৰু প্ৰতিযোগিতামূলক ব্যৱসায়িক পৰিৱেশ সৃষ্টিৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ভাৰতৰ বিনিয়োগৰ শেহতীয়া অৱস্থানে ইয়াৰ অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আস্থা বৃদ্ধি হোৱাটো প্ৰতিফলিত কৰে। ২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত সংগ্ৰহিত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফ ডি আই) আছিল ৮৪৩ বিলিয়ন আমেৰিকান ডলাৰ । ইয়াৰ ভিতৰত ২০২৫-২৬ বিত্তীয় বৰ্ষত অভিলেখসংখ্যক ৯৪.৫৩ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ হৈছে, যিয়ে এক বিনিয়োগথলী হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান আকৰ্ষণক প্ৰমাণ কৰে। ভাৰতত এটা সমৃদ্ধিশালী ষ্টাৰ্ট-আপ (নতুন উদ্যোগ) পৰিস্থিতিতন্ত্ৰও আছে, য’ত ৭৭০ তাতকৈও অধিক জিলা আৰু ৫৬ টা উদ্যোগজুৰি বিস্তৃত ২.৫০ লাখ ষ্টাৰ্ট-আপে ২৫.৪২ লাখতকৈও অধিক কৰ্মসংস্থাপনত সহায় কৰিছে। এই ষ্টাৰ্ট-আপসমূহৰ ভিতৰত ৫২% অনা-মহানগৰীয় চহৰসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে।
শ্ৰী গোয়েলে ২০২৫ চনৰ ১ অক্টোবৰত কাৰ্যকৰী হোৱা ভাৰত-ই এফ টি এ - টি ই পি এ-ৰ দ্বাৰা আগবঢ়োৱা সুযোগসমূহৰ ওপৰত আলোকপাত কৰে। এই চুক্তিয়ে ই এফ টি এ ৰাজ্যসমূহক ১৫ বছৰত ভাৰতত এফ ডি আই ১০০ বিলিয়ন আমেৰিকান ডলাৰ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে প্ৰত্যক্ষভাৱে ১০ লাখ চাকৰি সৃষ্টিৰ সুবিধা প্ৰদান কৰে। এই পৰিকাঠামোৱে ভাৰতত শক্তিশালী অৰ্থনৈতিক সম্পৰ্কক দীৰ্ঘম্যাদী বিনিয়োগ, উৎপাদনশীল ক্ষমতা, প্ৰযুক্তিৰ অংশীদাৰিত্ব আৰু নিয়োগৰ সুবিধা সৃষ্টিলৈ ৰূপান্তৰিত কৰাৰ সুযোগ প্ৰদান কৰে।
শ্ৰী গোয়েলে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়সমূহক এক বৃহৎ আৰু বৰ্ধিত ঘৰুৱা বজাৰ, দক্ষ কৰ্মশক্তি, প্ৰতিযোগিতামূলক উৎপাদন পৰিৱেশ তন্ত্ৰ আৰু আন্তৰ্জাতিক মূল্য শৃংখল সম্প্ৰসাৰণৰ সুবিধা প্ৰদান কৰে। তেওঁ লিছটেনষ্টাইনৰ কোম্পানীসমূহক উৎপাদন অংশীদাৰিত্ব, প্ৰযুক্তি সহযোগিতা, গৱেষণা আৰু উন্নয়ন তথা ভাৰতীয় যোগান ধৰোঁতা আৰু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৈতে গভীৰ একত্ৰীকৰণৰ জৰিয়তে ভাৰতত সুযোগ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায় ।
এই আলোচনাত নিখুঁত অভিযান্ত্ৰিক, উন্নত উৎপাদন, ঔদ্যোগিক প্ৰযুক্তি আৰু উদ্ভাৱনৰ দৰে ক্ষেত্ৰত ঔদ্যোগিক সহযোগিতা সম্প্ৰসাৰণৰ সুযোগৰ বিষয়েও আলোচনা কৰা হয়। এই ক্ষেত্ৰসমূহত বৃহত্তৰ সহযোগিতাই প্ৰযুক্তি গ্ৰহণত সহায় কৰিব পাৰে, ঔদ্যোগিক সংযোগ শক্তিশালী কৰিব পাৰে আৰু দুয়োখন দেশৰ ব্যৱসায়ৰ বাবে পাৰস্পৰিকভাৱে লাভজনক সুযোগ সৃষ্টি কৰিব পাৰে।
এই মাহৰ আৰম্ভণিতে, ২০২৬ চনৰ ৭ অক্টোবৰত, ভাৰত-ই এফ টি এ- টি ই পি এ-ৰ প্ৰথম বাৰ্ষিকী উপলক্ষে নতুন দিল্লীত ভাৰত-ই এফ টি এ সমৃদ্ধি সন্মিলন অনুষ্ঠিত হয়। লিছটেনষ্টাইনৰ গৃহ পৰিক্ৰমা, অৰ্থনীতি আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী হুবাৰ্ট বুচেলৰ লগতে লিছটেনষ্টাইন ব্যৱসায়ৰ প্ৰতিনিধিসকলে সন্মিলনত অংশগ্ৰহণ কৰে।
বৈঠকত বিনিয়োগৰ প্ৰৱাহ শক্তিশালী কৰা আৰু বাণিজ্যিক সম্পৰ্ক গভীৰ কৰাৰ বাবে ভাৰত-ই এফ টি এ- টি ই পি এ ( টেপা) ব্যৱহাৰৰ ক্ষেত্ৰত উমৈহতীয়া আগ্ৰহৰ কথা পুনৰ নিশ্চিত কৰা হয়। ভাৰতৰ লক্ষ্য হৈছে এই চুক্তিয়ে সৃষ্টি কৰা সুযোগসমূহক প্ৰকৃত অৰ্থনৈতিক ফলাফললৈ ৰূপান্তৰ কৰা, যাৰ ভিতৰত আছে অধিক বিনিয়োগ, উন্নত উৎপাদন ক্ষমতা, প্ৰযুক্তিগত সহযোগিতা আৰু মানসম্পন্ন নিয়োগ।
***
Abhishek Dayal/ Garima Singh/ Ishita Biswas/DD