পৰ্যটন মন্ত্ৰালয়
azadi ka amrit mahotsav

টাৱাঙত ২৯-৩১ অক্টোবৰত চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ আয়োজন

উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন সম্ভাৱনাক বিশ্বৰ আগত দাঙি ধৰাৰ উদ্দেশ্যে অৰুণাচল প্ৰদেশত পৰ্যটন মন্ত্ৰালয়ৰ তিনিদিনীয়া কাৰ্যসূচী

দেশীয় - আন্তঃৰাষ্ট্ৰীয় পৰ্যটক সেৱা ক্ৰেতা-বিক্ৰেতাকে ধৰি ২০০ৰো অধিক প্ৰতিনিধিৰ অংশগ্ৰহণৰ সম্ভাৱনা

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন মন্ত্ৰীসকলৰ আঞ্চলিক পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰিব কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 28 OCT 2026 9:50AM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ সহযোগত অহা ২৯ৰ পৰা ৩১ অক্টোবৰলৈ অৰুণাচল প্ৰদেশৰ টাৱাঙত উত্তৰ-পূৰ্বাঞ্চলৰ চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ আয়োজন কৰিছে। টাৱাঙৰ “হোটেল ভিভাণ্টা”ত অনুস্থিত হ’বলগীয়া এই তিনিদিনীয়া কাৰ্যসূচীত দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটন খণ্ডৰ বিভিন্ন অংশীদাৰ একগোট হ’ব। ইয়াৰ জৰিয়তে অঞ্চলটোৰ বৈচিত্ৰ্যপূৰ্ণ পৰ্যটন সম্ভাৱনাসমূহ দাঙি ধৰাৰ লগতে ব্যৱসায়িক অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰয়াস কৰা হ’ব।

অহা ২৯ অক্টোবৰত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট, পৰ্যটন আৰু পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সুৰেশ গোপী আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খান্দু উপস্থিত থাকিব। এই উদ্বোধনী কাৰ্যসূচীত উত্তৰ-পূব বজাৰৰ উদ্বোধনৰ লগতে অঞ্চলটোৰ চহকী পৰম্পৰাক প্ৰতিফলিত কৰা সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰা হ’ব।

“আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট” হৈছে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বাৰ্ষিক কাৰ্যসূচী। ইয়াৰ মূল উদ্দেশ্য হৈছে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত উত্তৰ-পূৰ্বাঞ্চলক পৰ্যটনস্থলী হিচাপে প্ৰচাৰ কৰা। এই মাৰ্টে পৰ্যটন ব্যৱসায়ী, উদ্যোগী, ট্যুৰ অপাৰেটৰ, চৰকাৰী সংস্থা, সংবাদ মাধ্যম আৰু অন্যান্য অংশীদাৰসকলক সহযোগিতাৰ সুযোগ অন্বেষণ, পৰ্যটন সম্পৰ্কীয় সংযোগ শক্তিশালী কৰা আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য, সাংস্কৃতিক ঐতিহ্য তথা দুঃসাহসিক পৰ্যটনৰ সম্ভাৱনা প্ৰচাৰৰ বাবে এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰে।

চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টত দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা-বিক্ৰেতাকে ধৰি ২০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই অনুষ্ঠানত ২২খন দেশৰ ৪৩গৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাই অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়া, ভূটান, ফ্ৰান্স, জাৰ্মানী, ইণ্ডোনেছিয়া, ইটালী, জাপান, মালয়েছিয়া, ফিলিপাইনছ, পোলেণ্ড, ৰাছিয়া, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, শ্ৰীলংকা, থাইলেণ্ড, সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ, ব্ৰিটেইন,    আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশৰ প্ৰতিনিধি থাকিব। ইয়াৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ দেশীয় ক্ৰেতা, পৰ্যটন সেৱা প্ৰদানকাৰী আৰু বিক্ৰেতাসকলেও ইয়াত অংশগ্ৰহণ কৰিব। ইয়াৰ ফলত ব্যৱসায়িক মত-বিনিময় আৰু পাৰস্পৰিক সহযোগিতাৰ নতুন সুযোগ সৃষ্টি হ’ব।

মাৰ্টত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্য—অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ পৰ্যটনস্থলী আৰু পৰ্যটন সামগ্ৰীৰ সৈতে জড়িত বিভিন্ন বিষয় উপস্থাপন কৰা হ’ব। এই ক্ষেত্ৰত প্ৰতিখন ৰাজ্যৰ স্বকীয় পৰ্যটনস্থলী, পৰ্যটনৰ অভিজ্ঞতা আৰু বিশেষ আকৰ্ষণসমূহৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক সামৰি প্ৰস্তুত কৰা পৰ্যটন চক্ৰ আৰু পৰ্যটন সামগ্ৰীসমূহৰ বিষয়েও আলোকপাত কৰা হ’ব।

৩০ অক্টোবৰত হ’বলগীয়া ব্যৱসায়ৰ পৰা ব্যৱসায় (বি-টু-বি) বৈঠকসমূহত দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন সেৱা প্ৰদানকাৰীসকলে পোনপটীয়া মত-বিনিময়ৰ সুযোগ লাভ কৰিব। এই আলোচনাসমূহৰ লক্ষ্য হৈছে ব্যৱসায়িক সহযোগিতা বৃদ্ধি, নতুন পৰ্যটন সামগ্ৰীৰ বিকাশ আৰু অঞ্চলটোৰ পৰ্যটন উদ্যোগী তথা সেৱা প্ৰদানকাৰীসকলৰ বাবে বজাৰত প্ৰৱেশৰ সুযোগ সম্প্ৰসাৰণ কৰা।

মাৰ্টৰ কাৰিকৰী আলোচনাসমূহত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন উন্নয়নৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱা হ’ব। ইয়াৰ ভিতৰত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চলত পোনপটীয়া অনুষ্ঠান আৰু সংগীতানুষ্ঠান কেন্দ্ৰিক অৰ্থনীতি গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হ’ব। আনহাতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উদ্যোগত অঞ্চলটোৰ সংৰক্ষিত আৰু সীমাবদ্ধ এলেকাসমূহলৈ পৰ্যটকৰ যাতায়াত আৰু প্ৰৱেশৰ সুবিধা সন্দৰ্ভত মত বিনিময় কৰা হ’ব। ৰয়েল এনফিল্ডে উপস্থাপন কৰিবলগীয়া ‘বিয়ণ্ড ডেষ্টিনেচনছ: ক্ৰিয়েটিং ইমাৰ্ছিভ জাৰ্নিজ ইন নৰ্থ-ইষ্ট ইণ্ডিয়া’ শীৰ্ষক বিষয়ত উত্তৰ-পূৰ্বাঞ্চলত অভিজ্ঞতাভিত্তিক পৰ্যটনৰ সম্ভাৱনাসমূহ অন্বেষণ কৰা হ’ব।

 

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা “নৰ্থ-ইষ্ট বাজাৰ”ত অঞ্চলটোৰ পৰম্পৰাগত শিল্পকলা, হস্তশিল্প, বস্ত্ৰশিল্প আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব। সাংস্কৃতিক অনুষ্ঠান আৰু আঞ্চলিক খাদ্যসম্ভাৰেও প্ৰতিনিধিসকলক উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ স্বকীয় পৰম্পৰা আৰু খাদ্য-সংস্কৃতিৰ বৈচিত্ৰ্যৰ সৈতে পৰিচিত হোৱাৰ সুযোগ দিব।

মাৰ্টৰ অংশ হিচাপে টাৱাং আৰু ইয়াৰ আশে-পাশে থকা কেইবাটাও উল্লেখযোগ্য পৰ্যটনস্থলী ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে। এই স্থানসমূহৰ ভিতৰত আছে টাৱাং মঠ, যশৱন্ত গড় যুদ্ধ স্মাৰক, জং জলপ্ৰপাত, টাৱাং যুদ্ধ স্মাৰক, ষষ্ঠ দালাই লামাৰ জন্মস্থান উৰ্গেলিং বৌদ্ধ বিহাৰ-বুদ্ধ উদ্যান, পাংকাং টেং ছো হ্ৰদ আৰু শ্বেৰনুপ গাঁও। এই ভ্ৰমণসমূহৰ জৰিয়তে প্ৰতিনিধিসকলে অঞ্চলটোৰ আধ্যাত্মিক ঐতিহ্য, প্ৰাকৃতিক দৃশ্যপট, স্থানীয় পৰম্পৰা আৰু গ্ৰাম্য পৰ্যটনৰ অভিজ্ঞতা পোনপটীয়াকৈ লাভ কৰিব পাৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ বাবে পৰিচয়সূচক পৰ্যটন ১ নৱেম্বৰত গুৱাহাটীৰ পৰা আৰম্ভ হোৱাৰ কথা।

মাৰ্টৰ সমান্তৰালভাৱে ৩০ অক্টোবৰত কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী অধ্যক্ষতাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন মন্ত্ৰীসকলৰ এখন আঞ্চলিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন খণ্ডৰ উন্নয়ন শক্তিশালী কৰা আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ক সামৰি বিভিন্ন দিশ আলোচনা কৰা হ’ব।

চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ জৰিয়তে ১৩ বছৰৰ বিৰতিৰ পিছত পুনৰ টাৱাঙত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।ইয়াৰ পূৰ্বে ২০১৩ চনত দ্বিতীয় সংস্কৰণৰ মাৰ্ট টাৱাঙত অনুষ্ঠিত হৈছিল। আনহাতে, মাৰ্টৰ শেহতীয়া সংস্কৰণ ২০২৫ চনৰ নৱেম্বৰত ছিকিমৰ গেংটকত অনুষ্ঠিত হৈছিল।

 

 

RK/UD


(ৰিলিজ আই ডি : 2329340) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Bengali-TR , Gujarati