পোষ্ট কৰা হৈছে:
27 OCT 2026 5:21PM by PIB Guwahati
বাণিজ্য আৰু উদ্যোগ ৰাজ্য মন্ত্ৰী শ্ৰী জিতীন প্ৰসাদাই লিকটেনষ্টাইনৰ উপ প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা, পৰিৱেশ আৰু সাংস্কৃতিক মন্ত্ৰী ছাবিন মনাউনিক আজি নতুন দিল্লীত সাক্ষাৎকৰে। বৈঠকত দ্বিপাক্ষিক অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে ভাৰত আৰু লিকটেনষ্টাইনৰ মাজত বাণিজ্য আৰু বিনিয়োগ সহযোগিতাৰ নতুন পথ বিচাৰি উলিওৱাত গুৰুত্ব আৰোপ কৰা হয়।
২০২৬ চনৰ ২৫ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈ লিটেনষ্টাইনৰ মুৰব্বী ৰাজকুমাৰ এল’ইছৰ ভাৰত ভ্ৰমণৰ সৈতে সংগতি ৰাখি এই বৈঠক আয়োজিত হৈছে।এআই ইমপেক্ট শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ফেব্ৰুৱাৰীত নতুন দিল্লী ভ্ৰমণ কৰাৰ পিছত ২০২৬ চনত তেওঁৰ এয়া দ্বিতীয়টো ভাৰত ভ্ৰমণ।
বৈঠকৰ সময়ত শ্ৰী প্ৰসাদাই ভাৰতৰ শক্তিশালী অৰ্থনৈতিক প্ৰগতি, বজাৰৰ সুযোগ সম্প্ৰসাৰণ আৰু চলি থকা সংস্কাৰত আলোকপাত কৰি দীৰ্ঘম্যাদী বৃদ্ধি বিচৰা গোলকীয় ব্যৱসায়ৰ বাবে দেশখনৰ উত্থানক সুস্থিৰ, প্ৰতিযোগিতামূলক আৰু উদীয়মান স্থান হিচাপে প্ৰকাশ কৰে। তেওঁ দ্বিপাক্ষিক বাণিজ্য, বিনিয়োগ আৰু ব্যৱসায়িক সংযোগ সম্প্ৰসাৰণৰ উল্লেখযোগ্য সম্ভাৱনাত গুৰুত্ব আৰোপ কৰে। ভূ-ৰাজনৈতিক উত্তেজনা আৰু বিশ্ব বাণিজ্যৰ অনিশ্চয়তাৰ মাজতো ২০২৬–২৭ চনৰ প্ৰথম ত্ৰৈমাসিকত শক্তিশালী ঘৰুৱা চাহিদা আৰু উৎপাদন আৰু সেৱাৰ লাভৰ দ্বাৰা সমৰ্থিত হৈ ভাৰতৰ প্ৰকৃত জিডিপি ৭.৮ শতাংশ বৃদ্ধি পাইছে ।
লিকটেনষ্টাইনৰ উচ্চ পৰ্যায়ৰ ব্যৱসায়িক প্ৰতিনিধি দলেও এই বৈঠকত অংশগ্ৰহণ কৰে। শ্ৰী প্ৰসাদাই লিকটেনষ্টাইনস্থিত কোম্পানীসমূহে ভাৰতত নিজৰ উপস্থিতি আৰু বিনিয়োগ সম্প্ৰসাৰণৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ লিকটেনষ্টাইন ব্যৱসায়ী সমাজক ভাৰতৰ সম্প্ৰসাৰিত বজাৰ, দক্ষ কৰ্মশক্তি, শক্তিশালী আন্তঃগাঁথনি আৰু সহায়ক নীতিগত পৰিৱেশৰ লাভ উঠাবলৈ উৎসাহিত কৰে আৰু ভাৰতীয় ব্যৱসায়ীসকলৰ সৈতে অধিক বিনিয়োগ আৰু অংশীদাৰিত্বৰ বাবে আমন্ত্ৰণ জনায়। দুয়োপক্ষই প্ৰযুক্তি, উদ্ভাৱন, বিত্তীয় সেৱা আৰু উৎপাদনকে ধৰি ক্ষেত্ৰত সহযোগিতাৰ পথ অন্বেষণ কৰে। দলটোত লিটেনষ্টাইন চেম্বাৰ অৱ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ (এল চি চি আই), এল জি টি ইণ্ডিয়া, হিল্টি, ছাভানা ছিডছ, লিটেনষ্টেইন লেংগুৱেজ, অ’পেন কছমছ লিমিটেড আৰু লাইটৰকৰ প্ৰতিনিধি আছিল।
ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (EFTA) দেশসমূহৰ মাজত লিটেনষ্টাইন ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰত–ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (টিইপিএ)ই ভাৰত আৰু ইএফটিএ দেশসমূহৰ মাজত বিনিয়োগৰ ক্ষেত্ৰত ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰতিশ্ৰুতি আৰু ১৫ বছৰৰ ভিতৰত ১০ লাখ প্ৰত্যক্ষ চাকৰি সৃষ্টিৰ প্ৰতিশ্ৰুতিসহ গভীৰ অৰ্থনৈতিক সংযোগৰ বাবে বৰ্ধিত আন্তঃগাঁথনি প্ৰদান কৰে। চলিত মাহৰ আৰম্ভণিতে নতুন দিল্লীত অনুষ্ঠিত ভাৰত–ইএফটিএ সমৃদ্ধি সন্মিলন ২০২৬য়ে ভাৰত–ইএফটিএ আৰু ভাৰত–লিকটেনষ্টাইনৰ অৰ্থনৈতিক সম্পৰ্কক অধিক গতি প্ৰদান কৰে।
বৈঠকত ভাৰত–ইএফটিএ টেপাৰ অধীনত সৃষ্টি হোৱা সুযোগসমূহৰ সহায় লৈ অৰ্থনৈতিক সংযোগ গভীৰ আৰু শক্তিশালী কৰি তোলাৰ লগতে অধিক স্থিতিস্থাপক বাণিজ্য আৰু বিনিয়োগ অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে ভাৰত আৰু লিকটেনষ্টাইনৰ উমৈহতীয়া প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা হয়।
***
C N Abhijith Narayanan/ Abhimanyu Panwar/DD