পোষ্ট কৰা হৈছে:
27 OCT 2026 6:40PM by PIB Guwahati
২০২৬ চনৰ ২৬ অক্টোবৰত থানেৰ মেছাৰ্ছ সূৰ্যদীপ্ত প্ৰজেক্টছ প্ৰাইভেট লিমিটেডত প্ৰথম ছুলাজ বাৰ্জ (গজ ১৪২), তৃতীয় ছুলাজ বাৰ্জৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি (গজ ১৪৪) আৰু প্ৰথম বটম অ’পেনিং ডাম্ব বাৰ্জ (গজ১৪৮)ৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰা হয়। উন্মোচন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে যুদ্ধজাহাজ উৎপাদন আৰু অধিগ্ৰহণৰ সহকাৰী নিয়ন্ত্ৰক আৰ এ ডি এম কপিল মেহতা।
২০২৪ চনৰ নৱেম্বৰ আৰু ২০২৬ চনৰ জানুৱাৰীত এম এছ এম ই শ্বিপয়াৰ্ড থানেৰ মেছাৰ্ছ সূৰ্যদীপ্ত প্ৰজেক্টছ প্ৰাইভেট লিমিটেডৰ সৈতে চাৰিটা ৩০০ টি ছুলাজ বাৰ্জ আৰু থ্ৰী বটম অ’পেনিং ডাম্ব বাৰ্জ নিৰ্মাণৰ চুক্তি সম্পাদন কৰা হয়।
এই বাৰ্জসমূহ ক্ৰমে ভাৰতীয় জাহাজ ডিজাইন ফাৰ্ম আৰু ইণ্ডিয়ান ৰেজিষ্টাৰ অৱ শ্বিপিং (আই আৰ এছ)ৰ সহযোগত জাহাজ নিৰ্মাণ কাৰখানাটোৱে থলুৱাভাৱে নিৰ্মাণ কৰিছে। ভাৰতীয় নৌসেনাৰ মঞ্চসমূহৰ পৰিচালনা আৰু মাৰ্প’লৰ নিয়ম মানি চলাত এই বাৰ্জসমূহে সহায় কৰিব।
এই বাৰ্জসমূহ ভাৰত চৰকাৰৰ মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ গৌৰৱময় ধ্বজাবাহী।
_20261027184116_f22c34.jpeg)
_20261027184126_f2136b.jpeg)
VM/SPS/DD