পোষ্ট কৰা হৈছে:
26 OCT 2026 8:08PM by PIB Guwahati
গুৱাহাটীত চলি থকা শিল্প সমাগম মেলা চমুকৈ এছএছএম ২০২৬-এ দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰি আহিছে, যিয়ে ভাৰতৰ বৈচিত্ৰ্যময় পৰম্পৰাগত হস্তশিল্প, হস্ততাঁত সামগ্ৰী আৰু থলুৱা শিল্পকলাৰ জীৱন্ত প্ৰদৰ্শনী দাঙি ধৰিছে।
মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনায় যে ২১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই মেলাই সমগ্ৰ দেশৰ শিল্পীসকলক তেওঁলোকৰ সামগ্ৰীসমূহ পোনপটীয়াকৈ গ্ৰাহকৰ ওচৰত প্ৰদৰ্শন আৰু বিক্ৰী কৰাৰ সুযোগ প্ৰদান কৰিছে; লগতে উদ্যোগশীলতা, বজাৰ সংযোগ আৰু বহনক্ষম জীৱিকাৰ সুযোগসমূহক উৎসাহিত কৰিছে।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই আঠদিনীয়া মেলাখন গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্ম গেটত চলি আছে আৰু ২৮ অক্টোবৰ ২০২৬ তাৰিখলৈকে চলিব। মেলাখন পুৱা ১১:০০ বজাৰ পৰা নিশা ৯:০০ বজালৈ দৰ্শনাৰ্থীৰ বাবে খোলা থাকিব।
বিষয়াজনে কয় যে ২০২৬ চনৰ ১৯ অক্টোবৰত কৰ্ণাটকৰ মহীশূৰৰ দশহৰা প্ৰদৰ্শনী পথাৰত প্ৰথম সংস্কৰণ সফলতাৰে সমাপ্ত হোৱাৰ পিছত, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে শিল্প সমাগম শৃংখলাৰ দ্বিতীয়খন মেলা হৈছে গুৱাহাটীৰ এই সংস্কৰণটো।
৭৫ গৰাকী শিল্পীয়ে পৰম্পৰাগত সামগ্ৰী প্ৰদৰ্শন কৰিছে
৩১ গৰাকী মহিলা শিল্পীকে ধৰি সৰ্বমুঠ ৭৫ গৰাকী শিল্পীয়ে গুৱাহাটীৰ মেলাখনত অংশগ্ৰহণ কৰিছে আৰু হস্ততাঁত তথা হস্তশিল্পৰ প্ৰায় ৪০ বিধ সামগ্ৰী প্ৰদৰ্শন কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ শিল্পীসকলৰ অংশগ্ৰহণেৰে এই প্ৰদৰ্শনীয়ে ভাৰতৰ সমৃদ্ধ কলাত্মক পৰম্পৰা, থলুৱা দক্ষতা আৰু আঞ্চলিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে।
দৰ্শনাৰ্থীসকলে বিভিন্ন ধৰণৰ ৰঙীণ আৰু স্বকীয় সামগ্ৰীসমূহ চাই আনন্দ লাভ কৰিছে, যিয়ে অংশগ্ৰহণকাৰী শিল্পীসকলক পোনপটীয়া বিক্ৰীৰ জৰিয়তে উপাৰ্জন কৰা, সম্ভাৱ্য গ্ৰাহকৰ সৈতে সম্পৰ্ক স্থাপন কৰা আৰু নিজৰ বজাৰৰ পৰিসৰ বৃদ্ধি কৰাৰ সুযোগ প্ৰদান কৰিছে। এই মেলাই পৰম্পৰাগত শিল্পকলা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ সৈতে জড়িত দক্ষতাসমূহৰ প্ৰতি ৰাইজৰ অধিক সমাদৰক উৎসাহিত কৰিছে।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰা সংগীত আৰু নৃত্য প্ৰদৰ্শনকে ধৰি স্থানীয় তথা অন্যান্য শিল্পীসকলৰ দৈনিক সাংস্কৃতিক কাৰ্যসূচীয়ে মেলাখনৰ আকৰ্ষণ আৰু অধিক বৃদ্ধি কৰিছে। এই অনুষ্ঠানসমূহে দেশৰ বৈচিত্ৰ্যময় হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ সমান্তৰালকৈ দৰ্শনাৰ্থীসকলক অঞ্চলটোৰ সাংস্কৃতিক পৰম্পৰা উপভোগ কৰাৰ সুযোগ দিছে। অনুষ্ঠানস্থলীৰ বাহিৰতো জনসাধাৰণক সামৰি ল’বলৈ এই সাংস্কৃতিক কাৰ্যসূচীসমূহ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হৈছে।
মন্ত্ৰালয়ৰ সমৰ্পিত পেভিলিয়নে কল্যাণমূলক আঁচনিসমূহ তুলি ধৰিছে
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ কল্যাণমূলক, আৰ্থিক সাহায্য আৰু উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে তথ্য প্ৰচাৰৰ বাবে মেলাখনত সমৰ্পিত মন্ত্ৰালয় পেভিলিয়ন স্থাপন কৰা হৈছে।
এই পেভিলিয়নত মন্ত্ৰালয়ৰ তিনিখন ৰাষ্ট্ৰীয় নিগমৰ দ্বাৰা ৰূপায়িত আঁচনি আৰু কাৰ্যসূচীসমূহো প্ৰদৰ্শন কৰা হৈছে, যাৰ ফলত দৰ্শনাৰ্থীসকলে যোগ্য হিতাধিকাৰীসকলৰ বাবে থকা সহায়-সহযোগিতাৰ বিষয়ে জানিব পাৰিছে।
মন্ত্ৰালয়ৰ আঁচনি আৰু কাৰ্যসূচীসমূহৰ তথ্যমূলক বিষয়বস্তু ধাৰাবাহিকভাৱে প্ৰদৰ্শনৰ উদ্দেশ্যে পেভিলিয়নত এলইডি ডিচপ্লে’ স্থাপন কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সামাজিক আৰু অৰ্থনৈতিক সবলীকৰণ, উদ্যোগশীলতা তথা জীৱিকা সৃষ্টিত সহায়ক হোৱা চৰকাৰী পদক্ষেপসমূহৰ বিষয়ে ৰাইজৰ সজাগতা বৃদ্ধি কৰা।
দৰ্শনাৰ্থীসকলক কল্যাণমূলক আঁচনিৰ বিষয়ে পোনপটীয়াকৈ তথ্য যোগান ধৰি এই পেভিলিয়নে মেলাখনৰ বজাৰমুখী কাৰ্যকলাপৰ সমান্তৰালকৈ শিল্পী আৰু যোগ্য সম্প্ৰদায়সমূহৰ বাবে উপলব্ধ প্ৰতিষ্ঠানিক সহায়-সহযোগিতাৰ প্ৰতি অধিক সজাগতা গঢ়ি তুলিছে।
ভাৰত-টিউলিপ আৰু বজাৰ সংযোগৰ প্ৰসাৰ
শিল্প সমাগম মেলাৰ এটা প্ৰধান লক্ষ্য হৈছে ভাৰত-টিউলিপ অৰ্থাৎ পৰম্পৰাগত শিল্পী উন্নয়ন জীৱিকা কাৰ্যসূচীৰ প্ৰসাৰ ঘটোৱা, যিয়ে লক্ষ্যভুক্ত গোটসমূহৰ শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ প্ৰত্যক্ষ বিপণী আৰু ই-কমাৰ্চ প্লেটফৰ্মৰ জৰিয়তে বিপণন কৰাত সহায় কৰিব বিচাৰে।
অধিক বিস্তৃত বজাৰ আৰু ডিজিটেল বিক্ৰী মাধ্যমসমূহৰ সুবিধা প্ৰদান কৰি এই পদক্ষেপে গ্ৰাহকৰ পৰিসৰ বৃদ্ধি কৰিবলৈ, বজাৰ সংযোগ শক্তিশালী কৰিবলৈ আৰু শিল্পীসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে অতিৰিক্ত সুযোগ সৃষ্টি কৰিবলৈ প্ৰয়াস চলাইছে। লগতে শিল্পীসকল আৰু তেওঁলোকৰ সামগ্ৰীসমূহক ক্ৰমবিকাশশীল গ্ৰাহক বজাৰৰ সৈতে সংযোগ কৰি পৰম্পৰাগত কলা আৰু শিল্পৰ নিৰন্তৰ প্ৰসাৰতো ই সহায় কৰে।
মেলাখনে অংশগ্ৰহণকাৰী শিল্পীসকলক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ, গ্ৰাহকৰ পৰা পোনপটীয়া প্ৰতিক্ৰিয়া লাভ কৰিবলৈ আৰু ধাৰাবাহিক ব্যৱসায়িক বিকাশৰ সুযোগসমূহ অন্বেষণ কৰিবলৈ এখন সমৰ্পিত মঞ্চ প্ৰদান কৰে। এই দৃষ্টিভংগীয়ে অৰ্থনৈতিক স্বাৱলম্বিতাক সমৰ্থন জনাবলৈ পৰম্পৰাগত শিল্পকলাৰ প্ৰসাৰৰ সৈতে বজাৰমুখী পদক্ষেপসমূহৰ এক সমন্বয় সাধন কৰে।
আৰ্থ-সামাজিক সবলীকৰণক আগুৱাই লৈ যোৱা
শিল্প সমাগম মেলা হৈছে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, যাৰ জৰিয়তে ইয়াৰ তিনিটা ৰাষ্ট্ৰীয় নিগম— ৰাষ্ট্ৰীয় অনুসূচীত জাতি বিত্ত আৰু উন্নয়ন নিগম চমুকৈ এনএছএফডিচি, ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগম চমুকৈ এনএছকেএফডিচি, আৰু ৰাষ্ট্ৰীয় অনগ্ৰসৰ শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগম চমুকৈ এনবিচিএফডিচিৰ সৈতে জড়িত শিল্পী আৰু হিতাধিকাৰীসকলক বিপণন সাহায্য প্ৰদান কৰা হয়।
মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী আৰু “সবকা সাথ, সবকা বিকাশ” নীতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই পদক্ষেপে অনুসূচীত জাতি চমুকৈ এছচি, অন্যান্য অনগ্ৰসৰ শ্ৰেণী চমুকৈ অবিচি, চাফাই মিত্ৰ আৰু অধিসূচিত জনজাতি চমুকৈ ডিএনটি সম্প্ৰদায়ৰ শিল্পীসকলৰ অৰ্থনৈতিক সবলীকৰণক উৎসাহিত কৰে।
পৰম্পৰাগত সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ লগতে এই মেলাই চৰকাৰী কল্যাণমূলক আৰু উন্নয়নমূলক আঁচনিসমূহৰ প্ৰতি সজাগতা বৃদ্ধি কৰা, উদ্যোগশীলতাক শক্তিশালী কৰা আৰু বহনক্ষম জীৱিকাৰ সুযোগসমূহ সহজ কৰি তোলাৰ প্ৰয়াস চলায়। শিল্পীসকলে যাতে নিজৰ পৰম্পৰাগত দক্ষতাক কাৰ্যকৰী অৰ্থনৈতিক সুযোগলৈ ৰূপান্তৰ কৰিব পাৰে, তাৰ বাবে ই বজাৰ সংযোগ, জনসাধাৰণৰ অংশগ্ৰহণ আৰু তথ্য প্ৰচাৰক একত্ৰিত কৰে।
শিল্প সমাগম মেলাৰ দৰে পদক্ষেপসমূহৰ জৰিয়তে মন্ত্ৰালয়ে যোগ্য সম্প্ৰদায়সমূহৰ সামগ্ৰীসমূহৰ দৃশ্যমানতা বৃদ্ধি কৰি, শিল্পী আৰু গ্ৰাহকৰ মাজত পোনপটীয়া যোগাযোগক উৎসাহিত কৰি তথা ভাৰতৰ সমৃদ্ধ হস্ততাঁত, হস্তশিল্প আৰু সাংস্কৃতিক পৰম্পৰা সংৰক্ষণত সহায় আগবঢ়াই তেওঁলোকৰ আৰ্থ-সামাজিক সবলীকৰণৰ দিশত প্ৰচেষ্টা নিৰন্তৰভাৱে আগুৱাই লৈ গৈছে।



****
PR-188-TAR/KV/GA/RK/MM