জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশেষ অভিযান ৬: জল সম্পদ বিভাগ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ সাফল্য

পোষ্ট কৰা হৈছে: 23 OCT 2026 1:40PM by PIB Guwahati

ভাৰত চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ তত্বাৱধানত চলিত বৰ্ষৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰৰ ভিতৰত জল শক্তি মন্ত্ৰালয়ৰ ডি ও ডব্লিউ আৰ, আৰ ডি এণ্ড জি আৰৰ দ্বাৰা বিশেষ অভিযান ৬ পৰিচালনা কৰা হৈছে। এই অভিযানৰ লক্ষ্য হৈছে অমীমাংসিত বিষয়সমূহৰ সমাধান ত্বৰান্বিত কৰা আৰু চৰকাৰী কাৰ্যালয়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসাৰ কৰা।

ডি ও ডব্লিউ আৰ, আৰ ডি এণ্ড জি আৰৰ সচিব শ্ৰীমতী অৰ্চনা বাৰ্মাই বিভাগৰ সকলো সংস্থাৰ মুৰব্বী/জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিশেষ অভিযান ৬ৰ অধীনত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই অভিযানৰ লক্ষ্যত উপনীত হ'বলৈ বিভাগ আৰু ইয়াৰ সংগঠনসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাক লৈ তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে বকেয়া বিষয়বোৰ সোনকালে নিষ্পত্তি কৰিবলৈ উপযুক্ত উপায় ব্যৱহাৰ কৰিব পাৰি।

ডি ও ডব্লিউ আৰ, আৰ ডি এণ্ড জি আৰ আৰু ইয়াৰ সংস্থাসমূহে সক্ৰিয়ভাৱে এই অভিযানৰ কাম-কাজ হাতত লৈছে। কৰ্মসূচী অনুসৰি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে।

বিশেষ অভিযান ৬ৰ অধীনত ১৯ অক্টোবৰ পৰ্যন্ত বিভাগৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা ধৰণৰঃ

 

ক্ৰমিক নং

পৰিমাপ

লক্ষ্য

সাফল্যসমূহ

সাফল্যৰ শতকৰা হাৰ

১

আই এম চি (কেবিনেট নোট)

১

১

১০০

২

সৰলীকৰণৰ বাবে নিয়ম/প্ৰক্ৰিয়া

২

২

১০০

৩

পি এম অ'ৰ তথ্যসূত্ৰসমূহ

২৯

২৫

৮৬.২

৪

ৰাজহুৱা অভিযোগ

১৯০

১৬১

৮৪.৭

৫

পুনৰীক্ষণ কৰিবলগীয়া প্ৰকৃত ফাইলসমূহ

৭৭২৪

৬২০০

৮০.২

৬

স্থানসমূহ পৰিষ্কাৰ কৰা

৩৭১

২৭৮

৭৪.৯

৭

ৰাজ্য চৰকাৰৰ তথ্য সূত্ৰসমূহ

৭

৫

৭১.৪

৮

সংসদৰ আশ্বাসসমূহ

৩২

২২

৬৮.৭

৯

পি জি আপীলসমূহ

৬১

৩৭

৬০.৬

১০

এম পি (ভি আই পি) তথ্যসূত্ৰ

৯৮

৫৬

৫৭.১

১১

পৰ্যালোচনা কৰিবলগীয়া ই-ফাইলসমূহ

৬৪৪৩

৩৪৬০

৫৩.৭

১২

ই-আৱৰ্জনা নিষ্পত্তি (সামগ্ৰীৰ সংখ্যা)

১৫১৫

১৮২

১২

 

ইয়াৰ উপৰিও, স্ক্রেপ নিষ্পত্তিৰ জৰিয়তে ১৩,১৩,৭৪৮ টকাৰ ৰাজহ সৃষ্টি কৰা হৈছে, ১৪৫৬টা প্ৰকৃত নথি পত্ৰ নিষ্কাশন কৰা হৈছে, ৮৩৫টা ই-ফাইল বন্ধ কৰা হৈছে আৰু ৯০১ বৰ্গফুট স্থান মুক্ত কৰা হৈছে।

স্বচ্ছতা অভিযানৰ অধীনত সামৰি লোৱা স্থানসমূহৰ 'আগতে' আৰু 'পিছত' অৱস্থাৰ ফটো তোলা/ভিডিঅ' গ্ৰাফ কৰা হৈছে আৰু প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ (ডি এ আৰ এণ্ড পি জি) প'ৰ্টেলত দৈনিক ভিত্তিত এই অভিযানৰ সন্দৰ্ভত আপলোড কৰা হৈছে।

গণ সজাগতাৰ বাবে বিশেষ অভিযান ৬-ৰ অধীনত বিভাগ/ইয়াৰ সংগঠনসমূহৰ সাফল্যৰ ওপৰত আলোকপাত কৰি বিভিন্ন ছ'চিয়েল মিডিয়া হেণ্ডেলত পি আই বিৰ এটা প্ৰেছ বিজ্ঞপ্তি আৰু ৬৮টা টুইট প্ৰকাশ কৰা হৈছে।

 

 

********

ND/HM/US
 


(ৰিলিজ আই ডি : 2327391) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil