পোষ্ট কৰা হৈছে:
22 OCT 2026 6:24PM by PIB Guwahati
বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে (ডি এছ টি) আজি বিশেষ অভিযান ৬ৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বিভাগৰ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বিভাগৰ অধীনস্থ স্বায়ত্তশাসিত প্ৰতিষ্ঠান আৰু অধীনস্থ সংস্থাসমূহৰ মুৰব্বীসকলে ভাগ লয় । বৈঠকত এই অভিযানৰ ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ৰূপায়ণৰ বাকী সময়ছোৱাত ইয়াৰ কাম-কাজ ত্বৰান্বিত কৰাৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকৰ আৰম্ভণিতে যুটীয়া সচিব (প্ৰশাসন) তথা বিশেষ অভিযান ৬ৰ ন’ডেল বিষয়াই অভিযানটোৰ এক বিস্তৃত পৰ্যালোচনা দাঙি ধৰে। লগতে ২১ অক্টোবৰৰ পৰ্যন্ত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ তথা ইয়াৰ অধীনস্থ সংস্থাসমূহে লাভ কৰা অগ্ৰগতিৰ বিষয়ে অংশগ্ৰহণকাৰীসকলক অৱগত কৰোৱা হয়। বৈঠকত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, পেলনীয়া সামগ্ৰীৰ নিষ্পত্তি, স্থানৰ ব্যৱস্থাপনা, নথি-পত্ৰৰ ব্যৱস্থাপনা, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু সামাজিক মাধ্যমত জনসম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত লাভ কৰা সাফল্যসমূহৰ ওপৰত আলোকপাত কৰা হয়। ইয়াৰ লগতে অভিযান ৰূপায়ণৰ বাকী সময়ছোৱাৰ বাবে নিৰ্ধাৰিত অগ্ৰাধিকাৰসমূহো উল্লেখ কৰা হয়। এতিয়ালৈকে লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক উমেশ ভি ৱাঘমাৰে বিভাগটোৰ সকলো শাখা আৰু সংস্থাই গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। লগতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত লক্ষ্যসমূহ পূৰণৰ বাবে অভিযানৰ কাৰ্যকলাপ অধিক তীব্ৰতৰ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। সচিবগৰাকীয়ে সকলো সংস্থাকে পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলোৱাৰ বাবে অতিৰিক্ত স্থান চিনাক্ত কৰিবলৈ, পেলনীয়া সামগ্ৰীৰ নিষ্পত্তিৰ কাম ত্বৰান্বিত কৰিবলৈ, কাৰ্যালয়ৰ স্থানৰ বিস্তৃত নিৰীক্ষণ কৰিবলৈ আৰু পেলনীয়া সামগ্ৰী নিষ্পত্তিৰ ফলত খালী হোৱা স্থানসমূহ উৎপাদনশীল তথা দৃষ্টিনন্দনভাৱে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে পেলনীয়া সামগ্ৰী নিষ্পত্তিৰ পৰা হোৱা ৰাজহৰ তথ্য তৎকালেই বিভাগক জনোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰি সকলো স্বায়ত্তশাসিত প্ৰতিষ্ঠান আৰু সংস্থাক তেওঁলোকৰ সকলো ক্ষেত্ৰীয় কাৰ্যালয়তে অভিযানটোৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সচিবগৰাকীয়ে সকলো সংস্থাকে চৰকাৰী সামাজিক মাধ্যমৰ মঞ্চ আৰু প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ জৰিয়তে প্ৰতিদিনে অভিযানৰ কাৰ্যকলাপসমূহ প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে অভিযান সম্পৰ্কীয় প্ৰতিটো প’ষ্টতে #SpecialCampaign6 হেশ্বটেগ ব্যৱহাৰ কৰিব লাগিব, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ চৰকাৰী সামাজিক মাধ্যমৰ একাউণ্টসমূহক টেগ কৰিব লাগিব আৰু অভিযানৰ উপযুক্ত প্ৰতীক তথা পৰিচিতি সংযোজন কৰিব লাগিব। অধিকসংখ্যক লোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে হিতাধিকাৰীসকলৰ অভিজ্ঞতা, উত্তম পদ্ধতি আৰু সফলতাৰ কাহিনী চুটি ভিডিঅ’, তথ্যচিত্ৰধৰ্মী চিত্ৰ আৰু ফটোগ্ৰাফৰ জৰিয়তে নথিভুক্ত কৰি প্ৰচাৰ কৰিবলৈও সংস্থাসমূহক উৎসাহিত কৰা হয়। বৈঠকত উল্লেখ কৰা হয় যে ২১ অক্টোবৰ পৰ্যন্ত বিশেষ অভিযান ৬ৰ অধীনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ তথা ইয়াৰ অধীনস্থ সংস্থাসমূহত মুঠ ৪৭৩টা পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান সম্পন্ন কৰা হৈছে। ইয়াৰ ফলত ০.৭৮ লাখ বৰ্গফুট কাৰ্যালয়ৰ স্থান মুকলি কৰা হৈছে। পেলনীয়া সামগ্ৰী নিষ্পত্তিৰ জৰিয়তে ১১.৩০ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰা হৈছে। ইয়াৰ উপৰি, ৭,১৩৮টা ফাইল পৰ্যালোচনা কৰা হৈছে, যাৰ ভিতৰত ২,৯২৬টা ফাইল নিষ্পত্তি কৰা হৈছে। একেদৰে, ১,৯৬০ ই-ফাইল পৰ্যালোচনা কৰা হৈছে আৰু ১,০১৩টা ই-ফাইল বন্ধ কৰা হৈছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মুখ্য কাৰ্যালয় তথা ইয়াৰ অধীনস্থ সংস্থাসমূহে প্ৰকাশ কৰা তিনিটা প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ বিবৃতি আৰু ৭৭টা সামাজিক মাধ্যমৰ প’ষ্টৰ জৰিয়তেও জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰচেষ্টা অধিক শক্তিশালী কৰা হৈছে। সচিবগৰাকীয়ে আশা প্ৰকাশ কৰে যে সকলো সংস্থাৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে বিভাগটোৱে বিশেষ অভিযান ৬ৰ লক্ষ্যসমূহ সফলতাৰে পূৰণ কৰিবলৈ সক্ষম হ’ব। লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা, নথি-পত্ৰৰ দক্ষ ব্যৱস্থাপনা, কাৰ্যালয়ৰ স্থানৰ সৰ্বোত্তম ব্যৱহাৰ, স্বচ্ছতা আৰু নাগৰিককেন্দ্ৰিক প্ৰশাসনৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতি অধিক শক্তিশালী হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

NKR/FT/AA/PB