সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ড্ৰাগছৰ বিৰুদ্ধে জম্মু-কাশ্মীৰ চৰকাৰে গ্ৰহণ কৰা তৃণমূল পৰ্যায়ৰ কল্যাণমূলক পদক্ষেপ তথা চৰকাৰী দৃষ্টিভংগীৰ প্ৰশংসা কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব শ্ৰী সুধাংশ পন্টৰ

কল্যাণমূলক আঁচনিৰ সুবিধা সকলো যোগ্য হিতাধিকাৰীৰ মাজত সৰ্বাত্মকভাৱে উপলব্ধ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰিলে জম্মু-কাশ্মীৰৰ মুখ্য সচিব অতল ডুল্লোৱে

পোষ্ট কৰা হৈছে: 22 OCT 2026 7:45PM by PIB Guwahati

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ সচিব সুধাংশ পণ্টে আজি জম্মু-কাশ্মীৰত সামাজিক কল্যাণমূলক আঁচনিসমূহৰ অধীনত তৃণমূল পৰ্যায়ত গ্ৰহণ কৰা ব্যাপক প্ৰচেষ্টাৰ লগতে ড্ৰাগছৰ অপব্যৱহাৰ ৰোধৰ বাবে গ্ৰহণ কৰা সমন্বিত পদক্ষেপৰ প্ৰশংসা কৰে। তেওঁ কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ এই প্ৰচেষ্টাক প্ৰশংসনীয় আৰ্হি বুলি অভিহিত কৰে, যিটো দেশৰ আন আন অঞ্চলতো ৰূপায়ণ কৰিব পৰা যায়। জম্মু-কাশ্মীৰত বিভিন্ন সামাজিক কল্যাণমূলক আঁচনি আৰু কাৰ্যসূচীৰ ৰূপায়ণৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনাৰ সময়ত শ্ৰী পণ্টে এই মন্তব্য কৰে। বৈঠকখনত তেওঁ আৰু জম্মু-কাশ্মীৰৰ মুখ্য সচিব অতল ডুল্লোৱে যুটীয়াভাৱে অধ্যক্ষতা কৰে। বৈঠকত অতিৰিক্ত মুখ্য সচিব (গৃহ), আয়ুক্ত সচিব (শিক্ষা), সামাজিক কল্যাণ বিভাগৰ সচিব, স্বাস্থ্য বিভাগৰ সচিব, কাশ্মীৰৰ সামাজিক কল্যাণ বিভাগৰ সঞ্চালক প্ৰধান, জম্মুৰ সামাজিক কল্যাণ বিভাগৰ সঞ্চালক, শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ মুৰব্বী, অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী পৰিষদৰ সচিবৰ লগতে সংশ্লিষ্ট আন বিভাগসমূহৰ বিষয়াসকল উপস্থিত থাকে। তৃণমূল পৰ্যায়লৈ কল্যাণমূলক ব্যৱস্থাসমূহৰ সুবিধা সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰি কেন্দ্ৰীয় সচিবগৰাকীয়ে কয় যে গাঁও আৰু পঞ্চায়তসমূহত চলোৱা প্ৰচাৰে অন্তৰ্ভুক্তিমূলক কল্যাণমূলক সেৱা প্ৰদানৰ প্ৰতি থকা দৃঢ় প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে। তেওঁ বিশেষভাৱে ড্ৰাগছৰ ভয়াৱহতাৰ বিৰুদ্ধে জম্মু-কাশ্মীৰে গ্ৰহণ কৰা সমন্বিত অভিযানৰ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ চৰকাৰৰ সমন্বিত দৃষ্টিভংগীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা লাভ কৰিছে আৰু ই আন অঞ্চলসমূহৰ বাবেও এক সফল আৰ্হি হিচাপে কাম কৰিব পাৰে। ব্যক্তিগত হিতাধিকাৰীকেন্দ্ৰিক আঁচনিসমূহৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় সচিবগৰাকীয়ে ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক, নিঃসহায় মহিলা আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে যাতে অৰ্থপূৰ্ণ ফলাফল প্ৰদান কৰে, সেয়া নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ প্ৰশাসনক হিতাধিকাৰীসকলৰ প্ৰত্যক্ষ অভিজ্ঞতা আৰু বক্তব্য নথিভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। লগতে এই পদক্ষেপসমূহৰ জৰিয়তে সৃষ্টি হোৱা হাজাৰ হাজাৰ সফলতাৰ কাহিনী জনসাধাৰণৰ সন্মুখত দাঙি ধৰিবলৈ আহ্বান জনায়, যাতে এই বিষয়ে অধিক সজাগতা সৃষ্টি হয় আৰু সমগ্ৰ দেশতে ইয়াৰ প্ৰভাৱ বৃদ্ধি পায়। ভিক্ষাবৃত্তিৰ সৈতে জড়িত লোকসকলৰ পুনৰ্সংস্থাপনৰ বিষয়টো পৰ্যালোচনা কৰি শ্ৰী পণ্টে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ নগৰাঞ্চলসমূহক ‘ভিক্ষাবৃত্তিমুক্ত চহৰ’ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ’বলৈ প্ৰশাসনক উৎসাহিত কৰে। তেওঁ কয় যে এনে লোকৰ সংখ্যা তুলনামূলকভাৱে কম হোৱা বাবে লক্ষ্যভিত্তিক পুনৰ্সংস্থাপন, নিৰন্তৰ সহায়-সমৰ্থন আৰু এই ক্ষেত্ৰত নিয়োজিত বেচৰকাৰী সংস্থাসমূহৰ সহযোগিতাৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰিব পৰা যাব। কেন্দ্ৰীয় সচিবগৰাকীয়ে মন্ত্ৰালয়ৰ লক্ষ্যসমূহ পূৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয়শাসিত অঞ্চলটোক সহায় কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ আৰু কৰ্মক্ষেত্ৰৰ বিষয়েও উল্লেখ কৰে। জম্মু-কাশ্মীৰৰ সামাজিক কল্যাণ বিভাগক নিৰন্তৰ দিক্‌নিৰ্দেশনা আৰু পৰামৰ্শ আগবঢ়োৱাৰ বাবে তেওঁ মুখ্য সচিব অতল ডুল্লোৰ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে বিভাগটোৰ বিভিন্নধৰণৰ দায়িত্ব ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিবলৈ একাধিক বিভাগৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ প্ৰয়োজন। এই উপলক্ষে ভাষণ দি মুখ্য সচিব অতল ডুল্লোৱে অন্তৰ্ভুক্তিমূলক বিকাশ, সামাজিক ন্যায় আৰু সমাজৰ সৱলীকৰণৰ প্ৰতি চৰকাৰৰ অটল প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰে। তেওঁ জোৰ দি কয় যে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ প্ৰশাসনে কল্যাণমূলক আঁচনিসমূহৰ সুবিধা সকলো যোগ্য আৰু প্ৰাপ্য হিতাধিকাৰীৰ মাজত সৰ্বাত্মকভাৱে উপলব্ধ কৰাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বিশেষকৈ সমাজৰ বঞ্চিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াৰ উপৰি মুখ্য সচিবগৰাকীয়ে জম্মু-কাশ্মীৰৰ বিভিন্ন হিতাধিকাৰী গোটৰ জনসংখ্যাগত পৰিচয়, তেওঁলোকৰ উন্নয়নৰ বাবে উপলব্ধ কল্যাণমূলক ব্যৱস্থা আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা তথা অত্যাচাৰ, বৈষম্য আৰু হাৰাশাস্তি ৰোধ কৰাৰ বাবে স্থাপন কৰা আইনী, প্ৰতিষ্ঠানিক আৰু নিয়ামক সুৰক্ষাব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে। তেওঁ এই পদক্ষেপসমূহৰ সুবিধা যাতে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ ওচৰ পায়, সেয়া নিশ্চিত কৰিবলৈ সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই উপলক্ষে সামাজিক কল্যাণ বিভাগৰ সচিব ডইফোডে সাগৰ দত্তাত্ৰেয়ই কেন্দ্ৰৰ পৃষ্ঠপোষকতাত ৰূপায়িত আৰু কেন্দ্ৰীয়শাসিত অঞ্চল পৰ্যায়ৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ এক বিস্তৃত বিৱৰণ দাঙি ধৰে। ইয়াত ড্ৰাগছৰ চাহিদা হ্ৰাস, শিক্ষামূলক বৃত্তি, জ্যেষ্ঠ নাগৰিকৰ কল্যাণ, পুনৰ্সংস্থাপন, অনাময় কৰ্মীৰ সুৰক্ষা, সামূহিক উন্নয়ন আৰু দুৰ্বল শ্ৰেণীৰ লোকসকলৰ আইনী সুৰক্ষাৰ বিষয়সমূহ সামৰি লোৱা হয়। ‘নিচামুক্ত জম্মু-কাশ্মীৰ ১০০ দিনীয়া অভিযান’ৰ অধীনত বিভাগটোৱে একাধিক বিভাগৰ সমন্বিত প্ৰচেষ্টাৰে ব্যাপক জনসম্পৰ্ক আৰু সজাগতা অভিযান চলোৱাৰ কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে সমগ্ৰ কেন্দ্ৰীয়শাসিত অঞ্চলটোত ৭২.১ লাখৰো অধিক জনসম্পৰ্কমূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। নিচামুক্তি চিকিৎসা কেন্দ্ৰসমূহত ৬৬,৫৯৪গৰাকী বহিঃবিভাগৰ ৰোগীক চিকিৎসা প্ৰদান কৰা হৈছে। আনহাতে, বিভাগটোৰ ড্ৰাগছৰ আসক্তি দূৰীকৰণ আৰু পুনৰ্সংস্থাপন কেন্দ্ৰসমূহত ১,০৫৩গৰাকী লোকক সেৱা আগবঢ়োৱা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে ১,১৮৭খন এফ আই আৰ পঞ্জীয়ন কৰাৰ লগতে ১,৩৪৯গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। ড্ৰাগছৰ সৰবৰাহকাৰীসকলৰ ১২৫টা স্থাৱৰ সম্পত্তি, যাৰ মূল্য ৯,৮২৮.১৭ লাখ টকা, আৰু ৬০টা অস্থাৱৰ সম্পত্তি, যাৰ মূল্য ৭০৩.৮৩ লাখ টকা, জব্দ অথবা বাজেয়াপ্ত কৰা হৈছে। বৈঠকত লগতে জনোৱা হয় যে ড্ৰাগছৰ অপব্যৱহাৰৰ বলি হোৱা লোকসকলৰ বাবে প্ৰস্তাৱিত ‘ড্ৰাগছৰ অপব্যৱহাৰৰ বলি হোৱা লোকৰ পুনৰ্সংস্থাপন আৰু আৰ্থ-সামাজিক পুনৰ্সংহতি আঁচনি, ২০২৬’-ত তিনি বছৰীয়া সুসংগঠিত আৰোগ্য লাভৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই উপলক্ষে শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ মুৰব্বী ডাঃ আৰশ্বাদ হুছেইনে নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰজনিত সমস্যাৰ সমাধানৰ বাবে জম্মু-কাশ্মীৰে গ্ৰহণ কৰা ‘চাৰ্কল অৱ কেয়াৰ’ পদ্ধতিৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। এই ত্ৰিমাত্ৰিক কৌশলৰ জৰিয়তে নিচামুক্তি চিকিৎসা কেন্দ্ৰত ভৰ্তি হোৱাৰ পৰা আৰম্ভ কৰি চিকিৎসা, পুনৰ্সংস্থাপন, সামাজিক পুনৰ্সংহতি আৰু দীৰ্ঘম্যাদী নিৰীক্ষণলৈকে নিৰৱচ্ছিন্ন সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, যাতে লোকসকলে স্থায়ীভাৱে সুস্থ হৈ উঠিব পাৰে। ইয়াৰ উপৰি, প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৪১৯খন গাঁৱক আদৰ্শ গাঁও হিচাপে উন্নয়নৰ বাবে নিৰ্বাচন কৰা হৈছে বুলি জনোৱা হয়। ইয়াৰে ২৮খন গাঁওক আদৰ্শ গ্ৰাম হিচাপে ঘোষণা কৰা হৈছে। ২০২৬–২৭ বিত্তীয় বৰ্ষত এতিয়ালৈকে মুঠ ৮১টা উন্নয়নমূলক কাম সম্পূৰ্ণ কৰা হৈছে। বৈঠকত আঁচনিখনৰ পৰৱৰ্তী পৰ্যায়সমূহ সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজনীয় পুঁজিৰ বিষয়টোও পৰ্যালোচনা কৰা হয়। বিভাগটোৱে জনায় যে পিএম-আজয় (PM-AJAY) আঁচনিৰ অনুদান-সহায় শিতানৰ অধীনত মৌলিক আন্তঃগাঁথনি, দক্ষতা বিকাশ আৰু আয় সৃষ্টিকাৰী সম্পদৰ বাবে ৪৯৬.৫৯ লাখ টকা ব্যয় কৰা হৈছে। একেদৰে, অটল বয়ো অভ্যুদয় যোজনাৰ অধীনত সমগ্ৰ কেন্দ্ৰীয়শাসিত অঞ্চলটোত ১৭টা জ্যেষ্ঠ নাগৰিকৰ আৱাসগৃহ কাৰ্যক্ষম হৈ আছে। ইয়াৰে আঠটা জম্মু সংমণ্ডলত আৰু নটা কাশ্মীৰ সংমণ্ডলত অৱস্থিত। এই আৱাসগৃহসমূহত প্ৰায় ৪৫০গৰাকী জ্যেষ্ঠ নাগৰিকে আশ্ৰয় লাভ কৰিছে। পৰ্যালোচনা বৈঠকত অন্যান্য বিষয়ৰ লগতে অন্যান্য পিছপৰা শ্ৰেণী (অবিচি), অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী (ইবিচি) আৰু যাযাবৰ তথা অৰ্ধ-যাযাবৰ জনজাতি (ডিএনটি)ৰ বাবে পিএম-যশস্বী আঁচনিৰ অধীনৰ শিক্ষামূলক বৃত্তি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে থকা বৃত্তি আঁচনিসমূহৰো পৰ্যালোচনা কৰা হয়। ২০২৬ চনৰ ১৫ অক্টোবৰলৈকে ২০২৬–২৭ শিক্ষাবৰ্ষৰ বাবে পিএম-যশস্বী আঁচনিৰ অধীনত নিৰ্ধাৰিত ২৪,৮১৭খন আবেদনৰ বিপৰীতে মুঠ ২০,৬১১খন আবেদন লাভ কৰা হৈছে। অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বৃত্তি আঁচনিসমূহৰ অধীনত ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলৰ জৰিয়তে দশম শ্ৰেণীৰ পিছৰ শিক্ষাৰ বাবে ৫,৬১৩খন আৰু দশম শ্ৰেণীৰ পূৰ্বৰ শিক্ষাৰ বাবে ২,৮৬৬খন আবেদন দাখিল কৰা হৈছে। বাকী থকা আবেদনসমূহৰ নিষ্পত্তি আৰু আধাৰ সংযোগৰ কাম ত্বৰান্বিত কৰিবলৈ বিশেষ অভিযান আৰু ব্যক্তিগতভাৱে যোগাযোগৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যান্ত্ৰিকীকৃত অনাময় ব্যৱস্থা পৰিৱেশতন্ত্ৰৰ বাবে ৰাষ্ট্ৰীয় পদক্ষেপ (NAMASTE)-ৰ অধীনত ৭৪টা নগৰীয়া স্থানীয় সংস্থাৰ অন্তৰ্গত ৭৪১গৰাকী নলা-নৰ্দমা আৰু চেপ্টিক টেংকৰ কৰ্মীৰ তথ্য সংগ্ৰহ কৰা হৈছে। ইয়াৰে ৭৩৪গৰাকীৰ তথ্য বৈধ বুলি নিশ্চিত কৰা হৈছে। ইয়াৰ উপৰি, ৫,৮৬২গৰাকী নগৰীয়া আৱৰ্জনা সংগ্ৰাহকৰ তথ্য সংগ্ৰহ কৰা হৈছে, যাৰ ভিতৰত ৪,৫০৮গৰাকীৰ তথ্য বৈধ বুলি নিশ্চিত কৰা হৈছে। বিভাগটোৱে নলা-নৰ্দমা আৰু চেপ্টিক টেংকৰ কৰ্মীসকলক ৭২১টা ব্যক্তিগত সুৰক্ষা সঁজুলিৰ কিট আৰু আৱৰ্জনা সংগ্ৰাহকসকলক ৩,৮৫৪টা কিট বিতৰণ কৰিছে। বৈঠকত নাগৰিক অধিকাৰ সুৰক্ষা কাঠামো আৰু অনুসূচিত জাতি তথা অনুসূচিত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত থকা সুৰক্ষাব্যৱস্থাসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰা হয়। এই ক্ষেত্ৰত ‘সম্বল ২.০’ পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰা ৬৬টা অনলাইন অভিযোগৰ ভিতৰত ৬৩টা অভিযোগৰ নিষ্পত্তি কৰা হৈছে। ২০২২ৰ পৰা ২০২৬ চনৰ ভিতৰত অত্যাচাৰৰ বলি হোৱা ৫০গৰাকী লোকক প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে ৫৮.৬০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আলোচনাৰ সময়ত জম্মু-কাশ্মীৰে উল্লেখ কৰে যে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে নিৰ্মাণাধীন কিছুমান ছাত্ৰাবাস প্ৰকল্পৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া ধনৰ অংশ মুকলি নকৰাৰ ফলত সেইসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত বাধাৰ সৃষ্টি হৈছে। এই সুবিধাসমূহৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় পুঁজি মুকলি কৰি দিবলৈ কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ প্ৰশাসনে মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰে। পৰ্যালোচনা বৈঠকত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ জীৱনলৈ বাস্তৱসন্মত উন্নতি কঢ়িয়াই আনিবলৈ কল্যাণমূলক পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ বাবে বিভাগসমূহৰ মাজত নিৰন্তৰ সমন্বয়, হিতাধিকাৰীসকলৰ ওচৰলৈ ফলপ্ৰসূভাৱে সেৱা আগবঢ়োৱা, ৰূপায়ণৰ ক্ষেত্ৰত থকা বাধাসমূহ সময়মতে দূৰ কৰা আৰু সফলতাৰ কাহিনীসমূহ নথিভুক্ত কৰি ব্যাপকভাৱে প্ৰচাৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।

PR-179-TAR/KV/GA/RK/PB


(ৰিলিজ আই ডি : 2327116) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी