সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীত আজিৰে পৰা আৰম্ভ ৮ দিনীয়া ‘শিল্প সমাগম মেলা ২০২৬’

৩১ গৰাকী মহিলাকে ধৰি ৭৫ গৰাকী শিল্পীয়ে প্ৰদৰ্শন কৰিব প্ৰায় ৪০ বিধ হস্ততাঁত আৰু হস্তশিল্পজাত সামগ্ৰী

অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাফাই মিত্ৰ আৰু অধিসূচনা-মুক্ত জনজাতিৰ শিল্পীসকলৰ বাবে বজাৰৰ সুবিধা, উদ্যোগীকৰণ তথা বহনক্ষম জীৱিকা প্ৰসাৰৰ লক্ষ্যৰে আয়োজন এই মেলাৰ

পোষ্ট কৰা হৈছে: 21 OCT 2026 5:35PM by PIB Guwahati

অসমৰ গুৱাহাটী মহানগৰত আজিৰে পৰা ৮ দিনীয়া ‘শিল্প সমাগম মেলা ২০২৬’ আৰম্ভ হৈছে। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই মেলা অহা ২৮ অক্টোবৰ, বুধবাৰলৈকে চলিব।

মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, গুৱাহাটীৰ খানাপাৰাস্থিত ফাৰ্ম গেটত পুৱা ১১ বজাৰ পৰা নিশা ৯ বজালৈকে এই মেলা ৰাইজৰ বাবে মুকলি থাকিব। তেওঁ উল্লেখ কৰে যে দৰ্শনাৰ্থীসকলে বিভিন্ন ধৰণৰ পৰম্পৰাগত সামগ্ৰীসমূহ উপভোগ কৰাৰ লগতে সেই শিল্পকৰ্মসমূহ ক্ৰয় কৰি শিল্পীসকলক উৎসাহিত তথা আৰ্থিকভাৱে সমৰ্থন জনাব পাৰিব।

তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি সমগ্ৰ দেশৰ শিল্পীসকলক এই মেলাই একত্ৰিত কৰিছে, যাতে ভাৰতৰ চহকী তথা বৈচিত্ৰ্যপূৰ্ণ পৰম্পৰাগত হস্তশিল্প আৰু হস্ততাঁত শিল্পৰ ঐতিহ্যক সুন্দৰভাৱে তুলি ধৰিব পৰা যায়।

বিষয়াজনে সদৰী কৰে যে মেলাখনত ৩১ গৰাকী মহিলাকে ধৰি মুঠ ৭৫ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে প্ৰায় ৪০ বিধ ভিন্ন ধৰণৰ হস্ততাঁত তথা হস্তশিল্পজাত সামগ্ৰী প্ৰদৰ্শন কৰিছে।

তেওঁ কয় যে এই অনুষ্ঠানে অংশগ্ৰহণকাৰী শিল্পীসকলক নিজৰ উৎপাদিত সামগ্ৰীসমূহ দৰ্শনাৰ্থীৰ আগত প্ৰত্যক্ষভাৱে প্ৰদৰ্শন আৰু বিক্ৰী কৰিবলৈ, সম্ভাৱ্য গ্ৰাহকসকলৰ সৈতে সম্পৰ্ক গঢ়ি তুলিবলৈ আৰু বজাৰ সম্প্ৰসাৰণৰ নতুন সুযোগ অন্বেষণ কৰিবলৈ এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰিছে। শিল্পী আৰু গ্ৰাহকৰ মাজত প্ৰত্যক্ষ যোগাযোগ সম্ভৱ কৰি তুলি এই মেলাই বজাৰৰ সুবিধা অধিক সুদৃঢ় কৰা, উদ্যোগীকৰণক উৎসাহিত কৰা আৰু অংশগ্ৰহণকাৰী শিল্পীসকলৰ জীৱিকাৰ সুযোগ উন্নত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলিও তেওঁ লগতে কয়।

বিষয়াজনে উল্লেখ কৰে যে গুৱাহাটী সংস্কৰণত ভাৰতৰ বিভিন্ন প্ৰান্তক প্ৰতিনিধিত্ব কৰা পৰম্পৰাগত হস্তশিল্প আৰু হস্ততাঁতজাত সামগ্ৰীৰ এক বিশাল সম্ভাৰ দাঙি ধৰা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ শিল্পীসকলৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিল্পীসকলৰ অংশগ্ৰহণে দৰ্শনাৰ্থীসকলক ভাৰতৰ কলাত্মক ঐতিহ্যৰ বৈচিত্ৰ্য, থলুৱা শিল্পকলা আৰু সাংস্কৃতিক সমৃদ্ধিক উপভোগ কৰাৰ এক সুযোগ প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে সেইসকল শিল্পীৰ দক্ষতা আৰু সৃজনীশীলতাক অধিক উৎসাহিত তথা সমাদৰ কৰা, যিসকলৰ শিল্পকৰ্মই পৰম্পৰাগত জ্ঞান আৰু হস্তশিল্প পদ্ধতিসমূহ সংৰক্ষণত বিশেষ অৰিহণা যোগাই আহিছে।

বিষয়াজনে লগতে কয় যে এই মেলাৰ এক অন্যতম মুখ্য আকৰ্ষণ হ’ব ভাৰত-টিউলিপ (ট্ৰেডিচনেল আৰ্টিচানছ আপলিফ্টমেণ্ট লাইভলীহুড প্ৰগ্ৰেম) আঁচনিৰ প্ৰচাৰ আৰু প্ৰসাৰ, যাৰ লক্ষ্য হৈছে প্ৰত্যক্ষ বিপণী আৰু ই-কমাৰ্চ প্লেটফৰ্মসমূহৰ জৰিয়তে নিৰ্ধাৰিত লক্ষ্যভুক্ত গোটৰ শিল্পীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ বিপণন সুচল কৰি তোলা। বিস্তৃত বজাৰ আৰু ডিজিটেল মাধ্যমসমূহৰ ব্যৱহাৰক উৎসাহিত কৰি এই পদক্ষেপে বজাৰৰ সংযোগ অধিক সুদৃঢ় কৰা, গ্ৰাহকৰ পৰিসৰ বৃদ্ধি কৰা আৰু শিল্পীসকলৰ উপাৰ্জন বৃদ্ধিৰ বাবে অতিৰিক্ত সুযোগ সৃষ্টি কৰাৰ লক্ষ্য ৰাখিছে। তেওঁ লগতে কয় যে শিল্পীসকল আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহক ক্ৰমবৰ্ধমান উপভোক্তা বজাৰৰ সৈতে সংযোগ কৰি এই আঁচনিয়ে পৰম্পৰাগত কলা আৰু হস্তশিল্পৰ সংৰক্ষণ তথা প্ৰসাৰতো সহায় আগবঢ়াইছে।

‘শিল্প সমাগম মেলা’ এছএছএম-২০২৬ হৈছে মন্ত্ৰালয়ৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যাৰ লক্ষ্য হৈছে ইয়াৰ অধীনস্থ তিনিটা ৰাষ্ট্ৰীয় নিগম— ৰাষ্ট্ৰীয় অনুসূচিত জাতি বিত্ত আৰু উন্নয়ন নিগম এনএছএফডিচি, ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগম এনএছকেএফডিচি আৰু ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী বিত্ত আৰু উন্নয়ন নিগম এনবিচিএফডিচি-ৰ সৈতে জড়িত শিল্পী তথা হিতাধিকাৰীসকলক বিপণনৰ সুবিধা প্ৰদান কৰা।

২০২৬ চনৰ এছএছএম-ৰ প্ৰথমটো সংস্কৰণ যোৱা ১৯ অক্টোবৰত মহীশূৰত সামৰণি পৰে। কৰ্ণাটকৰ মহীশূৰস্থিত দশেৰা প্ৰদৰ্শনী পথাৰত অনুষ্ঠিত এই ৯ দিনীয়া মেলাখনত সহস্ৰাধিক দৰ্শনাৰ্থীৰ সমাগম ঘটে।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ "সবকা সাথ, সবকা বিকাশ" নীতিৰ আধাৰত পৰিচালিত এই মেলাই অনুসূচিত জাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাফাই মিত্ৰ আৰু অধিসূচনা-মুক্ত জনজাতিৰ শিল্পীসকলৰ আৰ্থিক সৱলীকৰণক প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে। এই সম্প্ৰদায়সমূহৰ লোকে যাতে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰে, উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে আৰু বহনক্ষম জীৱিকাৰ সুযোগৰ জৰিয়তে নিজৰ আৰ্থিক স্বাৱলম্বিতা সুদৃঢ় কৰিব পাৰে, তাৰ বাবে এই মেলাই এক সুকীয়া মঞ্চ প্ৰদান কৰে।

পৰম্পৰাগত সামগ্ৰীসমূহৰ বিক্ৰী বৃদ্ধি কৰাৰ উপৰি এই মেলাই মন্ত্ৰালয় আৰু ইয়াৰ তিনিটা ৰাষ্ট্ৰীয় নিগমৰ দ্বাৰা ৰূপায়িত বিভিন্ন কল্যাণমূলক, আৰ্থিক সাহায্য আৰু উন্নয়নমূলক আঁচনিসমূহ সম্পৰ্কে দৰ্শনাৰ্থী তথা অংশগ্ৰহণকাৰী সম্প্ৰদায়সমূহৰ মাজত সজাগতা সৃষ্টিত সহায় কৰিব। এই পদক্ষেপে বিত্তীয় আৰু উন্নয়নমূলক সাহায্যৰ সৈতে বজাৰভিত্তিক সুযোগসমূহৰ সংযোগ ঘটোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷ ইয়াৰ ফলত শিল্পীসকলে নিজৰ পৰম্পৰাগত দক্ষতা আৰু কাৰুকাৰ্যক এক ফলপ্ৰসূ জীৱিকাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিব পাৰিব বুলি বিষয়াজনে প্ৰকাশ কৰে।

উল্লেখ্য, শিল্প সমাগম মেলাৰ দৰে কাৰ্যসূচীৰ জৰিয়তে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে উদ্যোগীকৰণক উৎসাহিত কৰি, বজাৰৰ সুবিধা সুচল কৰি আৰু বহনক্ষম জীৱিকাত সহায় আগবঢ়াই আৰ্থিকভাৱে অনগ্ৰসৰ সম্প্ৰদায়সমূহৰ সামাজিক-অৰ্থনৈতিক সৱলীকৰণৰ দিশত নিজৰ প্ৰচেষ্টা নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিছে।

এই মেলাই অংশগ্ৰহণকাৰী শিল্পীসকলৰ দৃশ্যমানতা বৃদ্ধি কৰিব, তেওঁলোকৰ সামগ্ৰীসমূহ সম্পৰ্কে সজাগতা সম্প্ৰসাৰিত কৰিব আৰু ভাৰতৰ চহকী হস্ততাঁত তথা হস্তশিল্প ঐতিহ্যৰ সৈতে সৰ্বসাধাৰণ ৰাইজৰ সংযোগ অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।

 

 

***

PR-175-TAR/KV/GA/RK/MM


(ৰিলিজ আই ডি : 2326393) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी