বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভিত্তি বৰ্ষ ২০২২-২৩ সাপেক্ষে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ মূল উদ্যোগসমূহৰ সাময়িক সূচক আৰু ২০২৬ চনৰ আগষ্ট মাহৰ চূড়ান্ত সূচক

পোষ্ট কৰা হৈছে: 21 OCT 2026 5:00PM by PIB Guwahati

২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ মূল উদ্যোগসমূহৰ সাময়িক সূচক (ভিত্তি বৰ্ষ ২০২২-২৩)

২০২৬ চনৰ ছেপ্টেম্বৰ মাহৰ আইচিআই-ৰ মুখ্য বিষয়সমূহ

১. ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ তুলনাত ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত মূল উদ্যোগসমূহৰ সূচক আইচিআইয়ে বাৰ্ষিক ভিত্তিত ৭.৯ শতাংশ বিকাশ লাভ কৰিছে (সাময়িক), যিটো ২০২৬ চনৰ আগষ্ট মাহত নথিভুক্ত ৫.৯ শতাংশ বিকাশৰ হাৰতকৈ (চূড়ান্ত) অধিক।

২. লোৰ আকৰ, বিদ্যুৎ, কয়লা, শোধনাগাৰজাত সামগ্ৰী, চিমেণ্ট আৰু ষ্টীলে বাৰ্ষিক ভিত্তিত ৱাইঅ’ৱাই ক্ৰমে ১৮.৪ শতাংশ, ১১.৪ শতাংশ, ১০.৭ শতাংশ, ১০.৩ শতাংশ, ৯.৮ শতাংশ আৰু ৪.৯ শতাংশ বিকাশৰ হাৰ প্ৰত্যক্ষ কৰে; আনহাতে ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত সাৰ, প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেলৰ ক্ষেত্ৰত ঋণাত্মক বিকাশ দেখা যায়।

৩. শেহতীয়া মাহবোৰত আইচিআই-ৰ সামগ্ৰিক বিকাশৰ মূল চালিকা শক্তি হৈছে কয়লা, শোধনাগাৰজাত সামগ্ৰী, ষ্টীল আৰু লোৰ আকৰ।

৪. ২০২৬ চনৰ এপ্ৰিল-ছেপ্টেম্বৰ সময়ছোৱাত আইচিআই-ৰ সঞ্চয়ী বিকাশৰ হাৰ আছিল ৫.১ শতাংশ (সাময়িক), যিটো পূৰ্ববৰ্তী বৰ্ষৰ একে সময়ছোৱাত আছিল অৰ্থাৎ ২.৫ শতাংশ।

৫. তলৰ তালিকা বা চাৰ্টসমূহত (১-ৰ পৰা ৪) বিগত ১৩ মাহৰ আইচিআই আৰু ইয়াৰ বিকাশৰ ধাৰা, ২০২৬ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ উদ্যোগভিত্তিক সূচক তথা বিকাশৰ হাৰ, আৰু ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত আইচিআই-ৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত খণ্ডভিত্তিক অৱদান দেখুওৱা হৈছে।

 

চাৰ্ট ১: আইচিআই আৰু বিকাশৰ হাৰ

(পি) – সাময়িক

চাৰ্ট ২: ২০২৬ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ খণ্ডভিত্তিক সূচক

(পি) – সাময়িক

চাৰ্ট ৩: ২০২৬ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ খণ্ডভিত্তিক বিকাশৰ হাৰ

(পি) – সাময়িক

চাৰ্ট ৪: সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত খণ্ডভিত্তিক অৱদান

(পি) – সাময়িক

 

১. ২০২৬ চনৰ আগষ্ট মাহৰ চূড়ান্ত সূচক ১১৯.২ (সাময়িক)-ৰ পৰা ১২০.৪-লৈ সংশোধন কৰা হৈছে। সেই অনুসৰি বাৰ্ষিক ভিত্তিত ৱাইঅ’ৱাই বিকাশৰ হাৰো ৪.৮ শতাংশৰ পৰা ৫.৯ শতাংশলৈ সংশোধিত হৈছে।

২. বিগত ১৩ মাহৰ মূল উদ্যোগসমূহৰ সূচক আৰু বাৰ্ষিক ভিত্তিত ৱাইঅ’ৱাই বিকাশৰ হাৰ পৰিশিষ্ট-১ আৰু পৰিশিষ্ট-২-ত দিয়া হৈছে। ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা পৰৱৰ্তী সময়ৰ আইচিআই অ’ইএ-ৰ ৱেব প’ৰ্টেলত ৱেব লিংক (https://eaindustry.nic.in/ici_download_data.asp)-ত-ত) উপলব্ধ কৰোৱা হৈছে।

৩. বাৰ্ষিক তথা সঞ্চয়ী সূচক আৰু বাৰ্ষিক ভিত্তিত ৱাইঅ’ৱাই বিকাশৰ হাৰ পৰিশিষ্ট-৩ আৰু পৰিশিষ্ট-৪-ত উল্লেখ কৰা হৈছে।

৪. প্ৰকাশৰ সময়সূচী: নিৰ্দিষ্ট মাহটোৰ আইচিআই-ৰ সাময়িক সূচক পৰৱৰ্তী মাহৰ ২০ তাৰিখে প্ৰকাশ কৰা হয় (যদিহে সেইদিনা কৰ্মদিন নহয়, নহ’লে তাৰ পৰৱৰ্তী কৰ্মদিনত)। সেই অনুক্ৰমে, ২০২৬ চনৰ অক্টোবৰ মাহৰ আইচিআই ২০২৬ চনৰ ২০ নৱেম্বৰ, শুক্ৰবাৰে প্ৰকাশ পাব।

 

***

 

Abhishek Dayal/MM


(ৰিলিজ আই ডি : 2326381) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: Urdu , Tamil , English , हिन्दी