বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

২০২৬ চনৰ ২১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ বিত্তীয় অন্তৰ্ভুক্তিকৰণ (এফআই) আঁচনিসমূহৰ বিশেষ অন্তৰ্ভুক্তিকৰণ অভিযান অনুষ্ঠিত হ’ব

উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যজুৰি বেংকসমূহে পিএমজেজেবিৱাই, পিএমএছবিৱাই আৰু এপিৱাইৰ অধীনত পঞ্জীয়ন, পিএমজেডিৱাই একাউণ্ট খোলা আৰু পুনৰ-কেৱাইচি কৰাকে ধৰি অন্যান্য সেৱাৰ বাবে বিশেষ অন্তৰ্ভুক্তিকৰণ শিবিৰৰো আয়োজন কৰিব

পোষ্ট কৰা হৈছে: 21 OCT 2026 3:32PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগ ডিএফএছয়ে ২০২৬ চনৰ ২১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ ২.৭০ লাখ গাঁও পঞ্চায়ত জিপি আৰু পৌৰ নিকায় ইউএলবিজুৰি এক দেশজোৰা বিত্তীয় অন্তৰ্ভুক্তিকৰণ বিশেষ অভিযান পৰিচালনাৰ কথা ঘোষণা কৰিছে।

এই অভিযানৰ মূল লক্ষ্য হৈছে প্ৰধানমন্ত্ৰী জন ধন যোজনা পিএমজেডিৱাই, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা পিএমজেজেবিৱাই, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা পিএমএছবিৱাই আৰু অটল পেঞ্চন যোজনা এপিৱাই নামৰ প্ৰধান বিত্তীয় অন্তৰ্ভুক্তিকৰণ আঁচনিসমূহৰ প্ৰসাৰ তথা সুবিধা প্ৰদান অধিক শক্তিশালী কৰি তোলা ৷ ইয়াৰ ফলত সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে সৰ্বাংগীণ বিত্তীয় সেৱাৰ লাভ নিশ্চিত কৰিব পৰা যাব।

ভাৰতীয় ষ্টেট বেংকৰ মহা প্ৰৱন্ধক তথা অসমৰ ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ্ছ সমিতি এছএলবিচি-ৰ আহ্বায়ক শ্ৰী সফল ত্ৰিপাঠীয়ে জানিবলৈ দিয়ে যে অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা— উত্তৰ-পূৰ্বাঞ্চলৰ এই সাতোখন ৰাজ্যজুৰি বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ বিশেষ অন্তৰ্ভুক্তিকৰণ শিবিৰসমূহ আয়োজন কৰা হ’ব। এই শিবিৰসমূহে তৃণমূল পৰ্যায়ত বিত্তীয় অন্তৰ্ভুক্তিকৰণ ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ লগতে যাতে যোগ্য হিতাধিকাৰীসকলে চৰকাৰী পৃষ্ঠপোষকতাত চলা বিভিন্ন বিত্তীয় অন্তৰ্ভুক্তিকৰণ আঁচনিৰ সুফলসমূহ লাভ কৰিব পাৰে, সেয়া সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিব।

এই অভিযানৰ সময়ছোৱাত হাতত ল’বলগীয়া প্ৰধান কাৰ্যসূচীসমূহৰ ভিতৰত আছে:

  • প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (পিএমজেজেবিৱাই), প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (পিএমএছবিৱাই) আৰু অটল পেঞ্চন যোজনা এপিৱাইৰ অধীনত পঞ্জীয়ন
  • পিএমজেজেবিৱাই আৰু পিএমএছবিৱাই-ত আধাৰ সংযোগকৰণ
  • পিএমজেডিৱাই একাউণ্ট খোলা
  • বৰ্তমানৰ পিএমজেডিৱাই আৰু অন্যান্য সঞ্চয়ী একাউণ্টসমূহৰ পুনৰ-কেৱাইচি কৰা
  • অমীমাংসিত হৈ থকা স্থানসমূহত চি-কেৱাইচি পৰিচয় নম্বৰ (আইডি) প্ৰস্তুতকৰণ
  • সঞ্চয়ী একাউণ্ট আৰু লকাৰ আদিৰ দৰে অন্যান্য সুবিধাসমূহত অমীমাংসিত হৈ থকা নমিনেচন আপডেট কৰা
  • এফআই আঁচনি, ডিজিটেল প্ৰতাৰণা আৰু দাবী নকৰাকৈ থকা বিত্তীয় সম্পত্তি সম্পৰ্কীয় ‘আপকী পুঁজি, আপকা অধিকাৰ’ শীৰ্ষক সজাগতামূলক অনুষ্ঠানৰ আয়োজন
  • যোগ্য পিএম-কিষাণ হিতাধিকাৰীসকলক সম্পূৰ্ণৰূপে সামৰি লোৱাৰ লক্ষ্যক সমৰ্থন জনাবলৈ কেচিচি আবেদনসমূহ সংগ্ৰহ কৰা
  • আগন্তুক ৰবি শস্যৰ বতৰৰ বাবে কেচিচি একাউণ্টধাৰীসকলক সম্পূৰ্ণৰূপে সামৰি লোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়ন

এই অভিযানটোৱে তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ নিচেই কাষলৈ অত্যাৱশ্যকীয় বেংকিং আৰু সামাজিক সুৰক্ষা সেৱাসমূহ লৈ গৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ কাৰ্যসূচীক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

 

***

PG/MM


(ৰিলিজ আই ডি : 2325993) অতিথি কক্ষ : 27
ত এই ৰিলিজটো পঢ়ক: English , Bengali-TR