কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বচ্ছতা বিশেষ অভিযান ৬.০-ৰ অধীনত ডিএআৰই/আইচিএআৰ-ৰ প্ৰায় ৪,০০০টা স্বচ্ছতা অভিযান ৰূপায়ণ

ডিএআৰই/আইচিএআৰৰ স্বচ্ছতা বিশেষ অভিযান ৬.০-ৰ অধীনত প্ৰায় ১.৩ লাখ বৰ্গফুট এলেকা মুকলি

সমগ্ৰ দেশজুৰি থকা নিজৰ নেটৱৰ্কৰ জৰিয়তে ডিএআৰই/আইচিএআৰ-এ স্বচ্ছতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষম পদ্ধতিক উৎসাহিত কৰিছে

পোষ্ট কৰা হৈছে: 21 OCT 2026 1:33PM by PIB Guwahati

ভাৰতীয় কৃষি গৱেষণা পৰিষদ আইচিএআৰে ইয়াৰ ১১৪টা প্ৰতিষ্ঠান, আঞ্চলিক কেন্দ্ৰ, কৃষি প্ৰযুক্তি প্ৰয়োগ গৱেষণা প্ৰতিষ্ঠান এটিএআৰআই আৰু কৃষি বিজ্ঞান কেন্দ্ৰ কেভিকেসমূহৰ সৈতে মিলি ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ এমহীয়া ‘স্বচ্ছতা বিশেষ অভিযান ৬’-ত অংশগ্ৰহণ কৰিছে।

ইয়াৰ পূৰ্বে ২০২৬ চনৰ ২ অক্টোবৰত ডিএআৰই/আইচিএআৰ-এ সমগ্ৰ দেশজুৰি থকা নিজৰ প্ৰতিষ্ঠানসমূহত চাফাই অভিযানৰ জৰিয়তে ‘স্বচ্ছতা বিশেষ অভিযান ৬.০’ আৰম্ভ কৰে। নতুন দিল্লীৰ পুছাস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান চৌহদ এনএএছচিত আয়োজিত এই অভিযানত আইচিএআৰ সদৰৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। এই পদক্ষেপে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰ্মক্ষেত্ৰ, ব্যাপক জনঅংশগ্ৰহণ আৰু নিৰৱচ্ছিন্ন স্বচ্ছতাৰ সংস্কৃতিক গঢ় দিয়াৰ এক সামূহিক সংকল্প প্ৰতিফলিত কৰি স্বচ্ছতাৰ মনোভাৱক অধিক সুদৃঢ় কৰি তোলে। লগতে, জাতিৰ পিতা মহাত্মা গান্ধীৰ জয়ন্তী উপলক্ষে তেওঁলৈ পুষ্পাঞ্জলিও অৰ্পণ কৰা হয়।

‘স্বচ্ছতা বিশেষ অভিযান ৬’-ৰ মুখ্য আকৰ্ষণসমূহ

বিভিন্ন প্ৰতিষ্ঠানসমূহত ৰূপায়িত ‘স্বচ্ছতা বিশেষ অভিযান ৬’-ৰ প্ৰধান দিশসমূহৰ ভিতৰত আছে প্ৰায় ৪,০০০টা স্বচ্ছতা কাৰ্যসূচীৰ আয়োজন, আনুমানিক ১.৩ লাখ বৰ্গফুট এলেকা আৱৰ্জনামুক্ত কৰি মুকলি কৰা আৰু ব্যৱহাৰৰ অনুপযোগী ইলেক্ট্ৰনিক তথা নন-ইলেক্ট্ৰনিক সামগ্ৰী নিষ্কাশনৰ জৰিয়তে প্ৰায় ১০ লাখ টকাৰ ৰাজহ সংগ্ৰহ। ইয়াৰ উপৰি বাকী থকা চৰকাৰী কাম-কাজসমূহৰ নিষ্পত্তিৰ বাবেও প্ৰচেষ্টা চলাই থকা হৈছে। এই কাৰ্যকলাপসমূহৰ ভিতৰত প্ৰতিষ্ঠান চৌহদ, গাঁও, পথ আৰু ৰাজহুৱা স্থানসমূহত চাফাই অভিযান তথা শ্ৰমদান; অনাময়, স্বাস্থ্যবিধি, আৱৰ্জনা ব্যৱস্থাপনা আৰু সামাজিক দায়িত্ববোধ সম্পৰ্কে বিশেষ গাঁও সভা, ‘স্বচ্ছতা সভা’ আৰু সজাগতামূলক কাৰ্যসূচী; খোজকঢ়াৰ লগতে জাৱৰ বুটলা আৰু আৱৰ্জনা নিষ্কাশন; ‘এক পেড় মা কে নাম’ পদক্ষেপকে ধৰি স্বচ্ছতা লক্ষ্য গোট চিটিইউসমূহত গছপুলি ৰোপণ তথা সেউজীকৰণ; ডাষ্টবিন বিতৰণ আৰু যথাস্থানত স্থাপন; ‘চাফাই মিত্ৰ’, অনাময় কৰ্মী আৰু স্বেচ্ছাসেৱকসকলক স্বীকৃতি প্ৰদান; আৰু চাফাই কৰা স্থানসমূহৰ পূৰ্বৰ আৰু পৰৱৰ্তী নথিকৰণৰ সৈতে সৌন্দৰ্যবৰ্ধন আদি অন্তৰ্ভুক্ত। অন্যান্য পদক্ষেপসমূহৰ ভিতৰত মেটেকাৰ পৰা কেঁচুসাৰ প্ৰস্তুত কৰাৰ দৰে বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা পদ্ধতিৰ প্ৰয়োগ আৰু উপযুক্ত নথিপত্ৰ ব্যৱস্থাপনা তথা নিষ্কাশনৰ বাবে পুৰণি নথিসমূহৰ পৰ্যালোচনা কৰি অপ্ৰয়োজনীয় ফাইলসমূহ আঁতৰোৱা কাৰ্যও সামৰি লোৱা হৈছে।

‘স্বচ্ছতা বিশেষ অভিযান ৬’-ৰ প্ৰধান ফলাফলসমূহ

এই অভিযানৰ প্ৰধান ফলাফলসমূহৰ ভিতৰত আছে স্বচ্ছতা আৰু অনাময় ব্যৱস্থাৰ প্ৰতি সামাজিক অংশগ্ৰহণ তথা সামূহিক দায়িত্ববোধ অধিক শক্তিশালী হৈ পৰা; চাফাই কৰাৰ পূৰ্বৰ আৰু পৰৱৰ্তী আলোকচিত্ৰৰ নথিকৰণেৰে নিৰ্বাচিত প্ৰতিষ্ঠান তথা ৰাজহুৱা স্থানসমূহৰ পৰিচ্ছন্নতাৰ মান উন্নত হোৱা আৰু ডাষ্টবিন বিতৰণ, আৱৰ্জনা সংগ্ৰহ তথা সজাগতামূলক অনুষ্ঠানসমূহৰ জৰিয়তে দায়িত্বশীল আৱৰ্জনা নিষ্কাশন সম্পৰ্কে সজাগতা বৃদ্ধি পোৱা। এই অভিযানে চাফাই কৰা স্থানসমূহত গছপুলি ৰোপণ আৰু সেউজীকৰণৰ জৰিয়তে স্বচ্ছতাক পৰিৱেশৰ বহনক্ষমতাৰ সৈতে একত্ৰিত কৰে, ‘চাফাই মিত্ৰ’, অনাময় কৰ্মী আৰু স্বেচ্ছাসেৱকসকলৰ অৱদানক স্বীকৃতি জনায় আৰু মেটেকাৰ পৰা কেঁচুসাৰ প্ৰস্তুতকৰণলৈ তথা পুৰণি নথি-পত্ৰসমূহৰ সঠিক পৰ্যালোচনা আৰু অপ্ৰয়োজনীয় ফাইলসমূহ আঁতৰোৱাৰ দৰে বহনক্ষম পদক্ষেপসমূহক উৎসাহিত কৰে।

ডিএআৰই/আইচিএআৰ প্ৰতিষ্ঠানসমূহৰ এই অভিযানৰ কেইটামান প্ৰধান দিশ তলত উল্লেখ কৰা হ’ল:

আইচিএআৰ-কেন্দ্ৰীয় উপকূলীয় কৃষি গৱেষণা প্ৰতিষ্ঠান: আইচিএআৰ-কেন্দ্ৰীয় উপকূলীয় কৃষি গৱেষণা প্ৰতিষ্ঠান আইচিএআৰচিচিএআৰআইত এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল ‘শ্ৰমিক সন্মান’। তাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আইচিএআৰ-চিচিএআৰআইৰ চাফাই মিত্ৰসকলক শ্বল, ফুলৰ থোপা আৰু উপহাৰেৰে সম্বৰ্ধনা জনায়। বছৰজুৰি চৌহদটো পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ নিষ্ঠাৰে সেৱা আগবঢ়োৱা সকলো চাফাই মিত্ৰৰ প্ৰতি শ্ৰদ্ধা জনাই এই সন্মান প্ৰদান কৰা হয়। এই কাৰ্যসূচীয়ে এক নিকা আৰু স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চাফাই মিত্ৰসকলৰ অমূল্য অৱদানক স্বীকৃতি জনাই স্বচ্ছতা, সেৱা আৰু শ্ৰমিক সন্মানৰ মনোভাৱক উজ্জ্বল কৰি তোলে।

আইচিএআৰ-ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান আইচিএআৰ-আইএআৰআই, নতুন দিল্লী: নতুন দিল্লীস্থিত আইচিএআৰ-ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান আইচিএআৰ-আইএআৰআই-য়ে ২০২৬ চনৰ ২ অক্টোবৰত "স্বচ্ছতাত সহভাগ – স্বচ্ছ ভাৰত, বিকশিত ভাৰত" শীৰ্ষক মূল বিষয়বস্তুৰ আধাৰত সমগ্ৰ প্ৰতিষ্ঠান চৌহদত কেইবাটাও স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰি আৰু এক পৰিষ্কাৰ তথা স্বাস্থ্যকৰ প্ৰতিষ্ঠানিক পৰিৱেশ অটুট ৰখাৰ লক্ষ্যৰে নিৰৱচ্ছিন্ন অংশগ্ৰহণৰ আহ্বান জনাই ‘স্বচ্ছ ভাৰত দিৱস’ পালন কৰে। নিজৰ ভাষণত ডিএআৰইৰ সচিব তথা আইচিএআৰৰ সঞ্চালকপ্ৰধান ডিজি ড° মাংগী লাল জাটে আইচিএআৰ-আইএআৰআইয়ে হাতত লোৱা স্বচ্ছতা অভিযানৰ শলাগ লয় আৰু স্বচ্ছতাক বছৰজোৰা কাৰ্যসূচী কৰি তোলাৰ লগতে দলীয়ভাৱে স্বচ্ছতাৰ কাম-কাজ ৰূপায়ণৰ আহ্বান জনায়। তেওঁ আলোকপাত কৰে যে স্বচ্ছতা আৰু উন্নত কৰ্মক্ষেত্ৰৰ পৰিৱেশে কৰ্মচাৰীসকলৰ সামগ্ৰিক সুস্থতাত অৰিহণা যোগায় আৰু বিজ্ঞানৰ অগ্ৰগতি তথা জনসাধাৰণৰ সুস্বাস্থ্যক সমৰ্থন কৰে। প্ৰতিষ্ঠানৰ কাম-কাজ আৰু মানসিক সুস্থতা উভয়ৰে সৈতে সংগতি ৰাখি দলীয় সমন্বয় গঢ়ি তোলা আৰু এক ইতিবাচক কৰ্ম-পৰিৱেশ সৃষ্টিৰ গুৰুত্বৰ কথা উল্লেখ কৰা হয়। শিক্ষাৰ্থীসকলক দায়বদ্ধ পেছাদাৰী ব্যক্তি তথা বিজ্ঞান আৰু সমাজলৈ ভৱিষ্যতে অৱদান আগবঢ়াব পৰাকৈ গঢ়ি তুলিবলৈ তেওঁলোকৰ সামগ্ৰিক বিকাশৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে স্বচ্ছতা অভিযানৰ সময়ছোৱাত আইচিএআৰআইএআৰআইৰ স্নাতকোত্তৰ বিদ্যালয় ছাত্ৰ একতা সভাই আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। এই প্ৰতিযোগিতাখনে শিক্ষাৰ্থীসকলক শিল্পকলাৰ জৰিয়তে স্বচ্ছতা আৰু পৰিৱেশৰ প্ৰতি দায়িত্ববোধ সম্পৰ্কে নিজৰ মনৰ ভাব প্ৰকাশ কৰাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে।

আইচিএআৰৰ প্ৰতিষ্ঠান আৰু সংস্থাসমূহে ‘আৱৰ্জনাৰ পৰা কলা’, প্লাষ্টিকমুক্ত পদক্ষেপ আৰু আৱৰ্জনা সামগ্ৰীৰ সৃষ্টিশীল ব্যৱহাৰৰ দৰে কাৰ্যসূচীৰ জৰিয়তে ৰিডিউচ, ৰিইউজ আৰু ৰিচাইকেল— এই নীতিসমূহক উৎসাহিত কৰিছে। আৱৰ্জনাবোৰক উপযোগী তথা নান্দনিকভাৱে তাৎপৰ্যপূৰ্ণ সামগ্ৰীলৈ ৰূপান্তৰিত কৰা, দায়িত্বশীল আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কে সজাগতা সৃষ্টি কৰা আৰু আৱৰ্জনাকো এক সম্পদলৈ সলনি কৰিব পাৰি বুলি বাৰ্তা প্ৰসাৰ কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই স্বচ্ছতা অভিযানৰ অংশ হিচাপে প্ৰতিষ্ঠান চৌহদৰ পৰা সহজে অপচনশীল নোহোৱা প্লাষ্টিক আৱৰ্জনা, জাৱৰ আৰু অপ্ৰয়োজনীয় বন-বাত সংগ্ৰহ কৰি আঁতৰোৱা হয়। এই কাৰ্যসূচীয়ে চৌহদৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সামগ্ৰিক ৰূপ উন্নত কৰাত সহায় কৰে। ইয়াৰ লগতে অংশগ্ৰহণকাৰীসকলক এক নিকা তথা প্লাষ্টিকমুক্ত চৌহদ বৰ্তাই ৰখাৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰি তোলা হয় আৰু বহনক্ষম স্বচ্ছতা পদ্ধতিত অৰিহণা যোগাবলৈ উৎসাহিত কৰা হয়।

‘স্বচ্ছতা বিশেষ অভিযান ৬’-ৰ অধীনত শিক্ষাৰ্থীসকলৰ সুস্বাস্থ্যৰ বাবে তেওঁলোকৰ মাজত স্বাস্থ্যবিধি সম্পৰ্কে সজাগতা বৃদ্ধিৰ দিশত ডিএআৰই/আইচিএআৰ-এ নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। এক সুস্থ সমাজ গঢ়ি তোলাৰ স্বাৰ্থত নাগৰিক কৰ্তব্যবোধৰ উন্মেষ ঘটোৱা আৰু সেই অনুসৰি অভ্যাস গঢ়ি তোলাটোৱেই হৈছে আমাৰ বৰ্তমানৰ মূল নীতিবাক্য। ব্যাপক পৰিসৰত জনসজাগতা বৃদ্ধি কৰা আৰু এই অভিযানক উৎসাহিত কৰাটোৱেই হৈছে আমাৰ লক্ষ্য। বিহাৰৰ পাটনাস্থিত আইচিএআৰ-পূব অঞ্চলৰ গৱেষণা চৌহদৰ কেইটামান বিশেষ মুহূৰ্ত তলত দাঙি ধৰা হ’ল।

আইচিএআৰ-কেন্দ্ৰীয় শুকান ভূমি কৃষি গৱেষণা প্ৰতিষ্ঠান, হায়দৰাবাদ, তেলেংগানা: আইচিএআৰ-চিআৰআইডিএত প্ৰতিষ্ঠান চৌহদৰ সৌন্দৰ্যবৰ্ধনৰ লগতে পথাৰত কাম কৰা বা ভ্ৰমণলৈ অহা লোকসকলক ক্ষতিকাৰক পোক-পতংগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দিশতো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চৌহদৰ ভিতৰত এক পৰিষ্কাৰ, স্বাস্থ্যকৰ আৰু পৰিৱেশ-অনুকূল পৰিৱেশ বৰ্তাই ৰখা আৰু কৃষি গৱেষণা প্ৰতিষ্ঠানসমূহত স্বচ্ছতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টি কৰাই হৈছে এই চাফাই অভিযানৰ মূল উদ্দেশ্য। ফাৰ্মৰ আশে-পাশে থকা অঞ্চলসমূহ পৰিষ্কাৰ কৰা, অপ্ৰয়োজনীয় বন-বাত আঁতৰোৱা, আৱৰ্জনা আৰু অলাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰা তথা চৌহদৰ ভিতৰৰ পথ, মুকলি ঠাই আৰু আনুষংগিক সাধাৰণ স্থানসমূহ পৰিষ্কাৰ কৰি ৰখাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ডিএআৰআই/আইচিএআৰে কৰ্মক্ষেত্ৰৰ দক্ষতা বৃদ্ধি, ফাৰ্মৰ কৰ্মচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু চৌহদৰ সামগ্ৰিক ৰূপ চাফ-চিকুণ কৰি ৰখাৰ ক্ষেত্ৰত স্বচ্ছতাৰ ভূমিকাক বিশেষভাৱে আলোকপাত কৰিছে।

আইচিএআৰ-চিচিএআৰআই, গোৱাত স্বচ্ছতাক প্ৰতিষ্ঠানিক ৰূপ দিয়া আৰু ব্যৱহাৰৰ অনুপযোগী তথা পুৰণি অলাগতিয়াল সামগ্ৰীসমূহ সঠিক নিষ্কাশনৰ বাবে চিনাক্ত কৰি বাকী থকা কামসমূহ হ্ৰাস কৰাৰ উদ্দেশ্যে ক্ষেত্ৰ ইউনিটসমূহৰ পৰা ভঙা-ছিঙা সামগ্ৰী (স্ক্ৰেপ) চিনাক্তকৰণৰ এক বিশেষ কাৰ্যসূচী হাতত লোৱা হয়। চলিত অভিযানৰ অংশ হিচাপে অতিথিশালাসমূহৰ পৰা অলাগতিয়াল সামগ্ৰী চিনাক্ত কৰিবলৈ এক বিশেষ অভিযান চলোৱা হয়। নিষ্কাষণৰ বাবে চিনাক্ত কৰা এনে সামগ্ৰীসমূহৰ ভিতৰত আছিল ৭০ কিলোগ্ৰাম ধাতুৰ সামগ্ৰী, ২০০ কিলোগ্ৰাম এমচিবি পেনেল, ১০০ কিলোগ্ৰাম তাঁৰৰ জেওৰা আৰু ২০ কিলোগ্ৰাম প্লাষ্টিকৰ সামগ্ৰী। এই সকলোবোৰ সামগ্ৰীক অনুমোদিত নিষ্কাশন প্ৰক্ৰিয়াৰ অধীনত পৰৱৰ্তী পদক্ষেপ গ্ৰহণৰ বাবে তালিকাভুক্ত কৰা হৈছে।

বিশেষ অভিযান ৬.০-ৰ অধীনত বিহাৰৰ মতিহাৰীস্থিত আইচিএআৰ-মহাত্মা গান্ধী সংহত কৃষি গৱেষণা প্ৰতিষ্ঠানত গছপুলি ৰোপণ ক্ষেত্ৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু চোৱাচিতাৰ কাম হাতত লোৱা হয়। কল খেতিৰ শাৰীসমূহ আৰু কাষৰীয়া সেউজ এলেকা সামৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়, য’ত অতিৰিক্তভাৱে বাঢ়ি অহা বন-বাত, অপ্ৰয়োজনীয় গছ-লতা আৰু সিঁচৰতি হৈ থকা আৱৰ্জনা আঁতৰোৱাৰ প্ৰতি বিশেষ নজৰ দিয়া হয়। ৰোপণ এলেকা চাফ-চিকুণ, সহজে চলাচল কৰিব পৰা আৰু সঠিকভাৱে সংৰক্ষিত কৰি ৰাখিবলৈ এনে অপতৃণ নিয়মিতভাৱে আঁতৰোৱা আৰু উপযুক্ত আৱৰ্জনা নিষ্কাশন অতি অপৰিহাৰ্য। এই অভিযানৰ মুখ্য লক্ষ্য আছিল ৰোপণ কৰা শাৰীসমূহৰ ৰক্ষণাবেক্ষণ; বন-বাত আৰু অপ্ৰয়োজনীয় গছ-লতাৰ ব্যৱস্থাপনা; আৱৰ্জনা নিষ্কাশন তথা প্ৰতিষ্ঠান চৌহদৰ সেউজ স্থানসমূহৰ নিয়মীয়া অনাময় সুনিশ্চিত কৰা।

আইচিএআৰ-ৰাষ্ট্ৰীয় মৃত্তিকা সমীক্ষা আৰু ভূমি ব্যৱহাৰ পৰিকল্পনা ব্যুৰো, নাগপুৰ

প্ৰতিষ্ঠানটোৰ বিভিন্ন বিভাগ তথা শাখাৰ পৰা গৱেষণাগাৰৰ আৱৰ্জনা সংগ্ৰহ কৰা হয় আৰু নিৰাপদ নিষ্কাশন তথা নিলামৰ বাবে এক সুৰক্ষিত স্থানত জমা কৰি ৰখা হয়।

 

আইচিএআৰ-কেন্দ্ৰীয় দ্বীপ কৃষি গৱেষণা প্ৰতিষ্ঠান

শ্ৰী বিজয় পুৰমস্থিত আইচিএআৰ-চিআইএআৰআই-ৰ পশু খাদ্য প্ৰক্ৰিয়াকৰণ গোটত এক চাফাই অভিযান চলোৱা হয়। স্বচ্ছতা পদক্ষেপৰ অধীনত পৰিচ্ছন্নতা অটুট ৰখা, পানী ওলাই যোৱাৰ সঠিক ব্যৱস্থা সুনিশ্চিত কৰা আৰু প্ৰতিষ্ঠানিক আন্তঃগাঁথনিৰ নিয়মীয়া ৰক্ষণাবেক্ষণৰ স্বাৰ্থত চালৰ পৰা জমা হৈ থকা শুকান পাত, জাৱৰ-জোঁথৰ আৰু অপ্ৰয়োজনীয় বন-বাত আঁতৰোৱা হয়।

প্ৰতিষ্ঠানটোৰ গৰু, ম’হ, ছাগলী আৰু গাহৰি গোটসমূহত মুঠ ২১৩টা পশুধন (২২টা গৰু, ১৪টা ম’হ, ১০৫টা ছাগলী আৰু ৭২টা গাহৰি) সামৰি পৰিৱেশ-অনুকূল জৈৱিক আৱৰ্জনা ব্যৱস্থাপনাৰ কাম হাতত লোৱা হয়। স্বাস্থ্যসন্মত বাসস্থানৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ উচ্চ চাপযুক্ত জেট ৱাছাৰেৰে পশুধনৰ গোহালি আৰু আশ্ৰয়স্থলসমূহ পৰিষ্কাৰ কৰা হয়। আশ্ৰয়স্থল চাফা কৰাৰ সময়ত নিৰ্গত হোৱা অপচয় পানী সংগ্ৰহ কৰি ঘাঁহনি পথাৰত জলসিঞ্চনৰ বাবে পুনৰ ব্যৱহাৰ কৰা হয়, যাৰ ফলত জল সংৰক্ষণ আৰু সম্পদৰ পুনৰাৱৰ্তন সম্ভৱ হৈ উঠে। একেদৰে পুষ্টিৰ চক্ৰীয় পুনৰ্ব্যৱহাৰৰ বাবে পশুধনৰ প্ৰস্ৰাৱ সংগ্ৰহ কৰি ঘাঁহৰ পথাৰত প্ৰয়োগ কৰা হয়। সকলো পশুধন গোটৰ পৰা গোবৰ আৰু মল-মূত্ৰ সংগ্ৰহ কৰি জৈৱিক সাৰলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে কেঁচুসাৰ প্ৰস্তুতকৰণ গোটলৈ প্ৰেৰণ কৰা হয়। এই কাৰ্যসূচীসমূহে জৈৱিক আৱৰ্জনাৰ দক্ষ ব্যৱহাৰক উৎসাহিত কৰে, যধে-মধে আৱৰ্জনা পেলোৱা প্ৰতিৰোধ কৰে, পানী আৰু পুষ্টি সংৰক্ষণ কৰে, তথা বহনক্ষম পশুপালন আৰু পশুখাদ্য উৎপাদনত সহায় কৰে। এইদৰে, এই পদক্ষেপে পশুধনৰ আৱৰ্জনা ব্যৱস্থাপনাৰ এক সংহত, পৰিৱেশ-অনুকূল দৃষ্টিভংগী আৰু চক্ৰীয় জৈৱ-সম্পদ ব্যৱহাৰ ব্যৱস্থাক প্ৰতিফলিত কৰিছে।

আইচিএআৰ আইআইএফএছআৰ, মোদীপুৰম, মীৰাট: এই চাফাই অভিযানৰ অধীনত নিষ্কাশনৰ বাবে বাগিচাৰ শুকান আৱৰ্জনা সংগ্ৰহ, একত্ৰীকৰণ আৰু বাহনত উঠোৱাৰ কাম কৰা হয়। সংগৃহীত এই আৱৰ্জনাবোৰৰ ভিতৰত আছিল শুকান পাত আৰু খেজুৰ/তালজাতীয় গছৰ ডাঙৰ শুকান ডাল-পাত, যিয়ে প্ৰতিষ্ঠানটোৰ উদ্যান তথা ইয়াৰ চৌপাশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাত সহায় কৰে।

আইচিএআৰ-উত্তৰ-পূব পাৰ্বত্য অঞ্চলৰ গৱেষণা চৌহদ এনইএইছ, উমিয়াম, মেঘালয়: যিহেতু এই বছৰৰ অভিযানৰ মূল বিষয়বস্তু আছিল ইলেক্ট্ৰনিক আৱৰ্জনা নিষ্কাশন, সেয়ে সৰ্বাধিক ৰাজহ উপাৰ্জনৰ বাবে অনুমোদিত পুনৰাৱৰ্তনকাৰী, সংস্কাৰক আৰু ডেভেলপাৰসকলৰ ওচৰলৈ এই সামগ্ৰীসমূহ সংগ্ৰহ, পৃথকীকৰণ আৰু প্ৰেৰণৰ ব্যৱস্থা কৰা হয়।

আইচিএআৰ-ৰাষ্ট্ৰীয় মাংস গৱেষণা প্ৰতিষ্ঠান, হায়দৰাবাদ: ব্যাপক প্ৰচাৰ আৰু জনপ্ৰসাৰৰ উদ্দেশ্যে আইচিএআৰ সদৰে এই অভিযানৰ অধীনত ৰূপায়িত কাৰ্যসূচীসমূহৰ ওপৰত প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে; আনহাতে আইচিএআৰৰ প্ৰতিষ্ঠান আৰু সংস্থাসমূহে স্থানীয় ছপা মাধ্যম, বেনাৰ আৰু অন্যান্য যোগাযোগ মাধ্যমৰ জৰিয়তে নিজৰ কাৰ্যকলাপৰ বহুল প্ৰচাৰ চলাইছে। সদৰ আৰু প্ৰতিষ্ঠানিক— উভয় পৰ্যায়তে ফেচবুক, এক্স আৰু ইনষ্টাগ্ৰামকে ধৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ জৰিয়তেও এই অভিযান তথা কাৰ্যসূচীসমূহ প্ৰচাৰ কৰা হৈছে। ইয়াৰ ফলত আইচিএআৰ নেটৱৰ্কৰ পৰিসীমা অতিক্ৰমি এক বৃহৎ আৰু বৈচিত্ৰ্যময় জনসাধাৰণ, বিশেষকৈ ডিজিটেল মাধ্যমৰ সৈতে জড়িত লোকসকল আৰু নতুন প্ৰজন্মৰ মাজলৈ স্বচ্ছতাৰ এই বাৰ্তা সফলভাৱে প্ৰেৰণ কৰা হৈছে।

SS/MS/MM


(ৰিলিজ আই ডি : 2325931) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी