প্ৰতিৰক্ষা মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰে ভাৰতক সমৃদ্ধি, জ্ঞান আৰু শক্তিৰ লগতে বিশ্বশান্তি তথা মানৱজাতিৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আছেঃ প্ৰতিৰক্ষা মন্ত্ৰী
পোষ্ট কৰা হৈছে:
20 OCT 2026 8:53PM by PIB Guwahati
“বসুধৈৱ কুটুম্বকম” দৰ্শনৰ দ্বাৰা পৰিচালিত হৈ ভাৰতে সমৃদ্ধি, জ্ঞান আৰু শক্তিৰ লগতে বিশ্বশান্তি তথা মানৱজাতিৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাৰে পৰিপূৰ্ণ এখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ আকাংক্ষা পোষণ কৰিছে। — ২০২৬ চনৰ ২০ অক্টোবৰত তাজিকিস্তানৰ দুশানবেত ভাৰতীয় প্ৰবাসীসকলক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে এইদৰে মত প্ৰকাশ কৰে। তেওঁ লগতে এই কথাও গুৰুত্ব সহকাৰে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ অৰ্থনৈতিক ৰূপান্তৰ, সংস্কাৰমুখী শাসন ব্যৱস্থা, প্ৰযুক্তিগত উন্নতি আৰু বিশ্বমঞ্চত ক্ৰমবৰ্ধমান মৰ্যাদাই এই লক্ষ্যক বাস্তৱায়িত কৰাৰ পথ প্ৰশস্ত কৰিছে।
ভাৰতৰ বিকাশৰ ধাৰাৰ ওপৰত আলোকপাত কৰি ৰক্ষা মন্ত্ৰীয়ে উল্লেখ কৰে যে কেইবাখনো বৃহৎ অৰ্থনীতিৰ দেশ মন্থৰতাৰ সন্মুখীন হোৱাৰ সময়তো দেশে গোলকীয় অৰ্থনৈতিক বিকাশত ১৬ শতাংশতকেই অধিক বৰঙণি যোগাইছে আৰু দেশখনৰ অৰ্থনীতি প্ৰায় ৭.৮ শতাংশ হাৰত বৃদ্ধি পাইছে। পৰিৱৰ্তিত গোলকীয় বাণিজ্য ক্ষেত্ৰখনৰ কথা উল্লেখ কৰি ৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ৩৮ খন দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তিত আৱদ্ধ হৈছে, যাৰ ফলত ভাৰতীয় উৎপাদক আৰু প্ৰস্তুতকাৰকসকলৰ বাবে নতুন বজাৰ মুকলি হৈছে। তেওঁ লগতে কয় যে ব্ৰিটেইন আৰু ইউৰোপীয় সংঘৰ সৈতে হোৱা ভাৰতৰ বাণিজ্য চুক্তিৰ ফলত এই বজাৰসমূহলৈ ভাৰতৰ ৯৯ শতাংশ ৰপ্তানিৰ ওপৰত শুল্ক প্ৰত্যাহাৰ হোৱাৰ আশা কৰা হৈছে, যাৰ ফলত দেশখনৰ বাণিজ্যিক সম্ভাৱনা আৰু বিশ্বৰ বিভিন্ন দেশৰ সৈতে অৰ্থনৈতিক অংশীদাৰিত্ব অধিক শক্তিশালী হৈ উঠিব।
যোৱা এটা দশকত শাসন ব্যৱস্থা আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে ভাৰত এতিয়া ‘নীতিৰ স্থবিৰতা’ৰ যুগ অতিক্ৰম কৰি সুস্পষ্ট নীতিৰ দিক নিৰ্দেশনাৰে পৰিচালিত ‘সংস্কাৰৰ দ্ৰুতগামী যাত্ৰা’ৰ পথত আগবাঢ়িছে। তেওঁ কয়, “আমাৰ বাবে সংস্কাৰ কোনো বাধ্যবাধকতা নহয়, ই আমাৰ দৃঢ় বিশ্বাস।”
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মুঠ ঘৰুৱা উৎপাদন(জিডিপি)ৰ চলিত হিচাপৰ ঘাটি ১২-১৩ বছৰ পূৰ্বৰ চাৰি শতাংশতকৈও অধিক হাৰৰ পৰা বিগত বিত্তীয় বৰ্ষত ০.৬১ শতাংশলৈ হ্ৰাস পাইছে। তেওঁ লগতে কয় যে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ সঞ্চয় ৭০০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে, আনহাতে বেংকিং ব্যৱস্থা এতিয়ালৈকে আটাইতকৈ শক্তিশালী স্থিতিত আছে।
প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি অভিলেখ পৰিমাণৰ ৩৮,৪২৪ কোটি টকাত উপনীত হৈছে আৰু প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাই ১.৮০ লাখ কোটি টকা হৈছেগৈ। তেওঁ লগতে কয় যে ষ্টাৰ্ট-আপৰ সংখ্যা ২০১৪ চনৰ পূৰ্বৰ কেইশমানৰ পৰা বৃদ্ধি পাই এতিয়া এই সংখ্যাই ২.৫ লাখ অতিক্ৰম কৰিছে। ইয়াৰে প্ৰায় আধা সংখ্যক ষ্টাৰ্ট-আপৰ আৰম্ভণি সৰু চহৰ আৰু নগৰৰ পৰা হৈছে। আনহাতে, ৪৫ শতাংশতকৈও অধিক ষ্টাৰ্ট-আপৰ অন্ততঃ এগৰাকীকৈ মহিলা সঞ্চালক বা অংশীদাৰ আছে। তেওঁ কয় যে কম মূল্যৰ মোবাইল ডাটা আৰু ব্যাপক যোগাযোগ ব্যৱস্থাই অধিকসংখ্যক ভাৰতীয়ৰ বাবে নতুন সুযোগৰ দুৱাৰ মুকলি কৰিছে। ইয়াৰ ফলত উদ্ভাৱনক উৎসাহিত কৰা, নতুন প্ৰতিভাৰ বিকাশ আৰু নতুন নতুন সমাধানৰ পথ প্ৰশস্ত হৈছে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অন্তৰ্ভুক্তিমূলক উন্নয়নৰ প্ৰভাৱৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে বিগত এটা দশকত প্ৰায় ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। চৰকাৰী সাহায্য পোনপটীয়াকৈ হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা কৰাৰ ক্ষেত্ৰত জন-ধন, আধাৰ আৰু মোবাইলৰ তিনি তৰপীয়া ব্যৱস্থা (‘জে এ এম ট্ৰিনিটি’) আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি) ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ ফলত দুৰ্নীতি হ্ৰাস পোৱাৰ লগতে স্বচ্ছতা আৰু সুবিধা বৃদ্ধি পাইছে।
শ্ৰী ৰাজনাথ সিঙে উল্লেখ কৰে যে ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ উৎপাদন ক্ষমতা ২০১৪ চনৰ প্ৰায় ৭৫ গিগাৱাটৰ পৰা বৃদ্ধি পাই এতিয়া প্ৰায় ৩০০ গিগাৱাট হৈছে। ‘ছেমিকন ইণ্ডিয়া’ কাৰ্যসূচী আৰু ‘ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন’ৰ জৰিয়তে ভাৰত ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ কয়, “আমি এতিয়া জাহাজ আৰু চিপছ—দুয়োবিধ সামগ্ৰী নিৰ্মাণৰ দিশত আগবাঢ়িছোঁ, যাৰ ফলত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ খণ্ডসমূহত আমাৰ স্থিতি অধিক শক্তিশালী হ’ব।”
ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দেশখনে তাৎক্ষণিক ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ জনায় যে ২০১৬-১৭ বিত্তীয় বৰ্ষত ৭,০০০ কোটি টকা থকা ইউ পি আই লেনদেনৰ পৰিমাণ ২০২৫-২৬ বিত্তীয় বৰ্ষত বৃদ্ধি পাই ৩১৪ লাখ কোটি টকাত উপনীত হৈছে। ইয়াৰ দ্বাৰা অধিক সুচল, কাগজৰ ব্যৱহাৰ কমকৈ হোৱা আৰু নগদ ধনৰ ওপৰত কম নিৰ্ভৰশীল অৰ্থনীতিৰ দিশত ভাৰতৰ পৰিৱৰ্তনৰ ব্যাপকতা প্ৰতিফলিত হৈছে। তেওঁ লগতে ৰে’লপথ, স্থলপথ, বিমানবন্দৰ, বন্দৰ আৰু ব্ৰডবেণ্ড সংযোগকে ধৰি ভাৰতৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে।
বিজ্ঞান আৰু মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ বিষয়ে উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে চন্দ্ৰযান আৰু আদিত্য- এল ৱান অভিযানৰ সফলতাৰ কথা কয়। তেওঁ মানৱবাহী মহাকাশ অভিযান ‘গগনযান’ৰ প্ৰস্তুতিৰ অগ্ৰগতিক লৈও আস্থা প্ৰকাশ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতক এখন আত্মবিশ্বাসী ৰাষ্ট্ৰ হিচাপে অভিহিত কৰি কয় যে বিশ্বৰ বিভিন্ন দেশে ভাৰতৰ সৈতে শক্তিশালী আৰু ইতিবাচক সম্পৰ্ক গঢ়ি তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতীয় মূলৰ লোকসকলে বিশ্বজুৰি ভাৰতৰ সাংস্কৃতিক ৰাষ্ট্ৰদূত হিচাপে কাম কৰি দেশখনৰ মূল্যবোধ আৰু পৰম্পৰা প্ৰচাৰ কৰাৰ লগতে তেওঁলোকে বসবাস কৰা দেশসমূহৰ উন্নয়নৰ প্ৰতিও অৰিহণা যোগাই আহিছে।
ভাৰত আৰু তাজিকিস্তানৰ মাজত সাংস্কৃতিক সম্পৰ্কৰ লগতে জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক অধিক ঘনিষ্ঠ কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লৈ শ্ৰী ৰাজনাথ সিঙে কয় যে দুয়োখন দেশৰ মাজত বন্ধুত্বৰ সুদৃঢ় বান্ধোন আছে। তাজিকিস্তানৰ জনসাধাৰণৰ মাজত ভাৰতীয় গীত, সংগীত, সাহিত্য আৰু চলচ্চিত্ৰৰ জনপ্ৰিয়তাই এই সম্পৰ্কক অধিক শক্তিশালী কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কত ভাৰতীয় প্ৰবাসীসকলৰ অৱদান গুৰুত্বপূৰ্ণ সংযোগসূত্ৰ হিচাপে বিবেচিত হৈছে।
অনুষ্ঠানটোত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তাজিকিস্তানৰ প্ৰখ্যাত ভাৰততত্ত্ববিদ আৰু দেশখনৰ প্ৰথমগৰাকী পদ্মশ্ৰী সন্মানপ্ৰাপক অধ্যাপক হাবিবুল্লো ৰাজাবভকো সম্বৰ্ধনা জনায়। হিন্দী সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত, বিশেষকৈ ভাষাতত্ত্বৰ গভীৰ অধ্যয়নৰ জৰিয়তে আগবঢ়োৱা বহুমূলীয়া অৱদানৰ প্ৰতি স্বীকৃতি স্বৰূপে তেওঁক এনেদৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোৰ অংশ হিচাপে ভাৰতীয় আৰু তাজিক শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে।
***
SR/Savvy/UD
(ৰিলিজ আই ডি : 2325724)
অতিথি কক্ষ : 11