পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ এছআৰচিচিৰ শতবাৰ্ষিকী সন্মিলন 'পাথৱেজ টু বিকশিত ভাৰত'-ৰ সামৰণি অধিৱেশনত ভাষণ প্ৰদান
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিকশিত ভাৰত @২০৪৭-ৰ বাবে শক্তি, বিত্ত আৰু লজিষ্টিকছ খণ্ডৰ প্ৰত্যাহ্বানসমূহক ফলপ্ৰসূ উদ্যোগলৈ ৰূপান্তৰিত কৰিবলৈ যুৱপ্ৰজন্মক আহ্বান
কেন্দ্ৰীয় মন্ত্ৰী পুৰীৰ ছাত্ৰ-ছাত্ৰীসকলক আন্তঃৰাষ্ট্ৰীয় বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম ভাৰতীয় প্ৰতিষ্ঠান আৰু গোলকীয় উদ্যোগ গঢ়ি তুলিবলৈ আহ্বান
পোষ্ট কৰা হৈছে:
16 OCT 2026 8:09PM by PIB Guwahati
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে আজি নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰৰ ষ্টেইন প্ৰেক্ষাগৃহত দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ৰাম কলেজ অব্ কমাৰ্চ (এছআৰচিচি)-ৰ উদ্যোগত আয়োজিত 'পাথৱেজ টু বিকশিত ভাৰত: এ চেণ্টেনাৰী কনক্লেভ' শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনত সামৰণি ভাষণ প্ৰদান কৰে।
বিশিষ্ট অধ্যাপকসকল, অৰ্থনৈতিক বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি শ্ৰী হৰদীপ সিং পুৰীয়ে ভাৰতৰ উন্নয়নৰ যাত্ৰাত ধাৰাবাহিকতা আৰু পৰিৱৰ্তনৰ মাজৰ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। এছআৰচিচিৰ শতবাৰ্ষিকী বৰ্ষ উদযাপনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ঔপনিৱেশিক শাসনকালত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানখনে এতিয়া বিপুল সম্ভাৱনাৰে ভৰপূৰ দেশখনত গোলকীয় উদ্যোগসমূহক নেতৃত্ব দিবলৈ আৰু জননীতি গঢ় দিবলৈ যুৱ ভাৰতীয়সকলক প্ৰস্তুত কৰি তুলিছে।
দাৰ্শনিক আলফ্ৰেড নৰ্থ হোৱাইটহেডৰ উদ্ধৃতি দি শ্ৰী পুৰীয়ে কয়, "বিশ্ববিদ্যালয় এখনৰ কৰ্তব্য হ'ল কল্পনা আৰু অভিজ্ঞতাৰ মাজত এক সংযোজন সৃষ্টি কৰা। যি প্ৰতিষ্ঠানে এই আদান-প্রদান অব্যাহত ৰাখে, ইয়াৰ বৌদ্ধিক জীৱন সজীৱ হৈ থাকে। জ্ঞান এনেদৰেই আগবাঢ়ে আৰু সমাজেও সলনি হোৱাৰ ক্ষমতা অৰ্জন কৰে” । তেওঁ ছাত্ৰ-ছাত্ৰীসকলক বাণিজ্য আৰু অৰ্থনীতিৰ শৈক্ষিক প্ৰশিক্ষণক কামত লগাই সমালোচনাত্মক বিচাৰ-বুদ্ধি প্ৰয়োগ কৰিবলৈ, ধাৰণাসমূহক প্ৰশ্ন কৰিবলৈ আৰু ব্যৱহাৰিক প্ৰত্যাহ্বানসমূহক ফলপ্ৰসূ উদ্যোগলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়।
ভাৰত চৰকাৰে ৮৪,০৮৪ কোটি টকাৰ ব্যয়েৰে সমুদ্ৰ মন্থন আঁচনি (ৰাষ্ট্ৰীয় উপকূল দূৰৱৰ্তী অন্বেষণ আঁচনি)ত অনুমোদন জনাইছে। এই আঁচনিৰ লক্ষ্য হৈছে ভাৰতৰ বিশাল অফশ্ব’ৰ হাইড্ৰ’কাৰ্বন সম্ভাৱনাক উন্মোচিত কৰা আৰু শক্তি সুৰক্ষা সুদৃঢ় কৰা। ই অন্বেষণ ক্ষিপ্ৰ কৰা, আধুনিক প্ৰযুক্তি প্ৰয়োগ কৰা, উমৈহতীয়া আন্তঃগাঁথনি গঢ়ি তোলা আৰু ঘৰুৱা উৎপাদন খণ্ডক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
শক্তি খণ্ড আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দি শ্ৰী পুৰীয়ে ১ অক্টোবৰত আৰম্ভ কৰা গোবৰ্ধন আঁচনিৰ কথা উল্লেখ কৰে আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 'অপচয়ৰ পৰা সম্পদ' (ৱেষ্ট টু ৱেল্থ) আৰু 'অন্নদাতাৰ পৰা উৰ্জাদাতা'ৰ দৃষ্টিভংগীক আলোকপাত কৰে। তেওঁ কয় যে কৃষিৰ অৱশিষ্ট আৰু জৈৱিক আৱৰ্জনাবোৰ ঘৰুৱা শক্তিলৈ ৰূপান্তৰিত কৰাটো এক ব্যৱহাৰিক বাণিজ্যিক সুযোগ, যিয়ে কৃষকসকলক সেৱা আগবঢ়ায়, অৰ্থনৈতিক লাভালাভ সৃষ্টি কৰে আৰু ৰাষ্ট্ৰীয় শক্তি সুৰক্ষা শক্তিশালী কৰে।
গোলকীয় অৰ্থনৈতিক অস্থিৰতা আৰু ভূ-ৰাজনৈতিক সংকটৰ মাজতো ভাৰতৰ স্থিতিস্থাপকতাৰ কথা তুলি ধৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শক্তিৰ উৎসসমূহৰ বৈচিত্ৰ্যকৰণ আৰু ঘৰুৱা ক্ষমতা বৃদ্ধিৰ জৰিয়তে ভাৰতে শেহতীয়া পশ্চিম এছিয়াৰ সংকটৰ সময়ত অত্যাৱশ্যকীয় ইন্ধন যোগানৰ ধাৰাবাহিকতা সফলতাৰে বজাই ৰাখিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছআৰচিচি ভ্ৰমণৰ সময়ত দিয়া আহ্বানটো পুনৰ উল্লেখ কৰি শ্ৰী পুৰীয়ে যুৱ সমাজক প্ৰশ্ন কৰে যে যদি ভাৰতীয় প্ৰতিভাই ইতিমধ্যে বিশ্বৰ প্ৰধান উদ্যোগসমূহক নেতৃত্ব দিছে, তেনেস্থলত ভাৰতীয় উদ্যোগসমূহে কিয় বিশ্বক নেতৃত্ব দিব নোৱাৰিব? নিৰ্ভৰযোগ্যতা, উদ্ভাৱন আৰু আন্তঃৰাষ্ট্ৰীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি বিশ্বমানৰ ভাৰতীয় প্ৰতিষ্ঠান আৰু উদ্যোগ গঢ়ি তুলিবলৈ তেওঁ যুৱপ্ৰজন্মক প্ৰত্যাহ্বান জনায়।
ভাষণৰ সামৰণিত শ্ৰী হৰদীপ সিং পুৰীয়ে দৃঢ় বিশ্বাস ব্যক্ত কৰে যে নিজৰ পেছাদাৰী জীৱনৰ শীৰ্ষ পৰ্যায়ত প্ৰৱেশ কৰা যুৱপ্ৰজন্মই ২০৪৭ চনৰ ভিতৰত ভাৰতক এক উন্নত ৰাষ্ট্ৰ 'বিকশিত ভাৰত' হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল’ব। এই দুদিনীয়া শতবাৰ্ষিকী সন্মিলনে নীতিগত অগ্ৰাধিকাৰ, বিত্তীয় সমন্বয় আৰু ভাৰতৰ ভৱিষ্যতৰ অৰ্থনৈতিক বিকাশৰ পথ সন্দৰ্ভত আলোচনা কৰিবলৈ শীৰ্ষ নীতি নিৰ্ধাৰক, অৰ্থনীতিবিদ আৰু ছাত্ৰ-ছাত্ৰীসকলক সমন্বিত কৰে।


***
SJ/MM
(ৰিলিজ আই ডি : 2324724)
অতিথি কক্ষ : 7