কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

ই এছ টি আই চি ২০২৬ৰ বাবে আয়োজিত প্ৰাৰম্ভিক অনুষ্ঠানমূলক সংবাদমেল সম্বোধন ড° এম এল জাটৰ ; ই এছ টি আই চি ২০২৬ত আইচিএআৰৰ ভূমিকাত ড° জাটৰ আলোকপাত

ই এছ টি আই চি ২০২৬ত অনুষ্ঠিত হ’ব পূৰ্ণাংগ ভাষণ, কাৰিকৰী আৰু সমান্তৰাল সত্ৰ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মঞ্চ, প্ৰদৰ্শনী আৰু ষ্টাৰ্টআপসমূহৰ প্ৰদৰ্শন

পোষ্ট কৰা হৈছে: 15 OCT 2026 5:06PM by PIB Guwahati

  ভাৰতীয় কৃষি গৱেষণা পৰিষদে আজি হাৰিয়ানাৰ কৰ্ণালৰ আইচিএআৰ–কেন্দ্ৰীয় মাটিৰ লৱণতা গৱেষণা প্ৰতিষ্ঠান (চিএছএছআৰআই)ত শেহতীয়া বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (ইএছটিআইচি) ২০২৬ৰ প্ৰাৰম্ভিক অনুষ্ঠান তথা সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ৰ সময়ত প্ৰতিষ্ঠানখনৰ গৱেষণাৰ অগ্ৰাধিকাৰ, প্ৰযুক্তিগত উদ্ভাৱন তথা বহনক্ষম কৃষিলৈ অৱদানৰ ওপৰত আলোকপাত কৰে।কৃষি গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব আৰু আইচিএআৰৰ সঞ্চালক প্ৰধান ড° এম এল জাটে ২০২৬ চনৰ ২৭ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় সন্মিলনৰ “কৃষি প্ৰযুক্তি, খাদ্য ব্যৱস্থা আৰু পুষ্টি” বিষয়ভিত্তিক ক্ষেত্ৰত পৰিষদৰ ভূমিকাৰ ৰূপৰেখা ডাঙি ধৰে।

 

ই এছ টি আই চি ২০২৬য়ে বিজ্ঞান সম্পৰ্কীয় মন্ত্ৰালয় আৰু বিভাগ, গৱেষণা প্ৰতিষ্ঠান, ষ্টাৰ্টআপ আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰি ১২টা বিষয়ভিত্তিক ক্ষেত্ৰত অগ্ৰগতি প্ৰদৰ্শন কৰিব। বিষয়ভিত্তিক প্ৰদৰ্শনীত ১৩খন বিভাগীয় বিপণী, ৫০টা ডিপ-টেক ষ্টাৰ্টআপ আৰু ১০টা বিভাগীয় প্ৰযুক্তিবিদ্যা প্ৰদৰ্শন কৰা হ’ব। এই সন্মিলনে গৱেষণাৰ ফলাফল উপস্থাপন, বৈজ্ঞানিক সহযোগিতাক লাভান্বিত কৰা তথা আৱিষ্কাৰসমূহক ব্যৱহাৰিক প্ৰয়োগৰ সৈতে সংযোগ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।’

 

আইচিএআৰৰ গৱেষণাৰ অগ্ৰাধিকাৰসমূহৰ ওপৰত আলোকপাত কৰি ড° জাটে বিভিন্ন মন্ত্ৰালয়ৰ মাজত সমগ্ৰ চৰকাৰী পদ্ধতি আৰু সমন্বয় সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ জিন’ম সম্পাদনা, জৈৱ-শোধিত শস্যৰ জাত, জলবায়ু-স্থিতিস্থাপক কৃষি, সংহত কীট-পতংগ ব্যৱস্থাপনা, উদ্যান শস্যৰ বৈচিত্ৰ্য, পশুধনৰ স্বাস্থ্য, মীনপালন, প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা আৰু কৃষি যান্ত্ৰিকীকৰণকে ধৰি মূল ক্ষেত্ৰসমূহৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ উল্লেখ কৰে যে বৈজ্ঞানিক উদ্ভাৱনসমূহে গৱেষণাগাৰৰ বাহিৰলৈ গৈ ফলপ্ৰসূ বীজ ব্যৱস্থা, প্ৰযুক্তি প্ৰসাৰ আৰু ক্ষেত্ৰ পৰ্যায়ত গ্ৰহণৰ জৰিয়তে কৃষকৰ কাষ চাপিব লাগিব।

 

বৈশিষ্ট্যপূৰ্ণ বৈজ্ঞানিক কৃতিত্বৰ ভিতৰত বিশ্বৰ প্ৰথম দুটা জিন’ম  সম্পাদিত ধানৰ প্ৰজাতি আৰু ভাৰতৰ প্ৰথম টেলোমিয়াৰ-টু-টেলোমিয়াৰ (T2T) ৰহৰ মাহৰ ৰেফাৰেন্স জিন’ম  অন্যতম। শস্যৰ জিনীয় বিজ্ঞান আৰু নিখুঁত প্ৰজননৰ এই অগ্ৰগতিসমূহে শস্যৰ উন্নত বৈশিষ্ট্য আৰু কৃষি উৎপাদনশীলতাৰ  পৰৱৰ্তী গৱেষণাত সহায় কৰিব পাৰে।

 

আফ্ৰিকান ছোৱাইন ফিভাৰ (এ এছ এফ) ভেকচিনকে ধৰি থলুৱা ভেকচিন গৱেষণাৰ ওপৰত আলোকপাত কৰাৰ লগতে প্ৰদৰ্শনীত পশুৰ স্বাস্থ্য আৰু খাদ্য সুৰক্ষা সন্দৰ্ভত গুৰুত্ব দিয়া হ’ব। উপস্থাপনত এম এ-১০৪ কোষ ব্যৱহাৰ কৰি বিকশিত কৰা কোষ-অনুকূলিত ভাৰতীয় এ এছ এফ ভাইৰাছৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু নিৰ্দিষ্ট  প্ৰাণীৰ জনসংখ্যাত সুৰক্ষামূলক প্ৰভাৱৰ প্ৰতিবেদন দিয়া হৈছে। প্ৰকাশৰ পূৰ্বে আইচিএআৰৰ আনুষ্ঠানিক উপস্থাপনৰ বিপৰীতে নিৰ্দিষ্ট কাৰিকৰী বিৱৰণ আৰু সুৰক্ষাৰ দাবী নিশ্চিত কৰিব লাগে। আইচিএআৰৰ ব্যাপক পশু-স্বাস্থ্য গৱেষণাত পশুধনৰ জিন’মিক্স আৰু থলুৱা জাতৰ সংৰক্ষণৰ লগতে ছালৰ থূপ বন্ধা ৰোগৰ বিৰুদ্ধে ভেকচিন প্ৰস্তুত কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে।

 

প্ৰদৰ্শনীখনত “মাটিৰ গুণাগুণ পৰীক্ষা: এআই আৰু পেড’লজিকেল ছায়েন্স”ও প্ৰদৰ্শন কৰা হ’ব, য’ত ডিজিটেল কৃষি আৰু ভূমি-সম্পদ মূল্যায়নত কৃত্ৰিম বুদ্ধিমত্তা তথা ভূমি বিজ্ঞানৰ প্ৰয়োগৰ ওপৰত আলোকপাত কৰা হ’ব। এনে পদ্ধতিয়ে তথ্য-চালিত ভূমি ব্যৱস্থাপনাত সহায় কৰিব পাৰে আৰু কৃষি উৎপাদন তথা ব্যাপক আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিকল্পনা বুজাত সহায় কৰিব পাৰে। এই ক্ষেত্ৰত আইচিএআৰৰ গৱেষণাই মাটিৰ গুণাগুণ বুজি পোৱা, সম্পদ-ব্যৱহাৰৰ কাৰ্যক্ষমতা উন্নত কৰা আৰু স্থিতিস্থাপক কৃষি ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শস্য বিজ্ঞান আৰু উদ্যান শস্যৰ ক্ষেত্ৰত ড° জাটে উন্নত শস্যৰ জাত, জলবায়ুৰ স্থিতিস্থাপকতা, পুষ্টিৰ মান আৰু উন্নত প্ৰজনন প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে আইচিআৰে বিগত বছৰৰ ভিতৰত ১১৭টা উদ্যান শস্যৰ জাত প্ৰস্তুত কৰিছে। জৈৱ শক্তিশালী শস্য আৰু বৈচিত্ৰ্যপূৰ্ণ কৃষি ব্যৱস্থা সন্দৰ্ভত গৱেষণাৰ লক্ষ্যও উন্নত পুষ্টি আৰু বহনক্ষম কৃষি উৎপাদনত সহায় কৰা।

 

প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্ৰত আইচিআৰে মাটিৰ স্বাস্থ্য, পানী ব্যৱস্থাপনা, জলবায়ুৰ স্থিতিস্থাপকতা আৰু বহনক্ষম কৃষি পদ্ধতিৰ কাম কৰি আছে। সেউজ এমোনিয়াৰ বিষয়ে কৰা গৱেষণাই সাৰ উৎপাদনৰ সম্ভাৱ্য বিকল্প পথ হিচাপে এমোনিয়া উৎপাদনৰ বাবে সৌৰশক্তিৰ দ্বাৰা উৎপাদিত হাইড্ৰ’জেনৰ ব্যৱহাৰৰ সন্ধান কৰে।আইচিএআৰ, নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় তথা অন্যান্য অংশীদাৰসকলৰ সহযোগিতাৰ সৈতে ছখন ৰাজ্যৰ ১০,০০০ একৰ ভূমি সামৰি লোৱা প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰা হয় ।

 

আইচিএআৰৰ গৱেষণা সবিশেষত মীন আৰু জলজ কৃষি, পশুধনৰ স্বাস্থ্য, সংহত কীট-পতংগ ব্যৱস্থাপনা আৰু কৃষি যান্ত্ৰিকীকৰণো অন্তৰ্ভুক্ত কৰা হৈছে। লৱণযুক্ত অঞ্চলত জলজ জীৱ পালনৰ কামে অব্যৱহৃত ভূমি আৰু জলসম্পদৰ উৎপাদনশীল ব্যৱহা ত্বৰান্বিত কৰিব বিচাৰে। আনহাতে কপাহ চপোৱা যন্ত্ৰপাতিকে ধৰি কৃষি অভিযান্ত্ৰিক পদক্ষেপৰ লক্ষ্য হৈছে পাম-সঞ্চালনৰ কাৰ্যক্ষমতা উন্নত কৰা আৰু শ্ৰমৰ বাধাসমূহ দূৰ কৰা।

 

ছেহট পদক্ষেপ—

আইচিএআৰ আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ যৌথভাৱে বিকশিত কৰা কৃষি পৰিৱৰ্তনৰ জৰিয়তে স্বাস্থ্যৰ বাবে বিজ্ঞান উৎকৰ্ষতাৰ ছেহট(SEHAT--Science Excellence for Health through Agricultural Transformation)পদক্ষেপৰ ওপৰতো আলোকপাত কৰা হয়। এই পদক্ষেপে জৈৱ-শুদ্ধিকৃত শস্য আৰু সংহত কৃষি ব্যৱস্থাকে ধৰি পদ্ধতিৰ জৰিয়তে কৃষি, খাদ্য আৰু মানৱ স্বাস্থ্যক সংযোগ কৰে। আইচিএআৰ–ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠান (এনডিআৰআই)-এ সম্ভাৱ্য ভেজালকৰণৰ দ্ৰুত চিনাক্তকৰণৰ বাবে থিতাতে চিনাক্ত কৰিব পৰা এটা সঁজুলি প্ৰস্তুত কৰিছে।

 

 “কৃষি প্ৰযুক্তি, খাদ্য ব্যৱস্থা আৰু পুষ্টি” বিষয়ক কাৰিকৰী অধিবেশনত বিশেষজ্ঞসকলক একত্ৰিত কৰি কৃষি উদ্ভাৱন, খাদ্য ব্যৱস্থা আৰু পুষ্টি সুৰক্ষাৰ বিষয়ে আলোচনা কৰা হ’ব। কাৰ্যসূচীত মুখ্য বক্তা হিচাপে ড° ইছমাহানে এলুৱাফী, অধিবেশনৰ বক্তা হিচাপে ড° অশ্বনী পাৰিক আৰু অধ্যাপক পীয়ূষ ছোনীক তালিকাভুক্ত কৰা হৈছে। এই পেনেল আলোচনাত ড° টি আৰ শৰ্মা, শ্ৰীমতী নিমা, ড° ৰবি এন সাহু, ড° ফিৰোজ হোছেইন, ড° ভগীৰথ চৌধুৰী আৰু ড° কুতুবুদ্দিন মোল্লা উপস্থিত থাকিব।

 

ইয়াৰ পূৰ্বে অংশগ্ৰহণকাৰীসকলক আদৰণি জনাই আইচিএআৰ-চিএছএছআৰআইৰ সঞ্চালকে লৱণ প্ৰভাৱিত মাটিৰ বৈশিষ্ট্য নিৰ্ণয় আৰু পুনৰুদ্ধাৰ, নিম্নমানৰ পানী পৰিচালনা আৰু লৱণ সহনশীল জাতৰ বিকাশ সন্দৰ্ভত  প্ৰতিষ্ঠানটোৰ কামৰ ওপৰত আলোকপাত কৰে। শুভাৰম্ভণি অনুষ্ঠান আৰু সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময় কালত ই এছ টি আই চি ২০২৬ সন্দৰ্ভত  সজাগতা গঢ়ি তোলাৰ লগতে খাদ্য আৰু পুষ্টিৰ সুৰক্ষা, কৃষকৰ সমৃদ্ধি তথা বহনক্ষম কৃষি উন্নয়নৰ ক্ষেত্ৰত কৃষি বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা প্ৰদৰ্শন কৰা হয়।

 

 

****

SS/MS/DD


(ৰিলিজ আই ডি : 2324199) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Punjabi