উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

বেংকাৰ্ছ কনক্লেভ ৩.০-ত উত্তৰ-পূবত দ্ৰুত বেংকিং সম্প্ৰসাৰণ আৰু উন্নত ঋণ-সুলভতাৰ আহ্বান জনায় ৰাজ্য মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে

এম এছ এম ই, কৃষক আৰু মহিলা উদ্যোগীসকলৰ ঋণ-জমা অনুপাত উন্নত কৰাৰ লগতে ঋণ প্ৰদান শক্তিশালী কৰিবলৈ বেংকসমূহক আহ্বান জনাইছে ৰাজ্য মন্ত্ৰীগৰাকীয়ে

পোষ্ট কৰা হৈছে: 14 OCT 2026 2:30PM by PIB Guwahati

আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ত ২০২৬ চনৰ ১৩ অক্টোবৰত অনুষ্ঠিত ‘নৰ্থ ইষ্ট বেংকাৰ্ছ কনক্লেভ ৩.০’ (North East Bankers’ Conclave 3.0)-ত ভাষণ দি উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন (MDoNER) আৰু শিক্ষা  ৰাজ্য মন্ত্ৰী ড° সুকান্ত মজুমদাৰে উত্তৰ-পূৰ্বাঞ্চলত অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ বেংকিং সেৱাৰ দ্ৰুত সম্প্ৰসাৰণ, ঋণৰ সুবিধা বৃদ্ধি আৰু বেংক তথা ৰাজ্য চৰকাৰসমূহৰ মাজত শক্তিশালী সমন্বয় স্থাপনৰ বাবে আহ্বান জনায়।

আৰ্থিক অন্তৰ্ভুক্তিৰ প্ৰগতিৰ কথা উল্লেখ কৰি ড° মজুমদাৰে কয় যে উত্তৰ-পূৰ্বাঞ্চলত ১৩১টা নতুন বেংক শাখা মুকলি কৰা হৈছে আৰু ১২৬টা এটিএম স্থাপন কৰা হৈছে। চিনাক্ত কৰা ৯,৪৭৯ খন গাঁৱৰ ভিতৰত ৬,৯০৫ খন গাঁও অৰ্থাৎ প্ৰায় ৭৩ শতাংশ গাঁও এতিয়া বেংক শাখা বা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক (IPPB)-ৰ সৈতে সংযুক্ত হৈছে।

অঞ্চলটোৰ ক্ৰেডিট-ডিপজিট (CD) অনুপাত সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি ৰাজ্যিক মন্ত্ৰী ড° মজুমদাৰে কয় যে মণিপুৰ আৰু অসমৰ  ক্ৰেডিট-ডিপজিট (CD) অনুপাত ৰাষ্ট্ৰীয় গড় অনুপাত ৭৯.৫ শতাংশৰ সমান  বা তাতকৈ অধিক যদিও মিজোৰাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য এই ক্ষেত্ৰত পিছপৰি আছে। তেওঁ আঞ্চলিক সঞ্চয়ক স্থানীয় বিনিয়োগ আৰু ব্যৱসায়িক সুযোগলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

ঋণৰ প্ৰবাহ উন্নত কৰিবলৈ ড° মজুমদাৰে বেংকভিত্তিক ঋণৰ লক্ষ্য নিৰ্ধাৰণ, ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতি (SLBC)-সমূহৰ জৰিয়তে নিয়মীয়া পৰ্যালোচনা, নিৰ্ভৰযোগ্য ভূমিৰ ৰেকৰ্ড, যোগ্য চিএএছএ(CASA) একাউন্টসমূহৰ সম্পূৰ্ণ আধাৰ সংযোগ (Aadhaar seeding) আৰু ‘পিএম স্বনিধি’ (PM SVANidhi)-ত অধিক অংশগ্ৰহণৰ আহ্বান জনায়। তেওঁ কৃষক, এমএছএমই(MSME), মহিলা উদ্যোগী আৰু পৰ্যটন উদ্যোগীসকলৰ পৰা অহা কাৰ্যকৰী ঋণৰ প্ৰস্তাৱসমূহ সক্ৰিয়ভাৱে পৰীক্ষা কৰিবলৈ বেংকসমূহক উৎসাহিত কৰে।

ড° সুকান্ত মজুমদাৰে আঙুলিয়াই দিয়ে যে ২,৫৭৪ খন গাঁও এতিয়াও সামৰি লোৱা হোৱা নাই। ইয়াৰ ভিতৰত ২,৫১৫ খন গাঁও ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংক-ৰ জৰিয়তে আৰু ৫৯ খন ভৌতিক বেংক শাখাৰ জৰিয়তে সংযাগ কৰা হ’ব। তেওঁ ৰাজ্য চৰকাৰ আৰু বেংকসমূহক স্পষ্ট সময়সীমা নিৰ্ধাৰণ কৰিবলৈ আৰু বেংকিং সেৱাৰ সম্প্ৰসাৰণ ত্বৰান্বিত কৰিবলৈ অনুৰোধ জনায়।

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীগৰাকীয়ে উপযুক্ত ভৱন, সকলো বতৰতে চলিব পৰা পথ আৰু ভিএছএটি(VSAT) বা ফাইবাৰ সংযোগৰ অভাৱক প্ৰধান প্ৰত্যাহ্বান হিচাপে চিহ্নিত কৰে। তেওঁ মুখ্য সচিবসকলক প্ৰতিটো বাকী থকা স্থানৰ বাবে স্পষ্ট দায়িত্ব আৰু সময়সীমা নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। ইয়াৰ লগতে তেওঁ বেংকসমূহক প্ৰস্তুত কৰা স্থানসমূহ দ্ৰুতগতিত কাৰ্যকৰী কৰিবলৈ আৰু সম্পূৰ্ণ শাখা সম্ভৱ নোহোৱা ঠাইত ব্যৱসায়িক প্ৰতিনিধি (Business Correspondents) আৰু বিচি-সখী (BC-Sakhis) নিয়োগ কৰিবলৈ কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পথদৰ্শনত ২০২৪ চনৰ ডিচেম্বৰ মাহত আগৰতলাত অনুষ্ঠিত ‘নৰ্থ ইষ্ট বেংকাৰ্ছ কনক্লেভ ২.০’ (North East Bankers’ Conclave 2.0)-ত গ্ৰহণ কৰা ছয় দফীয়া কাৰ্যসূচী (roadmap) ৰ কথা উল্লেখ কৰি ড° মজুমদাৰে বেংকিং আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু আৰ্থিক অন্তৰ্ভুক্তি উন্নত কৰাৰ প্ৰচেষ্টাত আলোকপাত কৰে।

ৰূপৰেখাত বেংক শাখা আৰু এটিএম বৃদ্ধি কৰা, বেংকবিহীন গাঁওসমূহ সংযোগ কৰা, কম জনঘনত্বৰ জিলাসমূহত সেৱা উন্নত কৰা, আঞ্চলিক পৰিস্থিতিৰ সৈতে বেংকিং নিয়ম খাপ খুউৱা আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT)-ৰ অধীনত সকলোকে সামৰি লোৱাটো নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰা হৈছিল।

এই প্ৰচেষ্টাৰ অংশ হিচাপে, উত্তৰ-পূৰ্বাঞ্চলত বেংক শাখা স্থাপনৰ বাবে জনসংখ্যাৰ ৰাষ্ট্ৰীয় নিয়ম ৩,০০০ গৰাকীৰ তুলনাত ক্লাষ্টাৰ ভিত্তিত ২,০০০ গৰাকীলৈ হ্ৰাস কৰা হৈছে। আঞ্চলিক বেংকিং ব্যৱধান দূৰ কৰাৰ উদ্দেশ্যে ২০২৩ চনৰ এপ্ৰিল মাহত নতুন দিল্লীত প্ৰথমখন উত্তৰ-পূৰ্বাঞ্চল বেংকাৰ্ছ কনক্লেভ অনুষ্ঠিত হৈছিল।

ড° মজুমদাৰে গুৰুত্ব আৰোপ কৰি কয় যে কৃষক, উদ্যোগী আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক নতুন অর্থনৈতিক সুযোগৰ পৰা লাভান্বিত কৰাবলৈ হ’লে আন্তঃগাঁথনি বিকাশক সুলভ আৰু সহজলভ্য ঋণৰ দ্বাৰা সমৰ্থন কৰিব লাগিব।

কৃষি, পৰ্যটন, উদ্যমশীলতা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাসমূহত আলোকপাত কৰি ড° সুকান্ত মজুমদাৰে কয় যে এই কনক্লেভখনে অঞ্চলটোৰ বিত্তীয় পৰিতন্ত্ৰ শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে।

কনক্লেভখনৰ চাৰিখন আলোচনা সত্ৰত বেংকিং আন্তঃগাঁথনি, এমএছএমই(MSME) আৰু মহিলা উদ্যোগী, কৃষি বিত্ত, আৰু আন্তঃগাঁথনি বিত্তায়নত গুৰুত্ব আৰোপ কৰা হয়।

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড° সুকান্ত মজুমদাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিকদৰ্শনত কেন্দ্ৰীয় চৰকাৰে নীতিগত হেঙাৰসমূহ দূৰ কৰি গৈছে আৰু বেংকিং ৰোডমেপৰ অগ্ৰগতি নিৰীক্ষণ কৰি আছে। তেওঁ ৰাজ্য চৰকাৰ, বেংক আৰু কেন্দ্ৰীয় সংস্থাসমূহক স্পষ্ট দায়িত্ব আৰু দৃঢ় সময়সীমাৰ সৈতে একেলগে কাম কৰি বাস্তৱক্ষেত্ৰত ফলাফল দেখুৱাবলৈ আহ্বান জনায়।

তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক আগুৱাই নিয়াৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া -ৰ পথদৰ্শনৰ কথাও স্বীকাৰ কৰে।

ভাষণৰ সামৰণি মাৰিবলৈ গৈ ড° মজুমদাৰে গুৰুত্ব আৰোপ কৰি কয় যে শক্তিশালী বেংকিং আন্তঃগাঁথনি, ঋণৰ সুবিধা বৃদ্ধি আৰু সমন্বিত ৰূপায়ণৰ জৰিয়তে অধিক সুযোগ সৃষ্টি কৰাত, কৰ্ম-সংস্থান শক্তিশালী কৰাত আৰু মিজোৰাম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে স্থায়ী বিকাশক সমৰ্থন কৰাত সহায়ক হ’ব।

 

****

PS/KB


(ৰিলিজ আই ডি : 2323674) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali-TR , Tamil