প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

কম্বাইন্ড টাস্ক ফ’ৰ্চ ১৫৪ৰ কমাণ্ড হস্তান্তৰ কৰিব ভাৰতীয় নৌসেনাই

পোষ্ট কৰা হৈছে: 14 OCT 2026 2:39PM by PIB Guwahati

বাহৰেইনৰ মানামাত ১৪ অক্টোবৰত আয়োজিত এটা অনুষ্ঠানত ভাৰতীয় নৌসেনাই কম্বাইণ্ড টাস্ক ফ’ৰ্চ ১৫৪ (চি টি এফ ১৫৪)ৰ কমাণ্ড ত্যাগ কৰাৰ কথা ঘোষণা কৰিব। ভাৰতীয় নৌবাহিনীয়ে কম্বাইণ্ড মেৰিটাইম ফ’ৰ্চ (চি এম এফ)ৰ প্ৰথমবাৰৰ বাবে গ্ৰহন কৰা টাস্ক ফ’ৰ্চৰ কমাণ্ড সম্পূৰ্ণ হোৱা উপলক্ষে এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

চি টি এফ ১৫৪ হৈছে চি এম এফ-ৰ সমৰ্পিত বহুজাতিক সামুদ্ৰিক প্ৰশিক্ষণৰ টাস্ক ফ’ৰ্চ আৰু ই ৪৭খন দেশৰ চি এম এফ অংশীদাৰিত্বত আন্তঃব্যৱহাৰযোগ্যতা আৰু কাৰ্য্যকৰী প্ৰস্তুতি শক্তিশালী কৰাৰ লক্ষ্যৰে পেছাদাৰী প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণত সহায় কৰে। ভাৰতে ২০২২ চনত সহযোগী অংশীদাৰ হিচাপে চি এম এফ-ত যোগদান কৰিছিল আৰু ২০২৩ চনত পূৰ্ণকালীন সদস্য হৈছিল। ভাৰতীয় নৌসেনাই ১১ ফেব্ৰুৱাৰীত চি টি এফ ১৫৪ৰ কমাণ্ড গ্ৰহণ কৰাৰ লগে লগে চি এম এফ টাস্ক ফ’ৰ্চৰ প্ৰথমটো কমাণ্ড গ্ৰহণ কৰে। (https://www.pib.gov.in/PressReleasePage.aspx?PRID=2226776)

ভাৰতীয় নৌবাহিনীৰ নেতৃত্বৰ কাৰ্যকালত, চি টি এফ ১৫৪এ চি এম এফ-ৰ সামুদ্ৰিক ক্ষেত্ৰ বৰ্ধন প্ৰশিক্ষণ পৰিকাঠামোৰ অধীনত বহুজাতিক প্ৰশিক্ষণৰ এক ধাৰাবাহিক কাৰ্যসূচী প্ৰদান কৰিছিল।

এই কাৰ্যকালত কৰ্মচাৰীৰ উন্নত প্ৰশিক্ষণৰ ২০টা কাৰ্যসূচী, অপাৰেচন কম্পাচ ৰোজ ২৬-১, অপাৰেচন ছাউডাৰ্ণ ৰেডিনেছ ২৬-২ আৰু জলদস্যু আৰু সশস্ত্ৰ লুণ্ঠনৰ বিষয়ত বিশেষজ্ঞৰ বিনিময় (এছ পি এ আৰ ২০২৬) অন্তৰ্ভুক্ত আছিল, যিয়ে সামূহিকভাৱে ৭,৮০০ প্ৰশিক্ষণ ঘণ্টা সৃষ্টি কৰিছিল, য’ত ৩৯খন দেশৰ কৰ্মচাৰীয়ে চি টি এফ ১৫৪ৰ কৰ্মপ্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল।

(অপাৰেচন ছাউডাৰ্ণ ৰেডিনেছ ২৬-২ সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তিঃ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2288511)।

প্ৰশিক্ষণ কাৰ্যসূচীত ভাৰ্চুৱেল, হাইব্ৰিড আৰু ব্যক্তিগতভাৱে বিভিন্ন সামুদ্ৰিক সুৰক্ষা বিষয়ত জড়িত হৈ ভাৰতীয় নৌবাহিনী, চি এম এফ টাস্ক ফ’ৰ্চ, অংশীদাৰ ৰাষ্ট্ৰ, আঞ্চলিক সামুদ্ৰিক সংস্থা আৰু বিশেষজ্ঞ আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা দক্ষতা আহৰণ কৰা হৈছিল। এই কাৰ্যকালত বহুজাতিক প্ৰশিক্ষণ আৰু ভৱিষ্যতৰ সামৰ্থ্য নিৰ্মাণৰ সমৰ্থনত কাৰ্য্যকৰী টাস্ক ফ’ৰ্চ, আঞ্চলিক অংশীদাৰ আৰু বিশেষজ্ঞ প্ৰতিষ্ঠানসমূহৰ সৈতে চি টি এফ ১৫৪ৰ পেছাদাৰী সম্পৰ্কও বৃদ্ধি কৰা হৈছিল।

আগন্তুক হস্তান্তৰ প্ৰক্ৰিয়াই চি এম এফ-ৰ সৈতে ভাৰতৰ বৰ্ধিত সম্পৰ্কৰ ক্ষেত্ৰত আৰু এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব আৰু ভাৰত মহাসাগৰ অঞ্চল আৰু ইয়াৰ বাহিৰতো সহযোগিতামূলক সামুদ্ৰিক সুৰক্ষা, বহুজাতিক প্ৰশিক্ষণ আৰু সামৰ্থ্য নিৰ্মাণত ইয়াৰ অৱদানক প্ৰতিফলিত কৰিব।

এই কাৰ্যকালত অঞ্চলটোত এক উন্নত নিৰাপত্তা আৰু প্ৰশিক্ষণ অংশীদাৰ হিচাপে ভাৰতীয় নৌবাহিনীৰ ভূমিকা অধিক শক্তিশালী হৈছে।

 

***

VM/AS/US


(ৰিলিজ আই ডি : 2323260) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil