উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

মিজোৰামত উন্নয়ন কেন্দ্ৰিক কাৰ্যক্ৰমৰ নেতৃত্ব দিব উত্তৰ পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই

মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাৰ সৈতে ১০টা প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব মন্ত্ৰী সিন্ধিয়াই

মিজোৰামত অনুষ্ঠিত হ’ব নৰ্থ ইষ্ট বেংকাৰ্ছ কনক্লেভ ৩.০

পোষ্ট কৰা হৈছে: 11 OCT 2026 8:08PM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন (DoNER) দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই ২০২৬ চনৰ ১২ আৰু ১৩ অক্টোবৰত মিজোৰামত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। DoNER মন্ত্ৰী হিচাপে মিজোৰামলৈ এয়া হ’ব তেওঁৰ দ্বিতীয়টো ভ্ৰমণ। তেওঁৰ এই দুদিনীয়া কাৰ্যসূচীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন, যুৱ শক্তিৰ সৱলীকৰণ আৰু অঞ্চলটোৰ অংশীদাৰসকলৰ সৈতে সুদৃঢ় সম্পৰ্কৰ প্ৰতি ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰে।

এই ভ্ৰমণকালত মন্ত্ৰী সিন্ধিয়াই উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, ছাত্ৰ-ছাত্ৰী আৰু নাগৰিক সমাজৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব, লগতে "নৰ্থ ইষ্ট বেংকাৰ্ছ কনক্লেভ ৩.০"-ত বেংকিং খণ্ডৰ লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব।

১২ অক্টোবৰ, ২০২৬

শ্ৰী সিন্ধিয়াই আইজলত উপস্থিত হৈ তুইভামিতলৈ যাব, য’ত তেওঁ এলানি প্ৰকল্প উদ্বোধন কৰাৰ লগতে একাংশৰ আধাৰশিলা স্থাপন কৰিব। ই মিজোৰামত উন্নয়নমূলক পদক্ষেপসমূহক অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।

ইয়াৰ পিছত তেওঁ মিজোৰাম বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব। ই বিশ্ববিদ্যালয়খনৰ যুৱপ্ৰজন্মৰ লগতে DoNER মন্ত্ৰালয়ৰ "অষ্টলক্ষ্মী দৰ্শন কাৰ্যসূচী"ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথা পতাৰ এক সুন্দৰ সুযোগ প্ৰদান কৰিব।

ভ্ৰমণৰ দ্বিতীয় দিনটোত শ্ৰী সিন্ধিয়াই পুনৰ মিজোৰাম বিশ্ববিদ্যালয়লৈ গৈ "নৰ্থ ইষ্ট বেংকাৰ্ছ কনক্লেভ ৩.০" উদ্বোধন কৰিব আৰু মূল ভাষণ প্ৰদান কৰিব। এই সন্মিলনখনে উত্তৰ-পূৰ্বাঞ্চলত বিত্তীয় অন্তৰ্ভুক্তিক আগুৱাই নিয়া, ঋণৰ সুবিধা উন্নত কৰা আৰু অর্থনৈতিক বিকাশত সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত বেংকিং খণ্ডক এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিব।

 

***********

RL/PS/KB


(ৰিলিজ আই ডি : 2322041) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी