স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

সুলভ, সৰ্বাত্মক আৰু জনকেন্দ্ৰিক মানসিক স্বাস্থ্যসেৱাৰ প্ৰতিশ্ৰুতিৰে বিশ্ব মানসিক স্বাস্থ্য দিৱস, ২০২৬ পালন কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে

বিনামূলীয়া, গোপনীয় আৰু দিনে-নিশাই মানসিক স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে টেলি-মানসে; দেশজুৰি ১৪৪১৬ টোল-ফ্ৰী নম্বৰৰ জৰিয়তে সহজেই লাভ কৰিব পাৰি এই সেৱা

২০২২ চনৰ ১০ অক্টোবৰত আৰম্ভ হোৱাৰ পৰা টেলি-মানসে লাভ কৰিছে ৪৭.৭৫ লাখৰো অধিক ফোনকল; দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত কাৰ্যক্ষম হৈ আছে ৫৩টা টেলি-মানস কোষ

নথিভুক্ত ফোনকৰ্তাসকলৰ প্ৰায় ৪৪ শতাংশই মহিলা। টেলিফোনৰ জৰিয়তে পৰামৰ্শ প্ৰদানৰ ব্যৱস্থাই মানসিক স্বাস্থ্যসেৱা লাভৰ সুযোগ বৃদ্ধি কৰাৰ প্ৰতিফলন ঘটাইছে এই তথ্যই

মানসিক স্বাস্থ্য সম্পৰ্কে জনসজাগতা বৃদ্ধি, আগতীয়াকৈ সহায় বিচৰাত উৎসাহিত কৰা আৰু মানসিক স্বাস্থ্যক লৈ থকা সামাজিক সংকোচ দূৰ কৰাৰ লক্ষ্যৰে ‘মন জাগৃতি’ পদক্ষেপ

দেশৰ ১.৮৩ লাখৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰত সংযুক্ত কৰা হৈছে মানসিক স্বাস্থ্যসেৱা; ৭৬৭খন জিলাত অনুমোদন জনোৱা হৈছে জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী

পোষ্ট কৰা হৈছে: 09 OCT 2026 7:22PM by PIB Guwahati

স্বাস্থ্যসেৱাক সকলোৰে বাবে সুলভ, ব্যয়সাধ্য, সামগ্ৰিক আৰু জনকেন্দ্ৰিক কৰি তোলাৰ প্ৰতিশ্ৰুতি দোহাৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০২৬ চনৰ ১০ অক্টোবৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰিব। এই বছৰৰ আন্তঃৰাষ্ট্ৰীয় মূল বিষয়বস্তু হৈছে— “বাস্তৱিক-অভিজ্ঞতাৰ কথা শুনক: প্ৰকৃত কণ্ঠস্বৰ, প্ৰকৃত পৰিৱৰ্তন”। মানসিক স্বাস্থ্যজনিত সমস্যাৰ মাজেৰে পাৰ হোৱা ব্যক্তিসকলৰ অভিজ্ঞতা মনোযোগেৰে শুনা আৰু তেওঁলোকৰ মতামতক সঁহাৰিমূলক মানসিক স্বাস্থ্য নীতি তথা সেৱা প্ৰস্তুত কৰাত গুৰুত্ব দিয়াৰ ওপৰত এই বিষয়বস্তুৱে আলোকপাত কৰিছে।

দেশত মানসিক স্বাস্থ্যসেৱাৰ প্ৰসাৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ অন্যতম প্ৰধান স্তম্ভ হৈ পৰিছে টেলি-মানস (টেলি মেণ্টেল হেল্থ এছিষ্টেন্স এণ্ড নেটৱৰ্কিং এক্ৰছ ষ্টেটছ)। এই ৰাষ্ট্ৰীয় টোল-ফ্ৰী হেল্পলাইন ১৪৪১৬ নম্বৰৰ জৰিয়তে বিনামূলীয়া, গোপনীয় আৰু দিনে-নিশাই ২৪ ঘণ্টা মানসিক স্বাস্থ্য পৰামৰ্শ তথা সহায় আগবঢ়োৱা হৈছে। ইয়াৰ ফলত ভৌগোলিক অৱস্থান বা আৰ্থ-সামাজিক পটভূমি নিৰ্বিশেষে মানুহে সহজে পেছাদাৰী সহায় লাভ কৰিব পাৰিছে।

টেলি-মানস: মাত্ৰ এটা ফোনকলতে মানসিক স্বাস্থ্যৰ সহায়

২০২২ চনৰ ১০ অক্টোবৰত আৰম্ভ হোৱা টেলি-মানসে সাধাৰণ টেলিফোন কলৰ জৰিয়তে সময়োচিত পৰামৰ্শ, আৱেগিক সহায় আৰু পেছাদাৰী নিৰ্দেশনা প্ৰদান কৰি মানসিক স্বাস্থ্যসেৱা লাভৰ ক্ষেত্ৰত থকা ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

২০২৬ চনৰ অক্টোবৰ মাহলৈকে টেলি-মানসে লাভ কৰিছে মুঠ ৪৭,৭৫,৬৪৪টা ফোনকল। দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত মুঠ ৫৩টা টেলি-মানস কোষ কাৰ্যক্ষম হৈ আছে। এই বিস্তৃত পৰিসৰে দেশজুৰি বিভিন্ন ধৰণৰ মানসিক স্বাস্থ্যজনিত প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত সহজলভ্য আৰু প্ৰযুক্তিনিৰ্ভৰ সেৱাৰ গুৰুত্ব বৃদ্ধি পোৱাৰ ইংগিত দিছে।

১৪৪১৬ নম্বৰৰ জৰিয়তে আৱেগিক অস্থিৰতা, উদ্বেগ, মানসিক চাপ, টোপনিৰ সমস্যা অথবা আন মানসিক স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ব্যক্তিয়ে প্ৰশিক্ষিত পৰামৰ্শদাতাৰ সৈতে যোগাযোগ কৰিব পাৰে। প্ৰাৰম্ভিক সহায় লাভৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই। সপ্তাহৰ সাতোটা দিন, দিনে-নিশাই ২৪ ঘণ্টা উপলব্ধ এই হেল্পলাইনে বহুভাষিক সেৱাৰ জৰিয়তে মানুহক নিজৰ সুবিধা অনুসৰি সময় আৰু স্থানৰ পৰা সহায় বিচৰাৰ সুযোগ দিছে।

গ্ৰামাঞ্চল, দুৰ্গম অঞ্চল আৰু পৰ্যাপ্ত স্বাস্থ্যসেৱাৰ সুবিধা নথকা এলেকাত বাস কৰা লোকসকলৰ বাবে এই সেৱা বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। গোপনীয়তা আৰু সহায়ক পৰিৱেশ নিশ্চিত কৰি টেলি-মানসে মানসিক স্বাস্থ্যৰ সহায় বিচৰাৰ ক্ষেত্ৰত থকা দ্বিধা আৰু সংকোচ দূৰ কৰাৰ লগতে আগতীয়াকৈ সহায় ল’বলৈ উৎসাহিত কৰিছে।

প্ৰাৰম্ভিক পৰামৰ্শৰ উপৰি প্ৰয়োজন অনুসৰি এই কাৰ্যসূচীৰ জৰিয়তে বিশেষজ্ঞ মানসিক স্বাস্থ্য পেছাদাৰী আৰু উপযুক্ত চিকিৎসা সেৱাৰ সৈতে সংযোগ স্থাপনৰ ব্যৱস্থাও কৰা হয়। ইয়াৰ ফলত সামগ্ৰিক ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰি ধাৰাবাহিক চিকিৎসা আৰু যত্ন নিশ্চিত কৰাত সহায় হয়।

জনসাধাৰণৰ বৰ্ধিত অংশগ্ৰহণে সহজলভ্য মানসিক স্বাস্থ্যসেৱাৰ গুৰুত্ব প্ৰতিফলিত কৰিছে

টেলি-মানসৰ বৰ্ধিত ব্যৱহাৰে এনে এক সহজলভ্য মঞ্চৰ গুৰুত্ব প্ৰমাণ কৰিছে, য’ত ব্যক্তিয়ে সামাজিক কলংক বা বৈষম্যৰ ভয় নকৰাকৈ সহায় বিচাৰিব পাৰে।

নথিভুক্ত ১৩,৩৫,২৭৫গৰাকী ফোনকৰ্তাৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে, ফোনকৰ্তাসকলৰ ভিতৰত ৪৩.৭৮ শতাংশ অৰ্থাৎ ৫,৮৪,৫৮৭গৰাকী মহিলা। আনহাতে, পুৰুষ ৫৪.১৮ শতাংশ অৰ্থাৎ ৭,২৩,৪২৭ জন। মহিলাৰ উল্লেখযোগ্য অংশগ্ৰহণে টেলিফোনৰ জৰিয়তে পৰামৰ্শ লাভৰ ব্যৱস্থাই মানসিক স্বাস্থ্যসেৱা বিচৰা লোকসকলক সুবিধাজনক আৰু সহায়ক পৰিৱেশ প্ৰদান কৰাৰ দিশটো প্ৰতিফলিত কৰিছে।

যুৱ আৰু কৰ্মক্ষম বয়সৰ লোকসকলৰ মাজতো এই সেৱাৰ ব্যৱহাৰ উল্লেখযোগ্য। নথিভুক্ত ফোনকৰ্তাসকলৰ ভিতৰত ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ হাৰ ৭৩.২ শতাংশ।

ফোনকৰ্তাসকলে প্ৰকাশ কৰা সমস্যাসমূহৰ ভিতৰত আৱেগিক অস্থিৰতা, পৰীক্ষা, কৰ্মক্ষেত্ৰ আৰু সম্পৰ্কজনিত মানসিক চাপ, উদ্বেগ তথা টোপনিৰ সমস্যাই প্ৰধান স্থান লাভ কৰিছে। এই তথ্যই দৈনন্দিন জীৱনতো সহজলভ্য মানসিক স্বাস্থ্য সহায়ৰ প্ৰয়োজনীয়তা স্পষ্ট কৰিছে।

ব্যক্তিয়ে মুকলিকৈ নিজৰ সমস্যাৰ কথা ক’ব পৰা, পৰামৰ্শ লাভ কৰিব পৰা আৰু উপযুক্ত সেৱাৰ সৈতে সংযুক্ত হ’ব পৰা মঞ্চ প্ৰদান কৰি টেলি-মানসে মানসিক স্বাস্থ্যক সামগ্ৰিক স্বাস্থ্য আৰু কল্যাণৰ অবিচ্ছেদ্য অংশ হিচাপে স্বীকৃতি দিয়াৰ দিশত অৰিহণা যোগাইছে।

মন জাগৃতি: জনসমাজত মানসিক স্বাস্থ্যৰ সজাগতা বৃদ্ধি

বিশ্ব মানসিক স্বাস্থ্য দিৱস, ২০২৬ উপলক্ষে মন্ত্ৰালয়ে ‘মন জাগৃতি’ নামৰ এক সুপৰিকল্পিত জনসজাগতা আৰু অংশগ্ৰহণমূলক পদক্ষেপো আগবঢ়াই নিছে। ইয়াৰ লক্ষ্য হৈছে মানসিক স্বাস্থ্য সম্পৰ্কীয় জ্ঞান বৃদ্ধি কৰা, সামাজিক সংকোচ হ্ৰাস কৰা আৰু সময়মতে সহায় বিচৰাৰ প্ৰৱণতাক উৎসাহিত কৰা।

এই পদক্ষেপৰ জৰিয়তে কেৱল এবাৰৰ সজাগতা কাৰ্যসূচীতে সীমাবদ্ধ নাথাকি বিদ্যালয়, মহাবিদ্যালয়, কৰ্মক্ষেত্ৰ, স্বাস্থ্যকেন্দ্ৰ আৰু অন্যান্য সামাজিক মঞ্চৰ জৰিয়তে ধাৰাবাহিক জনসম্পৰ্ক আৰু সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হ’ব।

স্থানীয় পৰিস্থিতি আৰু প্ৰয়োজনৰ সৈতে সংগতি ৰাখি ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে মানসিক স্বাস্থ্যৰ বিষয়ে মুকলি আলোচনা, সমস্যাৰ আগতীয়া চিনাক্তকৰণ আৰু টেলি-মানসকে ধৰি উপলব্ধ সেৱাসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ কাৰ্যসূচী গ্ৰহণ কৰিব।

এই পদক্ষেপত স্বাস্থ্যসেৱা পেছাদাৰী, শিক্ষক-শিক্ষয়িত্ৰী, সমাজকৰ্মী, যুৱক-যুৱতী, পৰিয়ালৰ সদস্য, যত্ন লওঁতা, নাগৰিক সমাজৰ সংগঠন আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰ মাজেৰে পাৰ হোৱা ব্যক্তিসকলৰ অংশগ্ৰহণতো উৎসাহিত কৰা হ’ব।

দৈনন্দিন সামাজিক পৰিৱেশৰ মাজলৈ মানসিক স্বাস্থ্যৰ আলোচনা লৈ গৈ  ‘মন জাগৃতি’য়ে এনে এক সহায়ক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্য লৈছে, য’ত মানসিক স্বাস্থ্যৰ সহায় বিচৰাটো কল্যাণৰ দিশত এক ইতিবাচক আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হ’ব।

 সমাজৰ পৰা জিলা পৰ্যায়লৈ মানসিক স্বাস্থ্যসেৱা শক্তিশালীকৰণ

টেলি-মানসৰ পৰিসৰৰ পৰিপূৰক হিচাপে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ জৰিয়তেও মানসিক স্বাস্থ্যসেৱা শক্তিশালী কৰি আহিছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক সহায় আগবঢ়াই ৭৬৭খন জিলাত জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী ৰূপায়ণত অনুমোদন জনোৱা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে বহিঃবিভাগীয় চিকিৎসা, পৰামৰ্শদান, মনোসামাজিক হস্তক্ষেপ, ঔষধ, পৰৱৰ্তী চিকিৎসা আৰু যত্ন, জনসাধাৰণৰ মাজলৈ সেৱা সম্প্ৰসাৰণ তথা ৰোগীক উপযুক্ত চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। জিলা পৰ্যায়ত আভ্যন্তৰীণ ৰোগীৰ মানসিক স্বাস্থ্য চিকিৎসাৰ ব্যৱস্থাও ইয়াৰ অন্তৰ্ভুক্ত।

ইয়াৰ উপৰি দেশজুৰি ১.৮৩ লাখৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰত সামগ্ৰিক প্ৰাথমিক স্বাস্থ্যসেৱাৰ অংশ হিচাপে মানসিক স্বাস্থ্যসেৱা সংযুক্ত কৰা হৈছে।

এই কেন্দ্ৰসমূহত প্ৰাথমিক স্বাস্থ্যসেৱাৰ কৰ্মীসকলে মানসিক স্বাস্থ্যজনিত সমস্যাৰ পৰীক্ষা আৰু আগতীয়া চিনাক্তকৰণ, মনোসামাজিক সহায়, পৰৱৰ্তী চিকিৎসা আৰু যত্নৰ ব্যৱস্থা কৰে। প্ৰয়োজন অনুসৰি উন্নত স্বাস্থ্যসেৱা কেন্দ্ৰলৈ ৰোগীক প্ৰেৰণৰ ব্যৱস্থাও কৰা হয়।

এই সকলো পদক্ষেপে সমাজভিত্তিক সজাগতা, প্ৰাথমিক স্বাস্থ্যসেৱা, জিলা পৰ্যায়ৰ চিকিৎসা আৰু ডিজিটেল পৰামৰ্শদান ব্যৱস্থাক সংযুক্ত কৰি মানসিক স্বাস্থ্যসেৱাৰ এক ধাৰাবাহিক আৰু সমন্বিত ব্যৱস্থা শক্তিশালী কৰিছে।

 অধিক সামগ্ৰিক আৰু সহায়ক মানসিক স্বাস্থ্যসেৱা ব্যৱস্থাৰ দিশে

বিশ্ব মানসিক স্বাস্থ্য দিৱস, ২০২৬ উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পুনৰ উল্লেখ কৰিছে যে, মানসিক স্বাস্থ্যসেৱা সকলোৰে হাতৰ মুঠিত থাকিব লাগে আৰু সহায় বিচৰাটো কেতিয়াও দ্বিধা, সংকোচ বা সামাজিক কলংকৰ কাৰণ হ’ব নালাগে।

টেলি-মানসৰ বৰ্ধিত পৰিসৰৰ লগতে সমাজভিত্তিক আৰু প্ৰাথমিক পৰ্যায়ৰ মানসিক স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণে এনে এক সঁহাৰিমূলক স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে, য’ত প্ৰতিগৰাকী ব্যক্তিৰ প্ৰয়োজন, মৰ্যাদা আৰু কল্যাণক কেন্দ্ৰস্থলত ৰখা হৈছে।

টেলি-মানসৰ জৰিয়তে মন্ত্ৰালয়ে এটা সহজ অথচ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰচাৰ কৰিছে—মানসিক স্বাস্থ্যৰ সহায় লাভ কৰাটো দূৰৱৰ্তী, জটিল বা দুৰ্লভ হ’ব নালাগে। সহায় উপলব্ধ, আৰু মাত্ৰ এটা ফোনকলৰ জৰিয়তেই সহায় বিচৰাৰ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিব পাৰি।

মানসিক স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱা ব্যক্তি তথা পৰামৰ্শ আৰু নিৰ্দেশনাৰ প্ৰয়োজন হোৱা পৰিয়ালৰ সদস্য আৰু যত্ন লওঁতাসকলক মন্ত্ৰালয়ে টেলি-মানসৰ ১৪৪১৬ নম্বৰৰ জৰিয়তে আগবঢ়োৱা বিনামূলীয়া আৰু গোপনীয় সেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এই সেৱা দেশজুৰি দিনে-নিশাই ২৪ ঘণ্টাই উপলব্ধ।

প্ৰতিটো কথোপকথনেই গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী ব্যক্তিৰ কণ্ঠস্বৰ শুনাৰ যোগ্য। আৰু মানসিক স্বাস্থ্যসেৱা সকলোৰে বাবে সুলভ হোৱাটো নিশ্চিত কৰিবই লাগিব।

 

*************************

SR/PB


(ৰিলিজ আই ডি : 2321620) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी