ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

এম.ই.আই.টি.ৱাই পেভিলিয়নত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৬ত ভাৰতৰ ডিজিটেল উদ্ভাৱন আৰু উদীয়মান প্ৰযুক্তিৰ সামৰ্থ্য প্ৰকাশ

এম.ই.আই.টি.ৱাই পেভিলিয়নত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, এ.আই, ছেমিকণ্ডাক্টৰ, ষ্টাৰ্টআপ আৰু ইমার্ছিভ প্ৰযুক্তিৰ প্ৰদৰ্শনী

পোষ্ট কৰা হৈছে: 09 OCT 2026 3:01PM by PIB Guwahati

নতুন দিল্লীৰ যশোভূমিত যোৱা ৭ অক্টোবৰত দশম ইণ্ডিয়া ম'বাইল কংগ্ৰেছ (আই.এম.চি.) ২০২৬ আৰম্ভ হয়। ইয়াত ভাৰত তথা বিশ্বৰ ভালে সংখ্যক প্ৰযুক্তি কোম্পানী, ষ্টাৰ্টআপ, উদ্ভাৱক, নীতি নিৰ্ধাৰক, গৱেষক আৰু উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকল একত্ৰ হৈছিল। অনুষ্ঠানটো ৮ অক্টোবৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

‘সীমাবিহীন পৰিমাপ’(Scale Without Boundaries) বিষয়ত ৭ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত হোৱা আই.এম.চি. ২০২৬-এ আলোচনা, উদ্ভাৱন আৰু নতুন প্ৰজন্মৰ সংযোগ তথা নব্য প্ৰযুক্তিৰ সহযোগিতাক এখন মঞ্চ প্ৰদান কৰে।

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (এম.ই.আই.টি.ৱাই.) আই.এম.চি ২০২৬ৰ পেভিলিয়নত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, নাগৰিক সেৱা, ভাষা প্ৰযুক্তি, তথ্যৰ সুৰক্ষা, ছেমিকণ্ডাক্টৰ, ইণ্টাৰনেট আন্তঃগাঁথনি, উন্নত গৱেষণা আৰু প্ৰযুক্তি উদ্যোগশীলতাৰ বিভিন্ন পৰিসৰৰ ডিজিটেল ইণ্ডিয়া আঁচনি আৰু সফলতা প্ৰদৰ্শন কৰা হৈছে। পেভিলিয়নত নাগৰিক আৰু ৰাজহুৱা সেৱাৰ সহায়ক ডিজিটেল ব্যৱস্থা যেনে আধাৰ, ডিজি লকাৰ, উমং আৰু এণ্টিটী লকাৰ প্ৰদৰ্শন কৰা হয়। এই ব্যৱস্থাবোৰে দেখুৱাইছে ডিজিটেল প্লেটফৰ্মে নাগৰিক আৰু বিভিন্ন অনুষ্ঠানৰ পৰিচিতি, নথিপত্ৰ আৰু চৰকাৰী সেৱাৰ সুবিধা গ্ৰহণ কেনেদৰে অধিক নিৰৱচ্ছিন্ন, সুৰক্ষিত আৰু সুবিধাজনক কৰি তুলিছে।

এ.পি.আই. সেতু বুথত একত্ৰীকৰণ আৰু তথ্যৰ বিনিময়ৰ বিষয়ে দেখুওৱা হয়, য’ত এ.পি.আইৰ জৰিয়তে ডিজিটেল পদ্ধতিত ইটোৰ সৈতে সিটোৰ সংযোগ কৰিব পাৰি। দৰ্শনাৰ্থীসকলক ইউএক্স৪জিৰ গোট এটাই নাগৰিক-কেন্দ্ৰিক ডিজাইনৰ জৰিয়তে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু তেওঁলোকৰ ডিজিটেল সম্পদৰ ডিজাইন উন্নত কৰাৰ কৌশল জনাত সহায় কৰিছে। ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা (ডিপিডিপি) ফ্ৰেমৱৰ্ক থকা এটা বুথে ডিজিটেল যুগত ব্যক্তিগত তথ্যৰ দায়িত্বশীল সংসাধন আৰু সুৰক্ষাৰ গুৰুত্বত আলোকপাত কৰে। ডিজিটেল ইণ্ডিয়া ভাষিণী(Digital India BHASHINI)য়ে সকলো ভাৰতীয় ভাষাত ডিজিটেল সমল আৰু সেৱাসমূহৰ ব্যৱহাৰ সহজ কৰি তুলিবলৈ কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাষা প্ৰযুক্তিৰ প্ৰয়োগ প্ৰদৰ্শন কৰিছে। মাইগভ ইণ্ডিয়া (MyGov India)ই নিজৰ বুথলৈ সমগ্ৰ দেশৰ কাহিনী, কণ্ঠস্বৰ আৰু তৃণমূল পৰ্যায়ৰ ব্যৱস্থাৱলীত আলোকপাত কৰি 'মন কী বাত’ৰ ভিডিঅ’ৰ এটা সংগ্ৰহ লৈ আহিছে।

পেভিলিয়নত চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ড্যাক)ও আছে, য’ত নিক্সি (NIXI), সমীৰ (SAMEER) আৰু ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন (আইএছএম)ৰ সৈতে দৰ্পন এছ৩ (DARPAN S3) প্ৰদৰ্শন কৰা হৈছে। এই ব্যৱস্থা কেইটাই ইণ্টাৰনেট আন্তঃগাঁথনি, প্ৰায়োগিক গৱেষণা আৰু উন্নত প্ৰযুক্তিৰ সক্ষমতাত আলোকপাত কৰিছে। ছফ্টৱেৰ টেকন’লজি পাৰ্ক অৱ ইণ্ডিয়া (এছ.টি.পি.আই.)ই ১৪টা ‘ইনকিউবেটেড ষ্টাৰ্টআপ’ৰ সৈতে অংশগ্ৰহণ কৰিছে।ইয়াৰ জৰিয়তে উদ্যোগীসকলক তেওঁলোকৰ সামগ্ৰী আৰু উৎপাদনবোৰ দৰ্শনাৰ্থী, বিনিয়োগকাৰী আৰু উদ্যোগৰ অংশগ্ৰহণকাৰীসকলৰ আগত উপস্থাপন কৰাৰ সুযোগ প্ৰদান কৰিছে। ষ্টাৰ্টআপ প্ৰদৰ্শনীয়ে উদীয়মান ভাৰতীয় উদ্ভাৱন আৰু প্ৰযুক্তিৰ ধাৰণাসমূহক বজাৰৰ বাবে সাজু সমাধান হিচাপে বিকশিত কৰাৰ পথৰ আভাস দিছে।

এই প্ৰদৰ্শনীত থকা এটা পাৰস্পৰিক অভিজ্ঞতা বুথে দৰ্শনাৰ্থীসকলক উদীয়মান প্ৰযুক্তিৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে। এটা বুথে দৰ্শনাৰ্থীসকলক তেওঁলোকৰ নিজৰ এআই ব্যৱস্থা সৃষ্টি কৰিবলৈ সহায় কৰে; আনহাতে আন এটা বুথে ভি.আৰ.-আধাৰিত ক্ৰিকেটৰ অভিজ্ঞতা প্ৰদান কৰে, য’ত সুগম আৰু আকৰ্ষণীয় ফৰ্মেটত এআই আৰু নিমজ্জন প্ৰযুক্তিৰ প্ৰয়োগ প্ৰদৰ্শন কৰে। প্ৰদৰ্শনীখনত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ(এম.ই.আই.টি.ৱাই.) উপস্থিতিয়ে ডিজিটেল সেৱা, নাগৰিকৰ অংশগ্ৰহণ, এ.আই., ষ্টাৰ্টআপ, ছেমিকণ্ডাক্টৰ, ইণ্টাৰনেট আন্তঃগাঁথনি আৰু উন্নত গৱেষণা একত্ৰিত কৰে, যাৰ ফলত দৰ্শনাৰ্থীসকলক ভাৰতৰ প্ৰযুক্তি ক্ষমতাৰ প্ৰসাৰ আৰু এই ক্ষেত্ৰসমূহত উদ্ভৱ হোৱা সুযোগ বিলাকৰ সুক্ষ্ম দৃষ্টিভংগী প্ৰদান কৰে। শিক্ষাৰ্থী, উদ্যোগী, চৰকাৰী বিষয়া, গৱেষক আৰু উদ্যোগৰ প্ৰতিনিধিসকলে প্ৰদৰ্শনীখনত এই ব্যৱস্থা বিলাক বুজি ল’ব, উদ্ভাৱকসকলৰ সৈতে মত বিনিময় কৰিব আৰু নিৰ্বাচিত প্ৰযুক্তিৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।

***

Vinod Kumar / Kanishk Sharma / Dhanya Ranjan/PK


(ৰিলিজ আই ডি : 2321388) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी