প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰতিৰক্ষামন্ত্ৰীয়ে ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ দ্বাৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰুফ ৰেঞ্জ, ফিল্ড ফায়াৰিং ৰেঞ্জ আৰু পৰীক্ষাগাৰৰ সুবিধা ব্যৱহাৰৰ সংশোধিত মানক কাৰ্যপ্ৰণালীৰ অনুমোদন জনায়

পোষ্ট কৰা হৈছে: 07 OCT 2026 4:58PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ দ্বাৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰুফ ৰেঞ্জ, ফিল্ড ফায়াৰিং ৰেঞ্জ আৰু পৰীক্ষাগাৰৰ সুবিধা ব্যৱহাৰৰ সংশোধিত মানক কাৰ্যপ্ৰণালীৰ অনুমোদন জনাইছে। সংশোধিত এই এছঅ’পিয়ে প্ৰয়োজনীয় আৰ্হিৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰুফ ৰেঞ্জ আৰু লেবৰেটৰী পৰীক্ষণৰ সুবিধাসমূহ আৱণ্টন তথা ব্যৱহাৰৰ এক বিস্তৃত আৰু সৰলীকৃত প্ৰক্ৰিয়া আগবঢ়াইছে।

সংশোধিত এছঅ’পিৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল:

  • প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতাক উৎসাহিত কৰাৰ লক্ষ্যৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আইডেক্স, টিডিএফ, ‘মেক’ আৰু অন্যান্য বিকাশমূলক প্ৰকল্পসমূহৰ বাবে প্ৰুফ/পৰীক্ষণ মাচুল ৰেহাই দিয়া হৈছে।
  • ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগৰ ব্যৱহাৰৰ বাবে ডিআৰডিঅ’, চৰকাৰী গুণমান নিশ্চয়তা সংস্থা আৰু তিনি প্ৰতিৰক্ষা বাহিনীৰ হাতত উপলব্ধ প্ৰুফ ৰেঞ্জ, ফিল্ড ফায়াৰিং ৰেঞ্জ আৰু পৰীক্ষাগাৰ পৰীক্ষণৰ সুবিধাসমূহ এই এছঅ’পিত তালিকাভুক্ত কৰা হৈছে।
  • প্ৰুফ বা পৰীক্ষণ মাচুল প্ৰযোজ্য হোৱা স্থানত ইয়াৰ গণনা আৰু পৰিশোধৰ প্ৰক্ৰিয়া এছঅ’পিত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত উদ্যোগসমূহৰ বাবে নথি-পত্ৰ আৰু কাৰ্যপদ্ধতি যথেষ্ট সৰল হৈ পৰিছে।
  • থলুৱা প্ৰতিৰক্ষা উদ্যোগে সন্মুখীন হোৱা সমস্যাসমূহ ক্ষিপ্ৰতাৰে সমাধান কৰি ব্যৱসায়িক সুচলতা বৃদ্ধিৰ স্বাৰ্থত বৰ্তমানৰ এছঅ’পিত থকা মধ্যস্থতাৰ ব্যৱস্থাৰ ঠাইত এক অধিক সৰল আৰু উদ্যোগ-অনুকূল আপোচ নিষ্পত্তি চুক্তিৰ ধাৰা অন্তৰ্ভুক্ত কৰা হৈছে।
  • প্ৰতি তিনিমাহত প্ৰুফ ৰেঞ্জসমূহত তিনিদিনীয়া এটা সময়সূচী সংৰক্ষণ কৰা হৈছে, যাতে চৰকাৰী পৃষ্ঠপোষকতাত চলা বিকাশমূলক প্ৰকল্পসমূহ—যেনে আইডেক্স, টিডিএফ, ‘মেক’ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অন্যান্য বিকাশমূলক প্ৰকল্পৰ লগতে থলুৱা প্ৰতিৰক্ষা উদ্যোগৰ নিজা উদ্যোগত গ্ৰহণ কৰা প্ৰকল্পসমূহৰ প্ৰুফ ফায়াৰিং সম্পন্ন কৰিব পৰা যায়।

সংশোধিত এছঅ’পিৰ লক্ষ্য হৈছে প্ৰুফ ৰেঞ্জ, ফিল্ড ফায়াৰিং ৰেঞ্জ আৰু পৰীক্ষণ সুবিধাসমূহৰ অধিক সৰল, স্বচ্ছ আৰু উদ্যোগ-অনুকূল ব্যৱহাৰ নিশ্চিত কৰা। ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগে গ্ৰহণ কৰা বিকাশমূলক প্ৰকল্পসমূহত প্ৰুফ আৰু পৰীক্ষণৰ সহযোগিতা আগবঢ়োৱাৰ উপৰিও ইয়াৰ জৰিয়তে থলুৱাকৰণ, উদ্ভাৱন আৰু প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধিৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহকো কাৰ্যকৰী কৰা হৈছে।

 

SR/Sumitra/MM


(ৰিলিজ আই ডি : 2320566) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी