প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতক গঢ় দিয়া উদ্যোগ, উদ্যোগীকৰণ আৰু উৎপাদনৰ পৰিৱেশৰ বিষয়ত আলোকপাত কৰি লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে

পোষ্ট কৰা হৈছে: 07 OCT 2026 12:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী উদয় কোটাকে লিখা এটি প্ৰৱন্ধ প্ৰকাশ কৰে, য’ত প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া নেতৃত্বই ভাৰতত উদ্যোগ, উদ্যমিতা আৰু উৎপাদনৰ অনুকূল পৰিৱেশ শক্তিশালী কৰাত কেনেদৰে সহায় কৰিছে  সেই বিষয়ে উল্লেখ কৰা হৈছে।

শ্ৰী উদয় কোটাকে উল্লেখ কৰিছে যে বিভিন্ন সংস্কাৰ, আন্তঃগাঁথনি উন্নয়ন আৰু উৎপাদন, অৰ্ধপৰিবাহী, প্ৰতিৰক্ষা তথা গভীৰ প্ৰযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহে দেশত নতুন ঔদ্যোগিক সক্ষমতা গঢ়ি তুলিছে।তেওঁ লগতে উল্লেখ কৰে যে বিকশিত ভাৰতৰ লক্ষ্যই ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক নিজৰ কাৰ্যকলাপ সম্প্ৰসাৰণ কৰাৰ লগতে বিশ্ব বজাৰত প্ৰতিযোগিতা কৰিবলৈ উৎসাহিত কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত প্ৰকাশ কৰা বাৰ্তাত কয়

“শ্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া নেতৃত্বই ভাৰতত উদ্যোগ, উদ্যমিতা আৰু উৎপাদনৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাত সহায় কৰিছে। সংস্কাৰ, আন্তঃগাঁথনি উন্নয়ন আৰু উৎপাদন, অৰ্ধপৰিবাহী, প্ৰতিৰক্ষা আৰু গভীৰ প্ৰযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন পদক্ষেপসমূহে দেশৰ নতুন ঔদ্যোগিক সক্ষমতা গঢ়ি তুলিছে বুলি শ্ৰী উদয় কোটাকে লিখা প্ৰৱন্ধটোত কোৱা হৈছে ।বিকশিত ভাৰতৰ লক্ষ্যই ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক বিকশিত হোৱাৰ লগতে বিশ্ব বজাৰত প্ৰতিযোগিতা কৰিবলৈও উৎসাহিত কৰিছে।ভাৰতৰ পৰৱৰ্তী পৰ্যায়ৰ ঔদ্যোগিক বিকাশৰ সন্দৰ্ভত এই লেখাটো এক চিন্তাশীল দৃষ্টিভংগী ।”

****

MJPS/SS/VJ/SS/DM


(ৰিলিজ আই ডি : 2320157) অতিথি কক্ষ : 3