প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিত, পিভিএছএম, এভিএছএম, ভিএম, ভিএছএমক বায়ুসেনা প্ৰধান (চিএএছ) হিচাপে নিযুক্তি প্ৰদান চৰকাৰৰ

পোষ্ট কৰা হৈছে: 06 OCT 2026 8:39PM by PIB Guwahati

চৰকাৰে বৰ্তমান উপ-বায়ুসেনা প্ৰধান হিচাপে কৰ্মৰত এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিত, পিভিএছএম, এভিএছএম, ভিএম, ভিএছএমক এয়াৰ চীফ মাৰ্শ্বাল পদবীত ২৯ সংখ্যক বায়ুসেনা প্ৰধান হিচাপে নিযুক্তি প্ৰদান কৰিছে, যি ২০২৬ চনৰ ৩১ অক্টোবৰৰ আবেলিৰ পৰা কাৰ্যকৰী হ’ব। বৰ্তমানৰ বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল অমৰ প্ৰীত সিঙে ২০২৬ চনৰ ৩১ অক্টোবৰত কাৰ্যকাল সমাপ্ত কৰি অৱসৰ গ্ৰহণ কৰিব।

১৯৬৬ চনৰ ৯ ডিচেম্বৰত জন্মগ্ৰহণ কৰা এয়াৰ মাৰ্শ্বাল আশুতোষ দীক্ষিতে ১৯৮৬ চনৰ ৬ ডিচেম্বৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু শাখাভুক্ত হৈ সেৱা আৰম্ভ কৰে। উপ-বায়ুসেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে এয়াৰ মাৰ্শ্বাল দীক্ষিতে হেডকোৱাৰ্টাৰ্ছ ইন্টিগ্ৰেটেড ডিফেন্স ষ্টাফত (এইচকিউআইডিএছ) চীফছ অব্ ষ্টাফ কমিটীৰ (চিআইএছচি) অধ্যক্ষৰ চীফ অব্ ইন্টিগ্ৰেটেড ডিফেন্স ষ্টাফ আৰু মধ্য বায়ু কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

এয়াৰ মাৰ্শ্বালগৰাকী নেচনেল ডিফেন্স একাডেমী, ডিফেন্স ছাৰ্ভিচেছ কমাণ্ড এণ্ড ষ্টাফ কলেজ বাংলাদেশ আৰু নেচনেল ডিফেন্স কলেজৰ প্ৰাক্তন ছাত্ৰ। মিৰাজ-২০০০, মিগৰ বিভিন্ন সংস্কৰণ, কিৰণ, জাগুৱাৰ, আইএল-৭৮, হক আৰু তেজছকে ধৰি বিভিন্ন বিমান চলোৱাৰ ৩৫০০ ঘণ্টাতকৈও অধিক সময়ৰ ব্যাপক উৰণ অভিজ্ঞতা তেওঁৰ আছে। তেওঁ এজন পৰীক্ষণমূলক টেষ্ট পাইলট আৰু এজন অৰ্হতাসম্পন্ন উৰণ প্ৰশিক্ষক। প্ৰায় চাৰিটা দশকজোৰা সেৱাকালত তেওঁ অপাৰেচন ছফেদ সাগৰ, অপাৰেচন ৰক্ষক আৰু অপাৰেচন সিন্দূৰকে ধৰি বহুতো সামৰিক অভিযান আৰু অনুশীলনত সক্ৰিয়ভাৱে জড়িত আছিল।

এয়াৰ মাৰ্শ্বালগৰাকীয়ে তেওঁৰ এই উজ্জ্বল কাৰ্যকালত কেইবাটাও গুৰুত্বপূৰ্ণ ফিল্ড আৰু ষ্টাফ পদবীত কাৰ্যনিৰ্বাহ কৰে। তেওঁ পশ্চিম খণ্ডৰ এক অগ্ৰণী যুঁজাৰু বিমান ঘাটি আৰু দক্ষিণ খণ্ডৰ এক প্ৰধান যুঁজাৰু প্ৰশিক্ষণ ঘাটিৰ নেতৃত্ব বহন কৰিছিল। বিভিন্ন ভূমিকাত এয়াৰ অফিচাৰগৰাকীৰ উল্লেখনীয় অৱদানৰ ফলত ভাৰতীয় বায়ুসেনাৰ কাৰ্যকৰী সক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। তেওঁৰ আদৰ্শ আৰু বিশিষ্ট সেৱাৰ স্বীকৃতিস্বৰূপে তেওঁক ২০০৬ চনত বায়ুসেনা পদক, ২০১১ চনত বিশিষ্ট সেৱা পদক, ২০২৩ চনত অতি বিশিষ্ট সেৱা পদক আৰু ২০২৬ চনত পৰম বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়।

image.jpegimage.jpeg

SR/NIRMIT/MM


(ৰিলিজ আই ডি : 2319907) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी