স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া, বাকী থকা কাম-কাজ হ্ৰাস কৰা আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থা শক্তিশালী কৰাৰ বাবে 'বিশেষ অভিযান ৬' আৰম্ভ কৰে

ডিঅ'এইচএফডব্লিউৰ অধীনস্থ কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহ, সংযুক্ত আৰু অধীনস্থ কাৰ্যালয়সমূহ, স্বায়ত্তশাসিত সংস্থাসমূহ আৰু চিপিএছইউসমূহত এই অভিযান ৰূপায়ণ কৰা হৈছে

পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীৰ বাবে ২,০১৭টা স্থান চিনাক্ত; ৬০,০১২টা নথি (ফিজিকেল ফাইল) আৰু ১০,০২০টা ই-ফাইল পৰ্যালোচনা কৰা হ'ব

পোষ্ট কৰা হৈছে: 02 OCT 2026 5:05PM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে (ডিঅ'এইচএফডব্লিউ) ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা ইয়াৰ অধীনৰ কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহ, সংযুক্ত আৰু অধীনস্থ কাৰ্যালয়সমূহ, স্বায়ত্তশাসিত সংস্থাসমূহ, চিপিএছইউসমূহ তথা অন্যান্য প্ৰতিষ্ঠানসমূহত 'বিশেষ অভিযান ৬' কাৰ্যকৰী কৰাৰ কাম আৰম্ভ কৰিছে। স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া, বাকী থকা কাম-কাজ হ্ৰাস কৰা আৰু কাৰ্যক্ষম তথা নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থাক উৎসাহিত কৰাৰ লক্ষ্যৰে এই অভিযান ২০২৬ চনৰ ৩১ অক্টোবৰলৈকে অব্যাহত থাকিব।

প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা ওজৰ-আপত্তি বিভাগৰ (ডিএআৰপিজি) নেতৃত্বত চলি থকা এই অভিযানৰ মূল উদ্দেশ্য হৈছে বাকী থকা বিষয়সমূহৰ সময়মতে নিষ্পত্তি নিশ্চিত কৰাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰসাৰ আৰু কৰ্মক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰা। বিশেষ অভিযান ৬-ৰ অধীনত ডিঅ'এইচএফডব্লিউয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা, নথি-পত্ৰ আৰু অব্যৱহাৰ্য সামগ্ৰী নিষ্কাশন, নথি পৰ্যালোচনা, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি তথা নিয়ম আৰু প্ৰক্ৰিয়াৰ সৰলীকৰণৰ দৰে বিষয়সমূহ সামৰি এক ব্যাপক লক্ষ্য নিৰ্ধাৰণ কৰিছে।

পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ অংশ হিচাপে ডিঅ'এইচএফডব্লিউৰ অধীনস্থ বিভিন্ন কাৰ্যালয় আৰু প্ৰতিষ্ঠানৰ ২,০১৭টা স্থান চাফাই কাৰ্যসূচীৰ বাবে চিনাক্ত কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে অধিক পৰিষ্কাৰ, সুসংগঠিত আৰু স্বাস্থ্যসন্মত কৰ্মক্ষেত্ৰ গঢ়ি তোলা। ই-আৱৰ্জনা আৰু অব্যৱহাৰ্য সামগ্ৰী চিনাক্তকৰণ তথা নিষ্কাশনৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হৈছে। দায়িত্বশীলভাৱে নিষ্কাশন নিশ্চিত কৰাৰ উপৰিও এই প্ৰচেষ্টাই ৰাজহ আহৰণ কৰিব আৰু ফলপ্ৰসূ ব্যৱহাৰৰ বাবে কাৰ্যালয়ৰ মূল্যবান স্থান মুকলি কৰিব বুলি আশা কৰা হৈছে।

সহকাৰী ঔষধ নিয়ন্ত্ৰকৰ (ভাৰত) কাৰ্যালয়, চিডিএছচিঅ', জেএনপিটি ছী পোৰ্ট, পানভেল

এই অভিযানৰ অধীনত বিভাগৰ বিভিন্ন প্ৰতিষ্ঠান আৰু কাৰ্যালয়সমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ ভিতৰত সহকাৰী ঔষধ নিয়ন্ত্ৰকৰ (ভাৰত) কাৰ্যালয়, চিডিএছচিঅ', জেএনপিটি ছী পোৰ্ট, পানভেল; কেন্দ্ৰীয় স্বাস্থ্য শিক্ষা ব্যুৰ' (চিএইচইবি), দিল্লী; স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (পিজিআইএমইআৰ), চণ্ডীগড়; আৰু আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান (আইআইপিএছ), মুম্বাই অন্যতম।

কেন্দ্ৰীয় স্বাস্থ্য শিক্ষা ব্যুৰ' (চিএইচইবি), দিল্লী

বাকী থকা বিষয়সমূহ নিষ্পত্তি কৰিবলৈ আৰু জনমুখী শাসন ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে এই অভিযানৰ অধীনত ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে বহুতো ৰাজহুৱা ওজৰ-আপত্তি তথা সংশ্লিষ্ট আবেদনসমূহ চিহ্নিত কৰা হৈছে। এই পদক্ষেপে ওজৰ-আপত্তিসমূহৰ সময়মতে নিষ্পত্তি নিশ্চিত কৰাৰ লগতে এক স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক প্ৰশাসনক অধিক সুদৃঢ় কৰিব বিচাৰিছে।

ইয়াৰ উপৰিও, পুনৰীক্ষণৰ বাবে ৬০,০১২টা নথি আৰু ১০,০২০টা ই-ফাইল চিনাক্ত কৰা হৈছে। এই পুনৰীক্ষণৰ মূল লক্ষ্য হৈছে অপ্ৰয়োজনীয় নথি-পত্ৰ হ্ৰাস কৰা, নথি ব্যৱস্থাপনা উন্নত কৰা আৰু কাৰ্যালয়ৰ কাম-কাজসমূহ সুশৃংখলিত কৰি তোলা।

স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (পিজিআইএমইআৰ), চণ্ডীগড়

ইয়াৰ উপৰিও প্ৰক্ৰিয়াগত বাধা আঁতৰ কৰা, কাৰ্যদক্ষতা বৃদ্ধি কৰা আৰু প্ৰশাসন ব্যৱস্থা সুগম কৰি তোলাৰ উদ্দেশ্যে ১২টা নিয়ম/প্ৰক্ৰিয়া সৰলীকৰণৰ বাবে চিনাক্ত কৰা হৈছে।

বিশেষ অভিযান ৬-ৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অধিক পৰিষ্কাৰ কৰ্মক্ষেত্ৰ, কাৰ্যকৰী নথি ব্যৱস্থাপনা, বাকী থকা কাম-কাজ হ্ৰাস, প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু এক জনমুখী প্ৰশাসনৰ দিশত এক সমন্বিত প্ৰচেষ্টা হাতত লৈছে।

আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠান (আইআইপিএছ), মুম্বাইত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান

বিভাগে ইয়াৰ কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহত স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া, প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা আৰু নাগৰিককেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ ব্যক্ত কৰে।

 

 

SR/MM

এইচএফডব্লিউ/ ডিঅ'এইচএফডব্লিউৱে বিশেষ অভিযান ৬ আৰম্ভ কৰে /০২ অক্টোবৰ ২০২৬/১/


(ৰিলিজ আই ডি : 2318356) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी