প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংকল্প আৰু অধ্যৱসায়ৰ গুৰুত্ব প্ৰতিফলিত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 OCT 2026 8:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংস্কৃতৰ এটি হিতোপদেশ শ্বেয়াৰ কৰি এই কথা আলোকপাত কৰে যে দৃঢ়সংকল্প আৰু ধৈৰ্যশীল ব্যক্তিসকলে নিজৰ কাংক্ষিত লক্ষ্যত উপনীত নোহোৱালৈকে কেতিয়াও হাৰ নামানে। তেওঁ উল্লেখ কৰে যে সাগৰ মন্থনৰ সময়ত দেৱতাসকলে বহুমূলীয়া ৰত্ন লাভ কৰিও সিমানতে থমকি ৰোৱা নাছিল অথবা ভয়ংকৰ বিষৰ উপস্থিতিতো ভয় খোৱা নাছিল; অমৃত লাভ নকৰালৈকে তেওঁলোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।
প্ৰধানমন্ত্ৰীয়ে নিম্নোলিখিত সংস্কৃত হিতোপদেশটো শ্বেয়াৰ কৰে—
“रत्नैर्महाब्धेस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः॥”
এই হিতোপদেশৰ জৰিয়তে বুজোৱা হৈছে যে যিদৰে দেৱতাসকলে সাগৰ মন্থনত ৰত্ন লাভ কৰিও সিমানতে থমকি ৰোৱা নাছিল আৰু ভয়ংকৰ কালকূট বিষ দেখা পাইও ভয় নাখালে, বৰঞ্চ অমৃত লাভ নকৰালৈকে একেৰাহে প্ৰচেষ্টা চলাই গ’ল; ঠিক সেইদৰে ধৈৰ্যশীল আৰু সংকল্পবদ্ধ ব্যক্তিসকলেও নিজৰ নির্দিষ্ট লক্ষ্যত উপনীত নোহোৱালৈকে ক্ষান্ত নহয়।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে উল্লেখ কৰে;
“रत्नैर्महाब्धेस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः॥”
***************
MJPS/SS/ST/DB
(ৰিলিজ আই ডি : 2317508)
অতিথি কক্ষ : 15
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam