ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ তিনি বছৰ সম্পূৰ্ণঃ আঁচনিখনৰ অধীনত ৩০ লাখ শিল্পীৰ পঞ্জীয়ন
২০২৬ চনৰ ১৭ ছেপ্টেম্বৰত কলকাতাত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ তৃতীয় বাৰ্ষিকী উদযাপন
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জীতন ৰাম মাঝি আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীয়ে এই উদযাপনত অংশগ্ৰহণ কৰিব
পোষ্ট কৰা হৈছে:
16 SEP 2026 12:47PM by PIB Guwahati
ভাৰত চৰকাৰৰ লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে (এমএছএমই) ২০২৬ চনৰ ১৭ ছেপ্টেম্বৰত পশ্চিমবংগৰ কলকাতাৰ ধন ধান্য প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ তৃতীয় বাৰ্ষিকী উদযাপন কৰিব। এই অনুষ্ঠানটোৱে পৰম্পৰাগত শিল্পী আৰু কলা-কুশলীসকলক ব্যাপক পৰ্যায়ত সমৰ্থন প্ৰদান কৰা আৰু তেওঁলোকৰ জীৱিকা তথা উদ্যমশীলতাৰ সামৰ্থ্য শক্তিশালী কৰাৰ লক্ষ্যৰে ৰূপায়িত আঁচনিখনৰ তিনি বছৰ চিহ্নিত কৰিব।
এমএছএমই দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জীতন ৰাম মাঝিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শ্ৰী শুভেন্দু অধিকাৰীৰ লগতে এমএছএমই দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সুশ্ৰী শোভা কৰন্দলাজেৰ সন্মানীয় উপস্থিতিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। পশ্চিমবংগ চৰকাৰৰ লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু বস্ত্ৰ বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী শ্ৰী দীপক বৰ্মন আৰু পশ্চিমবংগ চৰকাৰৰ লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী অশোক ডিণ্ডায়ো এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ভাৰত চৰকাৰৰ উন্নয়ন আয়ুক্তৰ কাৰ্যালয় (এমএছএমই), খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (কেভিআইচি), ৰাষ্ট্ৰীয় ক্ষুদ্ৰ উদ্যোগ নিগম (এনএছআইচি), ৰাজ্যিক পৰ্যায়ৰ বেংকাৰ সমিতি (এছএলবিচি) আৰু ভাৰত ডাক বিভাগৰ প্ৰতিনিধিসকলকে ধৰি ভাৰত চৰকাৰৰ এমএছএমই মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ হিতাধিকাৰী, গ্ৰাম পঞ্চায়ত/নগৰ স্থানীয় নিকায় (ইউএলবি), উমৈহতীয়া সেৱা কেন্দ্ৰ (চিএছচি)/গ্ৰাম পৰ্যায়ৰ উদ্যমী (ভিএলই) আৰু অন্যান্য অংশীদাৰসকলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিব। স্থানীয় শিল্পী আৰু কলা-কুশলীসকলৰ সামগ্ৰী প্ৰদৰ্শন কৰা বিভিন্ন বিপণী থকা এক প্ৰদৰ্শনীৰো আয়োজন কৰা হ’ব, যিয়ে তেওঁলোকক তেওঁলোকৰ সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এখন মঞ্চ প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ তিনি বছৰ
২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ টা চিনাক্ত কৰা ব্যৱসায়ত নিয়োজিত পৰম্পৰাগত শিল্পী আৰু কলা-কুশলীসকলক প্ৰথমৰ পৰা অন্তিম পৰ্যায়লৈ সমৰ্থন প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিখনে বিশ্বকৰ্মাসকলৰ পৰম্পৰাগত দক্ষতাক প্ৰাতিষ্ঠানিক সমৰ্থন, আধুনিক সঁজুলি, আৰ্থিক প্ৰৱেশাধিকাৰ, দক্ষতা উন্নয়ন আৰু বজাৰৰ সংযোগ প্ৰদান কৰি শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, যাতে তেওঁলোকৰ উৎপাদনশীলতা, উপাৰ্জন আৰু উদ্যমশীলতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
এই আঁচনিখনে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণপত্ৰ আৰু পৰিচয়পত্ৰৰ জৰিয়তে স্বীকৃতি, দক্ষতা উন্নয়ন, টুলকিট ইনচেণ্টিভ, ক্ৰেডিট সমৰ্থন, ডিজিটেল লেনদেনৰ বাবে প্ৰোৎসাহন আৰু বিপণন সমৰ্থনকে ধৰি সমৰ্থনৰ এক ব্যাপক পেকেজ প্ৰদান কৰে।
ইয়াৰ শুভাৰম্ভৰ তিনি বছৰৰ ভিতৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে নিৰ্ধাৰিত তিনিটা পৰ্যায়ৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ৩০ লাখ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত পঞ্জীয়ন কৰা হৈছে, যাৰ ফলত আঁচনিখনৰ অধীনত পঞ্জীয়নৰ লক্ষ্যত উপনীত হোৱা গৈছে। দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰায় ২৪.৫০ লাখ বিশ্বকৰ্মাক মৌলিক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিছে।
আঁচনিখনৰ ঋণ উপাদানৰ অধীনত ৬.১৮ লাখ বিশ্বকৰ্মাক প্ৰতি বছৰে ৫ শতাংশ ৰেহাই সুতৰ হাৰত ১ লাখ টকাপৰ্যন্ত ঋণ সহায় প্ৰদান কৰা হৈছে, যাৰ মুঠ পৰিমাণ হৈছে ৫,২৯৭ কোটি টকা। তদুপৰি ভাৰতীয় ডাকৰ জৰিয়তে বিশ্বকৰ্মাসকলক তেওঁলোকৰ দুৱাৰমুখতে ১৮.১৫ লাখ আধুনিক টুলকিট প্ৰদান কৰা হৈছে, যিয়ে শিল্পীসকলক উন্নত সঁজুলি গ্ৰহণ কৰাত আৰু তেওঁলোকৰ কামৰ মান আৰু উৎপাদনশীলতা বৃদ্ধি কৰাত সহায় কৰিছে।
পশ্চিমবংগত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি
পশ্চিমবংগ চৰকাৰে ২০২৬ চনৰ মে’ মাহত এই আঁচনিখনত যোগদানৰ সিদ্ধান্ত লৈছিল। ইতিমধ্যে ৩,০০০ হিতাধিকাৰীয়ে তিনিটা পৰ্যায়ৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত সফলতাৰে পঞ্জীয়ন কৰিছে। বৰ্তমান পঞ্জীয়নভুক্ত হিতাধিকাৰীসকলক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
কলকাতাত অনুষ্ঠিত তৃতীয় বাৰ্ষিকী উদযাপন অনুষ্ঠানত হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণপত্ৰ, মৌলিক দক্ষতা প্ৰশিক্ষণ প্ৰমাণপত্ৰ, ঋণ প্ৰমাণপত্ৰ আৰু টুলকিট বিতৰণ কৰা হ’ব। এই অনুষ্ঠানটোৱে বিশ্বকৰ্মাসকলৰ সাফল্যক স্বীকৃতি আৰু উদযাপন কৰাৰ সুযোগ প্ৰদান কৰিব আৰু তৃণমূল পৰ্যায়ত আঁচনিখনৰ প্ৰভাৱক আলোকপাত কৰিব।
এই উদযাপনত শিল্পী আৰু কলা-কুশলীসকলৰ পৰম্পৰাগত দক্ষতা, সামগ্ৰী আৰু উদ্যমশীলতাৰ সম্ভাৱনাও প্ৰদৰ্শন কৰা হ’ব, যিয়ে তেওঁলোকক বিস্তৃত বজাৰ আৰু সুযোগৰ সৈতে সংযোগ কৰাৰ এক মঞ্চ প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মাৰ তৃতীয় বাৰ্ষিকীয়ে পৰম্পৰাগত দক্ষতা সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, ই শিল্পীসকলক আধুনিক সঁজুলি আৰু জ্ঞানৰে সজ্জিত কৰাৰ লগতে প্ৰাতিষ্ঠানিক ঋণ আৰু বজাৰলৈ প্ৰৱেশাধিকাৰৰ সুবিধা প্ৰদান কৰিছে আৰু বিশ্বকৰ্মাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ সক্ষম কৰি সফল উদ্যমী হিচাপে আত্মপ্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰিছে।
***
Sunil Kumar Tiwari/HS
(ৰিলিজ আই ডি : 2310891)
অতিথি কক্ষ : 5