নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

সামুদ্ৰিক খণ্ডত ভাৰতে জাহাজৰ মালিকীস্বত্ব, পট্টা আৰু বিত্তীয় সাহায্যৰ ক্ষেত্ৰত বিশ্বজোৰা কেন্দ্ৰ হ’বলৈ সাজু হৈছে : সৰ্বানন্দ সোণোৱাল

ভাৰতৰ সামুদ্ৰিক বিত্তীয় উচ্চাকাংক্ষাৰ বাবে গিফ্ট (জি আই এফ টি) চিটীয়ে এখন মূল মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে

গিফ্ট চিটিত অনুষ্ঠিত ভাৰত জাহাজ পট্টা আৰু বিত্তীয় সন্মিলনত ভাষণ দিয়ে সোণোৱালে

পোষ্ট কৰা হৈছে: 10 SEP 2026 6:48PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গান্ধীনগৰৰ গিফ্ট চিটি ক্লাবত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণৰ সহযোগত আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সহযোগত আয়োজিত ভাৰত জাহাজ পট্টা আৰু বিত্তীয় সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

এই সন্মিলনত সামুদ্ৰিক খণ্ডৰ নীতি নিৰ্ধাৰক, জাহাজৰ মালিক, পট্টাদাতা, চাৰ্টাৰ, বিত্তীয় আৰু অংশীদাৰসকলক একত্ৰিত কৰা হৈছিল। তেওঁলোকে জাহাজৰ মালিকীস্বত্ব, পট্টা প্ৰদান আৰু বিত্তীয় পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে ভাৰতৰ ব্যাপত প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে আৰু এই উচ্চাকাংক্ষাক বাস্তৱায়িত কৰাৰ বাবে গিফ্ট চিটিক এখন মূল মঞ্চ হিচাপে নিৰ্ধাৰণ কৰে।

সমাৱেশত ভাষণ দি শ্ৰী সোণোৱালে ভাৰতৰ সামুদ্ৰিক ঐতিহ্যৰ ওপৰত আলোকপাত কৰে, য’ত সিন্ধু উপত্যকা সভ্যতা আৰু গুজৰাটৰ প্ৰাচীন লোথাল বন্দৰৰ বিষয়ে উল্লেখ কৰে। সোণোৱালে কয়, "এই শীৰ্ষ সন্মিলনে ভাৰত আৰু বিশেষকৈ গিফ্ট চিটিক সমগ্ৰ বিশ্বত সামুদ্ৰিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ আমাৰ সামূহিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই কেন্দ্ৰই শ্বিপ লিজিং, মালিকীস্বত্ব, বিত্তীয় সাহায্য, বীমা, দালালি আৰু অন্যান্য আনুষংগিক সেৱাসমূহ সামৰি এক বিস্তৃত সামুদ্ৰিক মূল্য শৃংখল পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰিব।"

মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক নৌ পৰিবহণৰ কথা উল্লেখ কৰি কয় যে ৩৮খন জাহাজ পট্টাভিত্তিক পঞ্জীয়ন কৰি মুঠ ৪৩খন জাহাজ লিজত লৈছে, যাৰ ফলত মুঠ লিজিং ক্ষমতা ২৯.৯ লাখ ডিডব্লিউটিৰ ওপৰত হৈছে, ইয়াৰে ২৪খন জাহাজে এতিয়া ভাৰতীয় পতাকা উৰুৱাইছে। তেওঁ লগতে কয় যে আই এফ এছ চিত ৪১টা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বেংক স্থাপন কৰা হৈছে আৰু জাহাজ লিজিং কোম্পানীসমূহক প্ৰায় ৬০.১ মিলিয়ন মাৰ্কিন ডলাৰৰ ধন আগবঢ়াইছে। তদুপৰি গিফ্ট চিটিত ডিজিএমএৰ প্ৰথমটো আঞ্চলিক কাৰ্যালয় মুকলি হোৱাৰ লগে লগে জাহাজৰ মালিক আৰু পৰিচালকৰ বাবে এই পৰিৱেশতন্ত্ৰ আৰু অধিক শক্তিশালী হ’ব।

সোণোৱালে এনে গুৰুত্বপূৰ্ণ সংস্কাৰৰ ওপৰত আলোকপাত কৰে যিয়ে ভাৰতৰ জাহাজ পৰিবহণ খণ্ডক বিশ্বজোৰা প্ৰতিযোগিতাত সহায় কৰিব। ইয়াৰ ভিতৰত আছে উপকূলীয় জাহাজ আইন, ২০২৫ৰ অধীনত চাৰ্টাৰ্ড বিদেশী জাহাজসমূহক অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া আৰু গিফ্ট আইএফএছচি ভিত্তিক জাহাজ কোম্পানীসমূহক বিদেশী পতাকাযুক্ত জাহাজৰ মালিক হ’বলৈ অনুমতি দিয়া। সোণোৱালে লগতে কয়, "মূলতঃ ই আমাৰ নৌবহৰ গণনাৰ ধৰণৰ পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে– যাৰ দ্বাৰাআমাৰ নিজৰ পতাকা থকা জাহাজতকৈ আমাৰ মালিকানাধীন আৰু নিয়ন্ত্ৰিত জাহাজ গণনা কৰা। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীজীৰ গতিশীল নেতৃত্বই গিফ্ট চিটিৰ ধাৰণাটোক জীৱন্ত কৰি তুলিছে, আৰু এতিয়া ই ভাৰতৰ সামুদ্ৰিক খণ্ডৰ পৰৱৰ্তী উন্নয়নৰ বাবে লঞ্চপেড হ'বলৈ সাজু হৈছে।"

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এই খণ্ডৰ প্ৰতি মোদী চৰকাৰৰ আৰ্থিক প্ৰতিশ্ৰুতিৰ উল্লেখ কৰে, য’ত ২০৩০ চনৰ ভিতৰত ২৫,০০০ কোটি টকাৰ সামুদ্ৰিক উন্নয়ন পুঁজিসহ ১.৫ লাখ কোটি টকা পৰ্যন্ত বিনিয়োগ বৃদ্ধি পাব বুলি আশা কৰা হৈছে আৰু ২০৩৬ চনৰ ভিতৰত ২৪,৭৩৬ কোটিৰ সংশোধিত ব্যয়ৰ সৈতে জাহাজ নিৰ্মাণ আৰ্থিক সাহায্য আঁচনি (এছবিএফএএছ) ২.০ পৰ্যন্ত বৃদ্ধি কৰা হৈছে, যিবোৰৰ লক্ষ্য হৈছে ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানা আৰু জাহাজৰ মালিকীস্বত্ব শক্তিশালী কৰা।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই গতিৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বাবে সম্ভৱ বুলি উল্লেখ কৰি ভাৰতৰ নৌবহৰ সম্প্ৰসাৰণ, বন্দৰ ক্ষমতা আৰু উপকূলীয় জাহাজ পৰিবহণ বৃদ্ধি, আৰু ভাৰতক বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নিৰ্মাণ ৰাষ্ট্ৰৰ ভিতৰত স্থান দিয়াৰ বাবে মেৰিটাইম ইণ্ডিয়া ভিজন (এম আই ভি) ২০৩০ আৰু মেৰিটাইম অমৃত কাল ভিজন (এম এ কে ভি) ২০৪৭ক ৰূপৰেখা হিচাপে উল্লেখ কৰে। তেওঁ বিশ্বৰ সৰ্ববৃহৎ জাহাজ পুনঃব্যৱহাৰকাৰী দেশ হিচাপে ভাৰতৰ উত্থানৰ কথাও উল্লেখ কৰে, ২০২৪ চনত ইয়াৰ অংশ ৩০.১%ৰ পৰা ২০২৫ চনত ৩৫.৪%লৈ বৃদ্ধি পাইছে।

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ; আই এফ এছ চি এৰ অধ্যক্ষ কে ৰাজাৰমন; আৰু গুজৰাট চৰকাৰৰ বন্দৰ আৰু পৰিবহণ বিভাগৰ প্ৰধান সচিব শ্ৰী হৰিত শুক্লাও এই অনুষ্ঠানত উপস্থিত থাকে।

 

 

***

Samrat/Indu/KD


(ৰিলিজ আই ডি : 2309366) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी