যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

বিকশিত ভাৰত কুইজে অসমৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে

নিৰ্বাচিত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজৰ মনোভাব উপস্থাপন কৰাৰ সুযোগ পাব

পোষ্ট কৰা হৈছে: 04 SEP 2026 1:46PM by PIB Guwahati

সমগ্ৰ অসম আৰু দেশৰ যুৱক-যুৱতীসকলক ভাৰতৰ সাফল্য, ঐতিহ্য আৰু উন্নয়নৰ যাত্ৰা উপলদ্ধি কৰোৱাৰ লগতে উন্নত ভাৰত গঢ়ি তোলাৰ দিশত তেওঁলোকৰ ধাৰণাসমূহৰ অৱদান আগবঢ়াবলৈ উৎসাহিত কৰাৰ বাবে মাই ভাৰত পৰ্টেল ৰ জৰিয়তে ‘বিকশিত ভাৰত কুইজ’ ৰ আয়োজন কৰা হৈছে।

৩০সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ-বিকশিত ভাৰত যুৱ নেতৃত্বৰ সংলাপ (এন ৱাই এফ-ভি বি ৱাই এল ডি-২০২৭) ৰ অংশ হিচাপে এই কুইজ অনুষ্ঠিত কৰা হৈছে। এই পদক্ষেপে ১৫ৰ পৰা ২৯বছৰ বয়সৰ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে নেতৃত্ব, উদ্ভাৱন আৰু সৃষ্টিশীল চিন্তাধাৰা গঢ়ি তোলাৰ চেষ্টা কৰিছে। এই কুইজ ২২ টা ভাষাত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত অংশগ্ৰহণকাৰীসকলৰ ভাৰতৰ বিষয়ে সাধাৰণ জ্ঞান আৰু বোধগম্যতা পৰীক্ষা কৰা হ’ব, যাৰ ভিতৰত আছে বিকশিত ভাৰত@2047 ৰ দৃষ্টিভংগীৰ বিভিন্ন পৰিসৰৰ লগতে ইয়াৰ ঐতিহ্য, সাফল্য আৰু  উন্নয়নৰ যাত্ৰা।

বিকশিত ভাৰত চেলেঞ্জ ট্ৰেকৰ অধীনত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি পাঁচটা পৰ্যায়ৰ মাজেৰে আগবাঢ়ি যাব। কুইজত ভাল প্ৰদৰ্শন কৰা যুৱক-যুৱতীসকলে পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব, য’ত তেওঁলোকে ৰচনা আৰু উপস্থাপনৰ জৰিয়তে তেওঁলোকৰ ধাৰণা, দৃষ্টিভংগী, উদ্ভাৱন আৰু সমাধান প্ৰদৰ্শন কৰিব। বিকশিত ভাৰত কুইজ ২০২৬ চনৰ ১৭ আগষ্টৰ পৰা ৩০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত কৰা হৈছে। সফল অংশগ্ৰহণকাৰীসকলে পৰৱৰ্তী সময়ত ৫ৰ পৰা ৯ অক্টোবৰলৈ ৰচনা পৰ্যায়লৈ যাব, তাৰ পাছত ১০ৰ পৰা ১৬ নৱেম্বৰলৈ উপস্থাপনৰ জৰিয়তে জিলা চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। ৰাজ্যিক পৰ্যায়ৰ ভি বি ৱাই এল ডি উপস্থাপন পৰ্যায়টো ২০২৬ চনৰ ১৭ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব আৰু ২০২৭ চনৰ ১০ ৰ পৰা ১২জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব।

চেলেঞ্জ ট্ৰেকত ভৱিষ্যত প্ৰশাসন, নগৰ পৰিৱৰ্তন আৰু নাগৰিক সেৱা; জলবায়ু সুৰক্ষা, সীমা আৰু বহনক্ষম পাহাৰীয়া উন্নয়ন; জনগাঁথনিগত লভ্যাংশ, মানৱ মূলধন উন্নয়ন আৰু যুৱ উন্নয়ন; বহনক্ষম ঔদ্যোগিকৰণ, সম্পদ-নেতৃত্বাধীন বিকাশ আৰু বহনক্ষমতাৰ প্ৰসাৰ; এক্ট ইষ্ট, সাংস্কৃতিক নেতৃত্ব আৰু সংযোগ বৃদ্ধি; উৎপাদন, উদ্যোগশীলতা আৰু সেউজ বিকাশ; জনজাতীয় নেতৃত্ব, প্ৰাকৃতিক সম্পদ আৰু অন্তৰ্ভুক্তিমূলক বিকাশ; উদ্ভাৱন অৰ্থনীতি, পৰ্যটন আৰু সৃষ্টিশীল উদ্যোগ; প্ৰযুক্তি, উদ্ভাৱন, ভৱিষ্যতৰ প্ৰস্তুতি আৰু নিয়োগযোগ্যতা সৃষ্টি; আৰু নীলা অৰ্থনীতি, মানৱ মূলধন আৰু গোলকীয় প্ৰতিযোগিতামূলকতা আদি দহটা বিষয়গত ক্ষেত্ৰ সামৰি লোৱা হৈছে।

২০২৭ চনৰ ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ অনুষ্ঠিত হবল’গীয়া এই ৰাষ্ট্ৰীয় সংলাপ চেলেঞ্জ ট্ৰেকৰ চূড়ান্ত পৰ্যায় হ’ব। নিৰ্বাচিত যুৱ নেতাসকলে প্ৰধানমন্ত্ৰীৰ সন্মুখত বিকশিত ভাৰত সম্পৰ্কীয় তেওঁলোকৰ ধাৰণা, দৃষ্টিভংগী আৰু পৰামৰ্শ উপস্থাপন কৰাৰ সুযোগ লাভ কৰিব।

১৯৯৫ চনৰ পৰা প্ৰতি বছৰে ১২ জানুৱাৰীত স্বামী বিবেকানন্দৰ জয়ন্তী উদযাপনৰ বাবে বাৰ্ষিকভাৱে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় যুৱ মহোৎসৱে যুৱ সবলীকৰণ, নেতৃত্ব, ৰাষ্ট্ৰীয় সংহতি আৰু সাংস্কৃতিক বিনিময়ৰ বাবে এখন মুখ্য মঞ্চ হিচাপে কাম কৰি আহিছে। ২০২৫ চনত, বিকশিত ভাৰত @2047 ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি, ৰাষ্ট্ৰীয় যুৱ মহোৎসৱক বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগ (ভি বি ৱাই এল ডি) হিচাপে পুনৰ গঠন কৰা হৈছিল।

 

***


PG/SS/MK


(ৰিলিজ আই ডি : 2306711) অতিথি কক্ষ : 10
ত এই ৰিলিজটো পঢ়ক: English