প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৌশাম্বীত আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 31 AUG 2026 9:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কৌশাম্বীৰ এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ) ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলৰ প্ৰতিগৰাকীৰ বাবে ৫০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;

উত্তৰ প্ৰদেশৰ কৌশাম্বীৰ এটা আতচবাজী কাৰখানাত সংঘটিত দুৰ্ঘটনাৰ ফলত হোৱা প্ৰাণহানিৰ বাবে অত্যন্ত দুখিত। দুখৰ এই সময়ত মোৰ সমবেদনা শোকসন্তপ্ত পৰিয়ালবৰ্গৰ সৈতে আছে। আহতসকল অতি সোনকালে সুস্থ হৈ উঠক। প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi

***

MJPS/SS/VJ/MK


(ৰিলিজ আই ডি : 2305380) অতিথি কক্ষ : 4