যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

গুৱাহাটীৰ আমিনগাঁও ক্ৰীড়া চৌহদত সাঁতোৰৰ বাবে ৰাষ্ট্ৰীয় উৎকৰ্ষকেন্দ্ৰ স্থাপনৰ ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ

পোষ্ট কৰা হৈছে: 29 AUG 2026 3:24PM by PIB Guwahati

গুৱাহাটীৰ আমিনগাঁও ক্ৰীড়া চৌহদত ২৮ আগষ্ট, ২০২৬ত অঞ্চলটোৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰা আৰু ক্ৰীড়াৰ উৎকৃষ্টতা প্ৰসাৰ কৰাৰ উদ্দেশ্যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই), ভাৰতীয় বেডমিণ্টন সন্থা (বাই) আৰু অসম ক্ৰীড়া প্ৰাধিকৰণ (ছা)ৰ মাজত এখন ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে সাঁতোৰ বাবে আমিনগাঁৱত এটা ৰাষ্ট্ৰীয় উৎকৰ্ষকেন্দ্ৰ স্থাপনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে।

 

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

 

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণক প্ৰতিনিধিত্ব কৰি ছাইৰ উপ-মহাপ্ৰৱন্ধক শ্ৰীমতী মঞ্জুশ্ৰী দয়ানন্দ আৰু গুৱাহাটীস্থিত ছাই আঞ্চলিক কেন্দ্ৰৰ কাৰ্যবাহী পৰিচালক শ্ৰী ডি কে মিট্টালে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া অসমৰ বাবে এক অত্যন্ত গৌৰৱৰ দিন আৰু আমিনগাঁও ছুইমিং পুলৰ সুবিধাৰ দায়িত্ব লোৱাৰ বাবে তেওঁ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে ছাইৰ জড়িতকৰণে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত সাঁতোৰ ক্ষেত্ৰখনলৈ এক ডাঙৰ গতি প্ৰদান কৰিব আৰু খেলুৱৈসকলক উন্নত প্ৰশিক্ষণৰ সুবিধা লাভ কৰাত সহায় কৰিব।

 

সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষকেন্দ্ৰ  স্থাপনৰ ফলত অসমত ক্ৰীড়া পৰিস্থিতিতন্ত্ৰ শক্তিশালী হ'ব বুলি আশা কৰা হৈছে আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰতিশ্ৰুতিসম্পন্ন সাঁতোৰ প্ৰতিভাক চিনাক্ত কৰিবলৈ, যত্ন ল”বলৈ আৰু তেওঁলোকৰ বিকাশ সাধন কৰিবলৈ এটা সমৰ্পিত মঞ্চ প্ৰদান কৰিব।

 

চুক্তিৰ অংশ হিচাপে আমিনগাঁও ক্ৰীড়া কমপ্লেকৰ অলিম্পিক আকাৰৰ ছুইমিং পুলটো সাঁতোৰ বাবে ৰাষ্ট্ৰীয় উৎকৰ্ষকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণক প্ৰদান কৰা হ'ব।

 

এই কেন্দ্ৰটোৱে সাঁতোৰবিদসকলক উচ্চ-দক্ষতাসম্পন্ন প্ৰশিক্ষণ পৰিৱেশ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ লগতে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰতিশ্ৰুতিসম্পন্ন ক্ৰীড়া প্ৰতিভাক চিনাক্ত আৰু যত্ন লোৱাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ সন্ধানত খেলুৱৈসকলক সমৰ্থন আগবঢ়াব।

 

অসমত ছাইৰ ক্ৰীড়া ক্ষেত্ৰৰ ভিতৰত তিনিচুকীয়া, গোলাঘাট, কোকৰাঝাৰ আৰু শুৱালকুচিত চাৰিটা ছাই প্ৰশিক্ষণ কেন্দ্ৰ অন্তৰ্ভুক্ত আছে। ইয়াৰ লগতে গুৱাহাটী ৰাষ্ট্ৰীয় উৎকৰ্ষকেন্দ্ৰও আছে। আমিনগাঁৱত সাঁতোৰৰ অত্যাধূনিক সুবিধাৰ অন্তৰ্ভুক্তিৰে গুৱাহাটী ৰাষ্ট্ৰীয় উৎকৰ্ষকেন্দ্ৰৰ সম্প্ৰসাৰণে ৰাজ্যখনত ক্ৰীড়া প্ৰতিভা বিকাশৰ দিশত ছাইৰ অৱদানক আৰু অধিক শক্তিশালী কৰিলে।

***

PG/SS/DB


(ৰিলিজ আই ডি : 2304520) অতিথি কক্ষ : 12
ত এই ৰিলিজটো পঢ়ক: English