ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

বিএলঅ’সকল হ’ল ভাৰতৰ গণতন্ত্ৰৰ আধাৰশিলা: মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ

পোষ্ট কৰা হৈছে: 25 AUG 2026 4:53PM by PIB Guwahati

ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে আজি লক্ষ্ণৌত উত্তৰপ্ৰদেশৰ বুথ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে মত-বিনিময় কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫০০তকৈও অধিক বিএলঅ’ আৰু ৩০গৰাকী বিএলঅ’ পৰিদৰ্শকে এই মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে।

 

উদ্বোধনী ভাষণত মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে বিএলঅ’ সকলক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ আধাৰশিলা বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ভাৰতত ভোটাৰ তালিকা প্ৰস্তুত কৰা আৰু নিৰ্বাচন পৰিচালনা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ভাৰতীয় সংবিধান, আইন আৰু ভাৰতৰ নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰিয়েই সম্পন্ন কৰা হয়।

 

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে বিএলঅ’ সকল হ’ল নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতা আৰু স্বচ্ছতাৰ ভঁৰাল স্বৰূপ, আৰু তেওঁলোকেই নাগৰিকসকলৰ সৈতে ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথম সংযোগ বিন্দু। উত্তৰপ্ৰদেশৰ বিএলঅ’ সকলে ভোটাৰ তালিকা প্ৰস্তুত কৰাত কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, সেই বিষয়েও তেওঁ আলোকপাত কৰে।

 

চলিত বর্ষৰ এপ্ৰিল মাহত ৰাজ্যখনত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছআইআৰ) সমাপ্ত হোৱাৰ পিছত, উত্তৰপ্ৰদেশত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ১৩.৩৯ কোটিৰো অধিক ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হয়। স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ দ্বাৰা নিযুক্ত ৫.৮২ লক্ষাধিক বুথ পৰ্যায়ৰ এজেণ্টৰ সমসাময়িক অডিটৰ সৈতে ১.৭৭ লাখ বুথ পৰ্যায়ৰ বিষয়াই এই কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

 

এই সভাৰ অংশ হিচাপে বিএলঅ’ সকলৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ সৈতে এটা প্ৰশ্নোত্তৰ পৰ্বও অনুষ্ঠিত হয়। মত-বিনিময়ৰ জৰিয়তে বিএলঅ’ সকলে তেওঁলোকৰ সন্দেহসমূহ পোনপটীয়াকৈ ভাঙি ল’বলৈ সুযোগ লাভ কৰে।

.

**********

PK/GDH/RP/DB


(ৰিলিজ আই ডি : 2303367) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी