কৃষি মন্ত্ৰালয়
১৩,৪২৭ কোটি টকাৰ আবণ্টনেৰে বিহাৰৰ বাবে ১১.১৯ লাখ পকা ঘৰত অনুমোদন, দৰিদ্ৰ পৰিয়ালক নতুন আশা আৰু মৰ্যাদা প্ৰদান কৰা হৈছে: শ্ৰী শিৱৰাজ সিং চৌহান
“বন্দে মাতৰম জাতীয় গৌৰৱৰ বিষয়”: জাতীয় গীতৰ মাত্ৰ এটা অংশহে গাবলৈ লোৱা কংগ্ৰেছৰ সিদ্ধান্তক শ্ৰী শিৱৰাজ সিং চৌহানৰ তীব্ৰ সমালোচনা
দুবছৰত বিহাৰৰ বাবে ২৪.৩০ লাখ ঘৰত অনুমোদিত, ২৯,১৬৪ কোটি টকা খৰচ কৰা হৈছে: শ্ৰী শিৱৰাজ সিং চৌহান
বিহাৰত ৰূপায়ণ হ'ব প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা, শস্যৰ ক্ষয়-ক্ষতিৰ পৰা কৃষকৰ সুৰক্ষা শক্তিশালী কৰা হৈছেঃ শ্ৰী শিৱৰাজ সিং চৌহান
শিৱৰাজ সিং চৌহানে মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰে লাখপতি দিদি আৰু আত্মসহায়ক গোটৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ বজাৰ সৃষ্টি কৰিব ছি-মাৰ্টছে
৫৩.৮৩ লাখ কৃষকে পৰিচয় পত্ৰৰ লাভ কৰি কৃষক আইডিৰ ক্ষেত্ৰত বিহাৰক শক্তিশালী স্থিতিত উপনীত কৰিছে: শ্ৰী শিৱৰাজ সিং চৌহান
পোষ্ট কৰা হৈছে:
20 AUG 2026 4:18PM by PIB Guwahati
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে আজি পাটনাত ৰাজ্যিক পৰ্যায়ৰ প্ৰধানমন্ত্ৰী আবাস যোজনা কাৰ্যসূচীত বিহাৰৰ বাবে এক বৃহৎ পেকেজ ঘোষণা কৰে। তেওঁ ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালৰ বাবে ১১,১৮,৯৩৭টা পকা ঘৰত অনুমোদন জনোৱাৰ লগতে ১৩,৪২৭ কোটি টকা আবণ্টন দিয়াৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰী শ্ৰীযুত সম্ৰাট চৌধাৰী আৰু বিহাৰ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বাংগীন উন্নয়নৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ কৃষক, মহিলা আৰু গ্ৰাম্য জনসাধাৰণৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

বন্দে মাতৰম জাতীয় গৌৰৱৰ বিষয়:শ্ৰী শিৱৰাজ সিং চৌহান
কংগ্ৰেছ দলক চোকা সমালোচনা কৰি শ্ৰী চৌহানে কয় যে কংগ্ৰেছে বন্দে মাতৰমৰ এটা অংশহে গোৱাৰ সিদ্ধান্ত দেশৰ আবেগ আৰু জাতীয় গীতৰ অপমান। তেওঁ কয় যে বন্দে মাতৰম কোনো বিশেষ ৰাজনৈতিক দলৰ অন্তৰ্গত বিষয় নহয়, বৰঞ্চ ভাৰত মাতাৰ প্ৰতি সন্মানৰ বিষয়। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত এই গীতটোৱে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিছিল আৰু ইয়াক সম্পূৰ্ণৰূপে গোৱাটো প্ৰতিজন ভাৰতীয়ৰ কৰ্তব্য বুলিও তেওঁ কয়। শ্ৰী চৌহানে কংগ্ৰেছে ভোট-বেংকৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে কিছুমান ৰাজনৈতিক দলে ৰাজনৈতিক লাভালাভৰ বাবে ভাৰতৰ ঐক্য, সংস্কৃতি আৰু জাতীয় পৰিচয়ৰ সৈতে জড়িত প্ৰতীক বিকৃত কৰাৰ অপচেষ্টা কৰিছে। তেওঁ স্পষ্টকৈ কয় যে বন্দে মাতৰমক সম্পূর্ণভাৱে গোৱা উচিত আৰু জাতীয় গৌৰৱৰ সৈতে জড়িত বিষয় এটাত কোনো কাৰণতে আপোচ হ’ব নোৱাৰে৷
বিহাৰৰ বাবে অনুমোদন ১১.১৮ লাখ পকা ঘৰ
বিহাৰৰ বাবে এক বৃহৎ গৃহ নিৰ্মাণ পেকেজ ঘোষণা কৰি শ্ৰী চৌহানে কয় যে ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালৰ বাবে ১১,১৮,৯৩৭টা পকা ঘৰত অনুমোদন দিয়া হৈছে। ১৩,৪২৭ কোটি টকা আবণ্টনো কৰা হৈছে আৰু অনুমোদন পত্ৰ মুখ্যমন্ত্ৰীক গতাই দিয়া হৈছে। তেওঁ কয় যে এই পদক্ষেপ কেৱল ঘৰ নিৰ্মাণৰ বাবেই নহয়, দৰিদ্ৰ পৰিয়ালসমূহক মৰ্যাদা, নিৰাপত্তা আৰু উন্নত মানৰ জীৱন প্ৰদান কৰিব। শ্ৰী চৌহানে কয়, ‘পকা ঘৰ কেৱল ইটা আৰু চিমেণ্টৰ গঠন নহয়, ই সমগ্ৰ পৰিয়ালৰ বাবে মৰ্যাদা আৰু আত্মবিশ্বাসৰ প্ৰতীক। তেওঁ উল্লেখ কৰে যে এটা ঘৰে পৰিয়ালসমূহক শীত, গ্ৰীষ্ম, বৰষুণ আৰু ধুমুহাৰ কষ্টৰ পৰা ৰক্ষা কৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে এটা পকা ঘৰ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি এতিয়া বিহাৰত বৃহৎ পৰিসৰত বাস্তৱায়িত হৈছে।
.

দুবছৰত ২৪ লাখতকৈ অধিক ঘৰত অনুমোদন
বিগত দুবছৰত হোৱা অগ্ৰগতিৰ তথ্য দাঙি ধৰি শ্ৰী চৌহানে কয় যে বিহাৰৰ বাবে ইতিমধ্যে ২৪,৩০,৩২৭টা ঘৰৰ অনুমোদন লাভ কৰিছে, য’ত মুঠ ব্যয় হৈছে ২৯,১৬৪ কোটি টকা । তেওঁ কয় যে এই পৰিসংখ্যাই প্ৰমাণ কৰিছে যে চৰকাৰে কেৱল ঘোষণা কৰাই নহয়, উন্নয়নে যাতে ক্ষেত্ৰভিত্তিকভাৱে হিতাধিকাৰীৰ কাষ চাপিব পাৰে তাৰো ব্যৱস্থা কৰিছে । প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰী আঁচনিৰ অধীনত অধিক স্বচ্ছতাৰে হিতাধিকাৰীলৈ ধন হস্তান্তৰ কৰা হৈছিল বুলিও তেওঁ কয়। পূৰ্বৰ চৰকাৰসমূহক লক্ষ্য কৰি শ্ৰী চৌহানে কয় যে পূৰ্বতে দুখীয়াৰ বাবে নিৰ্ধাৰিত সম্পূৰ্ণ ধন সদায় তেওঁলোকৰ ওচৰলৈ নাযায়, আনহাতে বৰ্তমানৰ ব্যৱস্থাই প্ৰতিটো টকাই গন্তব্যস্থানত উপনীত হোৱাটো নিশ্চিত কৰিছে । তেওঁ বিহাৰত গৃহ নিৰ্মাণ কাৰ্যসূচীৰ ৰূপায়ণ ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ মাজত উন্নত সমন্বয়ৰো তেওঁ শলাগ ।

বিহাৰৰ কৃষকক সুৰক্ষা প্ৰদান কৰিবলৈ শস্য বীমাৰ সুবিধা
শ্ৰী চৌহানে এতিয়া বিহাৰত কাৰ্যকৰী হ’বলগীয়া প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ গুৰুত্বৰ বিষয়তো আলোকপাত কৰে। এই আঁচনিৰ জৰিয়তে বান, খৰাং, অত্যধিক বৰষুণ আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা শস্যৰ ক্ষতিৰ পৰা কৃষকক সুৰক্ষা প্ৰদান কৰিব বুলিও তেওঁ কয়। শস্যৰ ক্ষতি হ’লে যোগ্য কৃষকসকলে ক্ষতিপূৰণ লাভ কৰিব, যাৰ ফলত খেতিৰ সৈতে জড়িত অনিশ্চয়তা হ্ৰাস পাব। শ্ৰী চৌহানে কয় যে কৃষকসকল দেশৰ খাদ্য সুৰক্ষাৰ মেৰুদণ্ড আৰু প্ৰাকৃতিক বিপদৰ পৰা তেওঁলোকক ৰক্ষা কৰাটো চৰকাৰৰ দায়িত্ব। বিহাৰ চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই তেওঁ শস্য বীমা ৰূপায়ণক কৃষকৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ আৰু সুদূৰপ্ৰসাৰী পদক্ষেপ বুলি অভিহিত কৰে।

কৃষি আৰু গ্ৰাম্য জীৱিকা শক্তিশালী কৰা হৈছে
কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ কৃষি কেৱল অৰ্থনৈতিক কাৰ্যকলাপ নহয়, লাখ লাখ পৰিয়ালৰ জীৱিকাৰ ভেটি। তেওঁ কৃষকসকলক প্ৰাকৃতিক বিপদৰ সময়ত দুৰ্বল কৰি ৰখা উচিত নহয় বুলি কয়। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কৃষিক অধিক লাভজনক আৰু স্থিতিস্থাপক কৰি তুলিছে। শস্য বীমাৰ লগতে ক্ৰয়, সহায়ক ব্যৱস্থা আৰু প্ৰযুক্তিৰ সুবিধাও শক্তিশালী কৰা হৈছে বুলি তেওঁ কয়। তেওঁ কয়- ‘কৃষক শক্তিশালী হ’লেহে গাঁও শক্তিশালী হ’ব;আৰু গাঁও শক্তিশালী হ’লেহে বিহাৰ শক্তিশালী হ’ব।’ কৃষি নীতিয়ে স্পষ্ট লাভ দিব লাগিব বুলিও শ্ৰী চৌহানে কয়। তেওঁ কৃষকসকলক তেওঁলোকৰ অধিকাৰ বুজিবলৈ আৰু শস্য বীমা আঁচনিৰ অধীনত উপলব্ধ সুবিধাসমূহৰ সময়মতে ব্যৱহাৰ কৰিবলৈও তেওঁ আহ্বান জনায়।
অধিক লাখপতি দিদি সৃষ্টি কৰাত মনোনিৱেশ
শ্ৰী চৌহানে মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ বিষয়তো প্ৰবল গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিহাৰৰ লাখ লাখ মহিলা আত্মসহায়ক গোটৰ জৰিয়তে আগবাঢ়িছে আৰু ইয়াৰে বহু সংখ্যক মহিলা ইতিমধ্যে লাখপতি দিদি হৈ পৰিছে। তেওঁ কয় যে মহিলাৰ আয় বৃদ্ধি কৰাটো চৰকাৰৰ মূল অগ্ৰাধিকাৰৰ বিষয় । আত্ম সংস্থাপন , গোটভিত্তিক উদ্যোগ আৰু বেংকিং তথা বিত্তীয় সেৱাৰ সুবিধাৰ জৰিয়তে গ্ৰাম্য মহিলাসকলে উদ্যোগী হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু নিজৰ তথা পৰিয়ালৰ বাবে নতুন অৰ্থনৈতিক সুযোগ সৃষ্টি কৰিছে। এই পৰিৱৰ্তন কেৱল অৰ্থনৈতিক নহয়, সামাজিকো বুলি তেওঁ কয়। যেতিয়া নাৰী আৰ্থিকভাৱে সবল হৈ উঠে তেতিয়া সমগ্ৰ পৰিয়ালটোৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থাৰ উন্নতি ঘটে। তেওঁ লাখপতি দিদিৰ পদক্ষেপক গ্ৰাম্য উন্নয়ন আৰু মহিলা সবলীকৰণৰ মাজত এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ বুলি অভিহিত কৰে।

মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ জিলা পৰ্যায়ৰ বজাৰৰ সৃষ্টি
শ্ৰী চৌহানে কয় যে মহিলা গোটসমূহে উৎপাদন বৃদ্ধি কৰাটো যথেষ্ট নহ’ব , যদিহে তেওঁলোকৰ সামগ্ৰীসমূহেও বজাৰত প্ৰৱেশ লাভ নকৰে। তেওঁ কয় যে প্ৰতিখন জিলাতে ছি-মাৰ্ট স্থাপনৰ প্ৰচেষ্টা চলোৱা হ’ব, যাৰ ফলত জীৱিকা দিদি আৰু মহিলা আত্মসহায়ক গোটসমূহক তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ মঞ্চ প্ৰদান কৰা হ’ব। তেওঁ কয় যে গ্ৰাম্য মহিলাসকলক কেৱল উৎপাদনতে নহয়, সামগ্ৰী বিকাশ, পেকেজিং আৰু বিপণনতো সহায়ৰ প্ৰয়োজন। ‘গাঁৱত নিৰ্মিত সামগ্ৰীসমূহ তেতিয়াহে সফল হ’ব পাৰে যেতিয়া তেওঁলোকৰ বাবে উপযুক্ত বজাৰ থাকে।’ তেওঁ আস্থা প্ৰকাশ কৰে যে এনে বজাৰ-সংযোগৰ পদক্ষেপে মহিলাসকলৰ আয় যথেষ্ট বৃদ্ধি কৰিব আৰু তেওঁলোকৰ অৰ্থনৈতিক স্বাধীনতা শক্তিশালী কৰাৰ উপৰি গ্ৰাম্য অৰ্থনীতিক এক নতুন দিশ প্ৰদান কৰিব।
কৃষক আইডিৰ অগ্ৰগতিৰ বাবে বিহাৰক প্ৰশংসা
ৰাজ্যত ইতিমধ্যে ৫৩,৮৩,০০০ কৃষকৰ পৰিচয় পত্ৰ সৃষ্টি কৰা হৈছে বুলি উল্লেখ কৰি ফাৰ্মাৰ আইডি সৃষ্টিৰ ক্ষেত্ৰত বিহাৰৰ অগ্ৰগতিৰ শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ফাৰ্মাৰ আইডিৰ জৰিয়তে চৰকাৰী আঁচনিসমূহ পোনপটীয়াকৈ আৰু ক্ষিপ্ৰতাৰে যোগ্য কৃষকসকলৰ ওচৰলৈ প্ৰেৰণ কৰাত সহজ হ’ব, একে সময়তে স্বচ্ছতা বৃদ্ধি আৰু হিতাধিকাৰী চিনাক্তকৰণ কৰা সৰল হ’ব। ডিজিটেল কৃষক চিনাক্তকৰণে চৰকাৰী সেৱাসমূহ অধিক ফলপ্ৰসূ কৰি তুলিব আৰু কৃষক পঞ্জীয়নৰ পৰা সুবিধা প্ৰদানলৈকে প্ৰক্ৰিয়াটো সুশৃংখলিত কৰিব বুলিও তেওঁ কয়। বাকী থকা কৃষকৰ পঞ্জীয়নো শীঘ্ৰে সম্পূর্ণ হ’ব বুলি তেওঁ আস্থা প্রকাশ কৰে৷
পথ, ঘৰ আৰু কৃষি: গ্ৰাম্য উন্নয়নৰ তিনিটা স্তম্ভ
শ্ৰী চৌহানে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা আৰু গ্ৰাম্য সংযোগৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে। তেওঁ কয় যে গ্ৰাম্য জীৱন উন্নত কৰাৰ বাবে পথ, ঘৰ আৰু কৃষি তিনিটা মৌলিক প্ৰয়োজনীয়তা। উন্নত পথে গাঁওসমূহক বজাৰ আৰু সেৱাৰ সৈতে সংযোগ কৰিব, পকা ঘৰে পৰিয়ালসমূহক নিৰাপত্তা প্ৰদান কৰিব আৰু শক্তিশালী কৃষিয়ে গ্ৰাম্য আয় বৃদ্ধি কৰাত সহায় কৰিব। তেওঁ কয় যে কেন্দ্র আৰু বিহাৰ চৰকাৰে একেলগে কাম কৰি ৰাজ্যৰ গাঁওসমূহৰ ৰূপান্তৰ ঘটাইছে আৰু বিহাৰে যাতে অতীতৰ উন্নয়নমূলক প্রত্যাহবানসমূহ অতিক্ৰম কৰি আগবাঢ়ি যায় আৰু দেশৰ বিকাশৰ কাহিনীৰ অবিচ্ছেদ্য অংগ হৈ পৰে সেই বিষয়ত গুৰুত্ব দিয়া হৈছে। শ্ৰী চৌহানে মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰীৰ নেতৃত্বত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰো শলাগ লয়। বিহাৰৰ প্ৰগতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত শক্তিশালী সমন্বয় অপৰিহাৰ্য বুলিও তেওঁ কয়। তেওঁ পুনৰ কয় যে উন্নয়নৰ প্ৰতিটো স্তৰতে বিহাৰক আগুৱাই নিয়াৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
এই কাৰ্যসূচীত বৃহৎ সংখ্যক মহিলা, হিতাধিকাৰী, জনপ্ৰতিনিধি আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে। উপ-মুখ্যমন্ত্ৰী শ্ৰী বিজয় কুমাৰ চৌধুৰী, কৃষি মন্ত্ৰী শ্ৰী বিজয় কুমাৰ সিনহা, গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শ্ৰীবন কুমাৰ, ৰাজহ আৰু পুনৰ্গঠন মন্ত্ৰী শ্ৰী বিনোদ কুমাৰ জয়ছৱাল, সমবায় মন্ত্ৰী শ্ৰী ৰামকৃপাল যাদৱ, মন্ত্ৰী শ্ৰী সুনীল কুমাৰ, গ্ৰাম্য কাৰ্য দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী সবিতা গুপ্তা, সমাজকল্যাণ মন্ত্ৰীকে ধৰি কেইবাজনো জনপ্ৰতিনিধিও উপস্থিত থাকে।
***
RC/PU/DM
(ৰিলিজ আই ডি : 2302201)
অতিথি কক্ষ : 33