সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে মেট্ৰিকৰ পিছৰ বৃত্তিৰ সমৰ্থন শক্তিশালী কৰিছে; ডিবিটিয়ে আধাৰযুক্ত বেংক একাউণ্টত সৰল, দ্ৰুত ধন বিতৰণ নিশ্চিত কৰিছে

প্ৰকৃত ব্যয় ২০২৩–২৪ চনত ৫,৪৭৫.৪২ কোটি টকাৰ পৰা ২০২৫–২৬ চনত ৬,২০৮.০৮ কোটি টকালৈ বৃদ্ধি

प्रविष्टि तिथि: 20 AUG 2026 6:04PM by PIB Guwahati

মেট্ৰিক পাছ কৰাৰ পিছৰ  বৃত্তিৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনিৰ জৰিয়তে অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক সমৰ্থন শক্তিশালী কৰি তুলিছে চৰকাৰে । এই আঁচনিৰ জৰিয়তে মেট্ৰিক আৰু মাধ্যমিকৰ পিছৰ শিক্ষা গ্ৰহণ কৰা যোগ্য ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আঁচনিৰ অধীনত সংশোধিত বাজেট  ২০২৩–২৪ চনত প্ৰায়  ৫৪০০ কোটি টকা, ২০২৪–২৫ চনত ৫৫০০ কোটি টকা  আৰু ২০২৫–২৬ চনত ৬০০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। সংশ্লিষ্ট প্ৰকৃত ব্যয় ক্ৰমে ৫,৪৭৫.৪২ কোটি টকা, ৫,৫৮১.৫২ কোটি টকা আৰু ৬,২০৮.০৮ কোটি টকা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ মুকলি কৰা কেন্দ্ৰীয় সাহায্যৰ পৰিমাণ ২০২৩–২৪ চনত ৫,৪৭৫.৪৩ কোটি টকা, ২০২৪–২৫ চনত ৫,৫৬২.২৬ কোটি  টকা আৰু ২০২৫–২৬ চনত ৬,১৮৬.৯৫ ​​কোটি টকা। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আঁচনিখনে চাহিদা-চালিত প্ৰকৃতি তথা নিজ নিজ কাৰ্যকৰী কৰ্তৃপক্ষই দাখিল কৰা পৰীক্ষিত বৃত্তিৰ প্ৰয়োজনীয়তাসমূহ প্ৰতিফলিত কৰি আহিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001HE8T.jpg

 

২০২১–২২ চনত প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থা প্ৰৱৰ্তনৰ পিছৰে পৰা বৃত্তিৰ ধনৰ কেন্দ্ৰীয় অংশ হিতাধিকাৰীৰ আধাৰযুক্ত বেংক একাউণ্টত পোনপটীয়াকৈ ধন  প্ৰদান কৰা হৈছে। এই ব্যৱস্থাই বৃত্তি প্ৰদানৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে ধনৰ সহজ আৰু দ্ৰুত প্ৰবাহৰ সুবিধা প্ৰদান কৰিছে। এই আঁচনিখন চাহিদা-চালিত। কেন্দ্ৰীয়অংশৰ লগতে সংশ্লিষ্ট ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত প্ৰশাসনে নিজৰ অংশীদাৰিত্ব মুকলি কৰি ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেলত যোগ্য হিতাধিকাৰীৰ পৰীক্ষিত তথ্য আপলোড কৰে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে আঁচনিখনৰ ৰূপায়ণ সংস্থা হিচাপে কাম কৰে। বৃত্তি প্ৰদানত  হ'ব পৰা বিলম্বকে  ধৰি ৰূপায়ণৰ সৈতে জড়িত বিষয়সমূহ নিয়মিতভাৱে পৰ্যালোচনা কৰা হয় আৰু সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে পদক্ষেপ গ্ৰহণ কৰা  হয় যাতে সময়মতে প্ৰক্ৰিয়াকৰণ আৰু যোগ্য ছাত্ৰ-ছাত্ৰীসকললৈ সুবিধাসমূহ মুকলি কৰিব পাৰি।  উচ্চ শিক্ষাত সমতাৰ প্ৰসাৰ আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ শৈক্ষিক আকাংক্ষা পূৰণত সহায় কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

*****

PR-81-TAR/KV/GA/RK/DM


(रिलीज़ आईडी: 2301957) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Gujarati