ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে ফোনপেৰ সৈতে অংশীদাৰিত্ব কৰি পিএম গতিশক্তিক গ্ৰেনুলাৰ ডাটা ইনটেলিজেন্সৰ সৈতে সংযুক্ত কৰি শক্তিশালী কৰিছে

प्रविष्टि तिथि: 20 AUG 2026 7:32PM by PIB Guwahati

ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পৰিকল্পনা, অৰ্থনৈতিক বিশ্লেষণ  আৰু সামগ্ৰিক নগৰ তথা গ্ৰাম্য উন্নয়নৰ বাবে পিএম গতিশক্তি মিছনক সমৰ্থন কৰিবলৈ উদ্যোগ ডাটা বুদ্ধিমত্তা মঞ্চ ফোনপে পালছপ্ৰ’ৰ সহযোগিতা লাভ কৰিবলৈ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে আজি ফোনপেৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই বুজাবুজি চুক্তিৰ অধীনত ভাস্কৰাচাৰ্য নেশ্যনেল ইনষ্টিটিউট ফৰ স্পেচ এপ্লিকেচনছ এণ্ড জিঅ’-ইনফৰ্মেটিক্স (বিছাগ-এন)ৰ সহযোগত পৰিচালিত পিএম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন পৰ্টেলত ফোনপে পালছপ্ৰ’ মেট্ৰিক্স একত্ৰিত কৰা হ’ব। ইয়াৰ দ্বাৰা চৰকাৰী পৰিকল্পনাকাৰীসকলে ফোনপেৰ বিস্তৃত ডিজিটেল লেনদেন পৰিৱেশ তন্ত্ৰৰ পৰা আহৰণ কৰা তথ্য , হাইপাৰলোকেল লেনদেন আদিৰ ক্ষেত্ৰত প্ৰৱেশ লাভ কৰিব, বৰ্তমানৰ ডাটাছেটসমূহৰ পৰিপূৰক তথা ৰাষ্ট্ৰীয় উন্নয়ন পৰিকল্পনাৰ বাবে স্মাৰ্ট, ডাটা-চালিত সিদ্ধান্তসমূহ সমৰ্থন কৰিব।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001STY4.jpg

বুজাবুজি চুক্তিখনৰ বিষয়ত নিজৰ মতামত ব্যক্ত কৰি ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী এছ কৃষ্ণণে কয়, "ডাটা-চালিত বুদ্ধিমত্তাৰ  অধিক জ্ঞাত পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ।

ফোনপে পালছপ্ৰ’ই সংগ্ৰহ কৰা বেনামী লেনদেন ডাটাক হাইপাৰলোকেল অন্তৰ্দৃষ্টিলৈ ৰূপান্তৰিত কৰি ভৌগলিক অৱস্থান আৰু বজাৰসমূহৰ বিষয়ে ধাৰাসমূহৰ এখন ছবি প্ৰদান কৰিব।লগতে সংস্থাসমূহক উদীয়মান ধাৰাসমূহ চিনাক্ত কৰিবলৈ আৰু বাস্তৱ জগতৰ কাৰ্য্যকলাপৰ পৰা কাৰ্য্যকৰী বুদ্ধিমত্তা আহৰণ কৰিবলৈ ই সক্ষম কৰি তুলিব ।

বুজাবুজি চুক্তি সন্দৰ্ভত মন্তব্য কৰি ফোনপেৰ কৌশল ব্যৱস্থাপনাৰ  মুৰব্বী কাৰ্তিক ৰঘুপতিয়ে কয় , "ফোনপে পালছ মুকলি কৰাৰ পিছৰে পৰা আমি দেখিছো যে লেনদেন-নেতৃত্বাধীন অন্তৰ্দৃষ্টিয়ে  বজাৰ আৰু উদীয়মান ধাৰাসমূহৰ বিষয়ে অধিক সুক্ষ্ম বুজাবুজি গঢ়ি তোলাত সহায় কৰিব পাৰে । ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ৰ বাবে উপলব্ধ অন্তৰ্দৃষ্টিৰ দ্বাৰা আমি এটা শক্তিশালী তথ্য পৰিৱেশতন্ত্ৰত অৰিহণা যোগাব বুলি  আশা কৰিছো । লগতে  অধিক জ্ঞাত, প্ৰমাণ-ভিত্তিক আন্তঃগাঁথনিৰ পৰিকল্পনাক সমৰ্থন কৰিবলৈ তথ্যৰ ব্যৱহাৰ সক্ষম কৰি তোলাত  আনন্দিত হৈছো।'ফোনপে লিমিটেড  (পূৰ্বতে ফোনপে প্ৰাইভেট লিমিটেড ) হৈছে এটা প্ৰযুক্তি কোম্পানী যিয়ে পেমেণ্ট, ডিজিটেল বিতৰণ সেৱা আৰু বিত্তীয় সেৱাৰ বাবে ডিজিটেল প্লেটফৰ্ম নিৰ্মাণ কৰে।

 

****

Vinod Kumar / Kanishk Sharma/DM


(रिलीज़ आईडी: 2301956) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Punjabi , Urdu , हिन्दी