স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ইন্ট্ৰাক্ৰেনিয়েল আৰ্টেৰিঅ'ভেনাছ মেলফৰ্মেচন (এ ভি এম)ৰ বাবে ষ্টেৰিঅ'টেকটিক ৰেডিঅ'ছাৰ্জাৰী (এছ আৰ এছ)ৰ জৰিয়তে উন্নত ৰেডিয়'থেৰাপীৰ ক্ষেত্ৰত বৃহৎ সাফল্য এইমছ গুৱাহাটীৰ

प्रविष्टि तिथि: 14 AUG 2026 6:57PM by PIB Guwahati

এইমছ গুৱাহাটীৰ ৰেডিয়েচন অংক’লজী বিভাগে ষ্টেৰিঅ’টেকটিক ৰেডিঅ’ছাৰ্জাৰী (এছ আৰ এছ) কৌশল ব্যৱহাৰ কৰি ইন্ট্ৰাক্ৰেনিয়েল আৰ্টেৰিঅ’ভেনাছ মেলফৰ্মেচন (এ ভি এম) ৰোগত আক্ৰান্ত ২০ বছৰীয়া এগৰাকী মহিলা ৰোগীৰ সফল চিকিৎসাৰ জৰিয়তে উন্নত আৰু নিখুঁত ৰেডিঅ’থেৰাপীৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৰোগীজনৰ বাঁওফালৰ ১০ মিলিমিটাৰ×৬ মিলিমিটাৰ পেৰিট’-অক্সিপিটেল ইন্ট্ৰাক্ৰেনিয়েল এভিএম ধৰা পৰিছিল, যিটো ছাবএকিউট হেমাট’মা (তেজ জমা হোৱা)ৰ সৈতে জড়িত। একাধিক বিভাগৰ বিশেষজ্ঞৰ বিশদ পৰীক্ষাৰ অন্তত নিৰ্ণয় কৰা হ’ল যে এভিএমৰ চিকিৎসা গতানুগতিক স্নায়ুছাৰ্জাৰী বা হস্তক্ষেপমূলক ৰেডিঅ’লজীৰ দ্বাৰা কৰিব নোৱাৰি। ৰোগীজনৰ ক্লিনিকেল অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক ষ্টেৰিঅ’টেকটিক ৰেডিঅ’ছাৰ্জাৰী (এছ আৰ এছ) ব্যৱহাৰ কৰি সফলতাৰে চিকিৎসা কৰা হৈছিল, যিটো অতি নিখুঁত আৰু নন-ইনভেছিভ বিকিৰণ চিকিৎসা পদ্ধতি।

এইমছ গুৱাহাটীৰ তথ্য অনুসৰি উত্তৰ-পূব ভাৰতত এছ আৰ এছৰ দ্বাৰা চিকিৎসা কৰা ইন্ট্ৰাক্ৰেনিয়েল এভিএমৰ এইটোৱেই প্ৰথমটো এনে ৰোগীৰ চিকিৎসা যি এইমছ গুৱাহাটী আৰু ইয়াৰ ৰেডিয়েচন অংক’লজী বিভাগৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব। এই সফলতাই অঞ্চলটোৰ জটিল ৰোগসমূহৰ বাবে উন্নত, প্ৰযুক্তি-চালিত চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ ক্ৰমবৰ্ধমান ক্ষমতাক প্ৰদৰ্শন কৰে।

২০২৪ চনৰ ২৯ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ গুৱাহাটীত ৰেডিয়েচন অংক’লজী বিভাগ শুভাৰম্ভ কৰাৰ পিছৰে পৰা বিভাগটোৱে উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে কেইবাটাও উচ্চ মানৰ উন্নত চিকিৎসা কৌশল তথা পদ্ধতিৰ প্ৰৱৰ্তন আৰু ইয়াক কাৰ্যকৰী কৰিছে। ইয়াৰ ভিতৰত কম মাত্ৰাৰ ৰেডিঅ’থেৰাপি (এল ডি আৰ টি), লেটিচ ৰেডিয়’থেৰাপি (এল আৰ টি), মূৰৰ ছাল সুৰক্ষাৰ ৰেডিঅ’থেৰাপি আৰু অষ্টিঅ’আৰ্থাইটিছৰ বাবে অন্যান্য নিখুঁত ৰেডিঅ’থেৰাপি পদ্ধতি আদি অন্তৰ্ভুক্ত।

ইন্ট্ৰাক্ৰেনিয়েল এভিএমৰ বাবে এছ আৰ এছৰ সফল ব্যৱহাৰে অদূৰ ভৱিষ্যতে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰোগীসকলৰ বাবে অত্যাধুনিক বিকিৰণ চিকিৎসা পদ্ধতিৰ সুবিধা সম্প্ৰসাৰণৰ বাবে বিভাগটোৰ সংকল্পক আৰু অধিক শক্তিশালী কৰি তুলিছে।

 

 

……………….

 

 

PG / SM / KD


(रिलीज़ आईडी: 2299563) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English