বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশ্ব বজাৰৰ সংযোগ সম্প্ৰসাৰণৰ বাবে এপেডা আৰু ত্ৰিপুৰা চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় জৈৱিক ক্ৰেতা-বিক্ৰেতা বৈঠকৰ আয়োজন

ত্ৰিপুৰাত জৈৱিক বাণিজ্যৰ সুযোগ অন্বেষণ কৰিবলৈ বিশ্বৰ ক্ৰেতা, ৰপ্তানিকাৰী আৰু কৃষকসকল একত্ৰিত হৈছে

प्रविष्टि तिथि: 14 AUG 2026 2:05PM by PIB Guwahati

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনৰ কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণে (এপেডা) ত্ৰিপুৰা ৰাজ্যিক জৈৱিক কৃষি উন্নয়ন সংস্থা (টিএছঅ’এফডিএ) আৰু ত্ৰিপুৰা চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সহযোগত ৰাজ্যখনৰ জৈৱিক উৎপাদক, কৃষক উৎপাদক সংগঠন (এফ পি অ’), ৰপ্তানিকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলক নতুন ব্যৱসায়িক সুযোগৰ অন্বেষণ আৰু দীৰ্ঘম্যাদী বজাৰ সংযোগ স্থাপন কৰাৰ কৰাৰ বাবে এখন পোনপটীয়া মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে ত্ৰিপুৰাৰ আগৰতলাত এখন আন্তঃৰাষ্ট্ৰীয় জৈৱিক ক্ৰেতা-বিক্ৰেতা বৈঠকৰ আয়োজন কৰে।

এই কাৰ্যসূচীত প্ৰায় ২০০ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লয়, যাৰ ভিতৰত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, জাৰ্মানী, ইটালী, গ্ৰীচ আৰু আৰ্জেণ্টিনাৰ দৰে দেশৰ ২০ গৰাকীৰো অধিক আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা, ২৭ গৰাকী ৰপ্তানিকাৰী, ২২ টা এফ পি অ’/এফ পি চিক প্ৰতিনিধিত্ব কৰা ৯৬ গৰাকী কৃষক আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকল আছে। বিবিধ অংশগ্ৰহণে কৃষক, উৎপাদক সংগঠন, ৰপ্তানিকাৰী, চৰকাৰী অংশীদাৰ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ মাজত পোনপটীয়া মত বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰে, যাৰ ফলত উৎসৰ সুযোগ, বজাৰৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱ্য ব্যৱসায়িক সংযোগ সন্দৰ্ভত আলোচনাৰ সুবিধা প্ৰদান কৰা হয়।

এই অনুষ্ঠানত ত্ৰিপুৰাই আগবঢ়োৱা জৈৱিক আৰু প্ৰাকৃতিকভাৱে উৎপাদিত সামগ্ৰীৰ বিভিন্ন প্ৰকাৰ প্ৰদৰ্শন কৰা ১২ টা স্পন্দনশীল বিশেষভাৱে সজোৱা বিপণী আছিল, যাৰ ভিতৰত আছে কুইন আনাৰস, জিআই-টেগযুক্ত কালিখাছা চাউল, জৈৱিক আদা আৰু হালধি, ক’লা তিল, কঁঠাল, সুগন্ধি নেমু আৰু অন্যান্য সতেজ তথা বিদেশী জৈৱিক সামগ্ৰী। বিপণীসমূহে আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলক সামগ্ৰী প্ৰদৰ্শন, উৎপাদকসকলৰ সৈতে পোনপটীয়া বাৰ্তালাপ আৰু সম্ভাৱ্য উৎস তথা ব্যৱসায়িক সুযোগৰ বিষয়ে আলোচনাৰ জৰিয়তে ত্ৰিপুৰাৰ অনন্য কৃষি সামগ্ৰীসমূহ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰে।

আন্তঃৰাষ্ট্ৰীয় জৈৱিক ক্ৰেতা-বিক্ৰেতা সমাৰোহে ত্ৰিপুৰাৰ জৈৱিক উৎপাদক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ মাজত অৰ্থপূৰ্ণ বাণিজ্যিক সম্পৰ্কৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ লগতে বিশ্বৰ বজাৰত ৰাজ্যখনৰ জৈৱিক পৰিচয়ৰ প্ৰচাৰ কৰে। এই পদক্ষেপে নতুন ব্যৱসায়িক সংযোগ সৃষ্টি কৰিব, দীৰ্ঘম্যাদী উৎস অংশীদাৰিত্বক উৎসাহিত কৰিব আৰু কৃষকসকলৰ বাবে উন্নত বজাৰ প্ৰৱেশাধিকাৰৰ লগতে উপাৰ্জনৰ সুযোগত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

এই অনুষ্ঠানত ত্ৰিপুৰা চৰকাৰৰ কৃষি মন্ত্ৰী শ্ৰী ৰতন লাল নাথ, উপস্থিত আছিল ত্ৰিপুৰা চৰকাৰৰ কৃষি আৰু উদ্যান পালন বিভাগৰ সচিব-আই এ এছ শ্ৰী অপূৰ্ব ৰয়,  আই এফ অ’ এ এম অৰ্গেনিকছ এছিয়াৰ কাৰ্যবাহী সঞ্চালক আৰু এপেডাৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে শ্ৰীমতী জেনিফাৰ চাঙেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু জৈৱিক খণ্ডক শক্তিশালী কৰা তথা জৈৱিক উৎপাদকসকলৰ বাবে বজাৰৰ সুযোগ সম্প্ৰসাৰণৰ বিষয়ে তেওঁলোকৰ দৃষ্টিভংগী শ্বেয়াৰ কৰে।

কৃষি মন্ত্ৰী শ্ৰী ৰতন লাল নাথে আন্তঃৰাষ্ট্ৰীয় বজাৰত ত্ৰিপুৰাৰ জৈৱিক সামগ্ৰীৰ প্ৰচাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰি জৈৱিক কৃষক আৰু উৎপাদক গোটসমূহৰ বাবে বজাৰ সংযোগ শক্তিশালী কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয়, ‘ত্ৰিপুৰাৰ কৃষকসকলে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত অধিক সম্ভাৱনা থকা উন্নত মানৰ জৈৱিক সামগ্ৰী উৎপাদন কৰি আছে। আমাৰ কৃষক আৰু এফ পি অ’বোৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰিলে উন্নত বজাৰ প্ৰৱেশাধিকাৰ আৰু উপাৰ্জনৰ নতুন সুযোগ সৃষ্টি কৰিব পাৰে। ত্ৰিপুৰা চৰকাৰে জৈৱিক কৃষিক শক্তিশালী কৰা আৰু আমাৰ কৃষকসকলক উদীয়মান গোলকীয় সুযোগৰ পৰা লাভান্বিত কৰিবলৈ সমৰ্থ কৰা পদক্ষেপসমূহৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিব।’

এই অনুষ্ঠানত কৃষি মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জৈৱিক কৃষি আন্দোলনত তেওঁলোকৰ অৱদান আৰু বহনক্ষম কৃষি মূল্য শৃংখল গঢ়ি তোলাত তেওঁলোকৰ ভূমিকাৰ স্বীকৃতিস্বৰূপে জৈৱিক কৃষকসকলক সম্বৰ্ধনা জনায়।

প্ৰমাণপত্ৰৰ জৰিয়তে, সামৰ্থ্য বিকাশ, আন্তঃগাঁথনি উন্নয়ন, বজাৰৰ প্ৰচাৰ আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা সংযোগৰ দ্বাৰা ভাৰতৰ জৈৱিক ৰপ্তানি পৰিবেশতন্ত্ৰ শক্তিশালী কৰিবলৈ এপেডাই ৰাজ্য চৰকাৰ, এফ পি অ’, ৰপ্তানিকাৰী আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। ত্ৰিপুৰাৰ পদক্ষেপসমূহ ভাৰতৰ জৈৱিক সামগ্ৰীৰ গোলকীয় উপস্থিতি সম্প্ৰসাৰণ আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলৰ বাবে বহনক্ষম সুযোগ সৃষ্টি কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ এটা অংশ।

 

***

Abhishek Dayal/Abhijith Narayanan/Anushka Pandey/NB


(रिलीज़ आईडी: 2299423) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil