গৃহ মন্ত্ৰালয়
বাঅ’লজিকেল জৈৱ সুৰক্ষা ভাবুকিৰ ক্ষেত্ৰত এনডিএমএ-ৰ ৰাষ্ট্ৰীয় প্ৰস্তুতি কাঠামো
प्रविष्टि तिथि:
12 AUG 2026 4:48PM by PIB Guwahati
চৰকাৰ দেশত সংঘটিত যিকোনো বাঅ’লজিকেল আক্ৰমণেৰে মোকাবিলা কৰিবলৈ সাজু হৈ আছে।
বাঅ’লজিকেল দুৰ্য্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা নিৰ্দেশিকা, ২০০৮-ত বাঅ’লজিকেল সুৰক্ষা, জৈৱ সুৰক্ষা আৰু জন-স্বাস্থ্যৰ প্ৰস্তুতিক সামৰি লোৱা ভাবুকি-ধাৰণা আৰু বিপদাশংকা-ব্যৱস্থাপনা কাঠামোক সন্নিবিষ্ট কৰা হৈছে। বাঅ’লজিকেল আৰু জনস্বাস্থ্য জৰুৰীকালীন অৱস্থাকো ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা পৰিকল্পনা, ২০১৯-ত অন্তৰ্ভুক্ত কৰা হৈছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ, ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু আন-আন নিৰ্দিষ্ট সংস্থা সমূহকে প্ৰমুখ্য কৰি সংশ্লিষ্ট বৈজ্ঞানিক, জন-স্বাস্থ্য আৰু সুৰক্ষা সংস্থাসমূহে নিৰন্তৰ কাৰিকৰী মূল্যায়ন, ৰোগ নিৰীক্ষণ আৰু আগতীয়া সতৰ্কবাণীৰে মোকাবিলা কৰে।
এনডিএমএ নিৰ্দেশিকা আৰু ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা পৰিকল্পনাই বাঅ’লজিকেল জৰুৰীকালীন অৱস্থাৰ প্ৰতিৰোধ, প্ৰস্তুতি, আগতীয়াকৈ ধৰা পেলোৱা, নিয়ন্ত্ৰণ আৰু সমন্বিত সঁহাৰিৰ বাবে এক সামগ্ৰিক ৰাষ্ট্ৰীয় কাঠামো প্ৰশস্ত কৰিছে।
বাঅ’লজিকেল দুৰ্য্যোগৰ ক্ষেত্ৰত ন’ডেল মন্ত্ৰালয় হিচাপে নিযুক্তি প্ৰদান কৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে (MoHFW) জনাইছে যে স্বাস্থ্য এটা ৰাজ্যিক বিষয় আৰু মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক মহামাৰী প্ৰৱণ সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে জনস্বাস্থ্য প্ৰস্তুতি আৰু সঁহাৰি ক্ষমতাক সুদৃঢ় কৰাৰ বাবে প্ৰয়োজনীয় কাৰিকৰী আৰু আৰ্থিক সহায় আগবঢ়ায়। ৰোগ নিৰীক্ষণ কাৰ্য্যকলাপ বৃদ্ধিৰ বাবে মন্ত্ৰালয়ে সমগ্ৰ দেশতে সংহত ৰোগ নিৰীক্ষণ কাৰ্য্যক্ৰমক (IDSP) শক্তিশালী কৰিছে। এই কাৰ্য্যক্ৰমে প্ৰশিক্ষণপ্ৰাপ্ত বহু-বিষয়ক দ্ৰুত সঁহাৰি টীমৰ (RRT) জৰিয়তে সঁহাৰিৰ বিকেন্দ্ৰীকৃত ব্যৱস্থা প্ৰশস্ত কৰিছে। ইয়াৰ লক্ষ্য হৈছে প্ৰয়োজনীয় জনস্বাস্থ্য নিয়ন্ত্ৰণ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা প্ৰশস্ত কৰা।
পৰীক্ষাগাৰ সমূহক শক্তিশালী কৰাৰ ক্ষেত্ৰত আইডিএছপি-ৰ অধীনত ৰাজ্যসমূহে জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত পৰীক্ষাগাৰসমূহক সুদৃঢ় কৰি তুলিছে। ইয়াৰ উপৰিও ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) পেথ’জেনৰ সময়মতে পৰীক্ষাগাৰ ভিত্তিক নিদানৰ বাবে দেশ-ব্যাপী পৰীক্ষাগাৰ নেটৱৰ্কক সুদৃঢ়কৰণৰ বাবে ১৫০-ৰো অধিক ভাইৰেল গৱেষণা আৰু নিদান পৰীক্ষাগাৰৰ (VRDL) নেটৱৰ্ক স্থাপন কৰিছে। বিশেষকৈ দুৰ্গম অঞ্চল সমূহত প্ৰাদুৰ্ভাৱৰ সময়ত অত্যাৱশ্যকীয় স্থানীয় নিদান সেৱা প্ৰদানৰ বাবে আইচিএমআৰে দুটা ভ্ৰাম্যমাণ জৈৱ সুৰক্ষা স্তৰ ৩ (BSL-3) পৰীক্ষাগাৰ বিকশিত কৰিছে।
আইচিইউ বেডকে প্ৰমুখ্য কৰি বিচনাৰ ক্ষমতা বৃদ্ধিৰ বাবে স্বাস্থ্য আন্তঃগাঁথনি শক্তিশালী কৰা, পৰীক্ষাগাৰৰ নেটৱৰ্কৰ সম্প্ৰসাৰণ, নিৰীক্ষণ, চিকিৎসা লজিষ্টিক ক্ৰয় আদিকে প্ৰমুখ্য কৰি মহামাৰীৰ দৰে জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাৰ বাবে স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰাৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ পুঁজিৰ সহায় আগবঢ়োৱা হৈছে।
জনস্বাস্থ্যৰ জৰুৰীকালীন অৱস্থাৰ প্ৰতি আমাৰ দেশক ভালদৰে প্ৰস্তুত কৰাৰ দীৰ্ঘম্যাদী লক্ষ্যৰে প্ৰধানমন্ত্ৰী - আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ (PM- ABHIM) শুভাৰম্ভ কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে প্ৰাথমিক, মাধ্যমিক আৰু উন্নত পৰ্য্যায়ৰ স্বাস্থ্যসেৱা সুবিধা/ব্যৱস্থা আৰু প্ৰতিষ্ঠানসমূহৰ যিকোনো নতুন আৰু উদীয়মান ৰোগ চিনাক্তকৰণ আৰু পৰিচালনাৰ সামৰ্থ্য বৃদ্ধি কৰা।
ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি বাহিনীৰ (NDRF) বেটেলিয়নসমূহক মৌলিক ৰাসায়নিক বাঅ’লজিকেল ৰেডিঅ’লজিকেল আৰু নিউক্লিয়াৰ (CBRN) পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। একেদৰে নিৰ্দিষ্ট টীমসমূহক প্ৰয়োজনীয় উদ্ধাৰ, ধৰা পেলোৱা, নিৰীক্ষণ আৰু বিশুদ্ধিকৰণ সঁজুলিৰে সজ্জিত কৰা হয়।
সমগ্ৰ ভাৰতৰ সংশ্লিষ্ট ৰাজ্য/জিলা কৰ্তৃপক্ষৰ অনুৰোধৰ ভিত্তিত এনডিআৰএফ-ৰ টীম মোতায়েন কৰা হয়।
এনডিআৰএফে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দুৰ্বলতা প্ৰফাইলৰ ওপৰত ভিত্তি কৰি বাঅ’লজিকেল আৰু জৈৱ সুৰক্ষা জৰুৰীকালীন অৱস্থাৰ ওপৰত নিয়মীয়াকৈ মাল্টি-এজেন্সী মক ড্ৰিল অনুষ্ঠিত কৰে। এই অনুশীলনত অসামৰিক প্ৰতিৰক্ষা, এছডিআৰএফ, স্বাস্থ্য বিভাগ, অগ্নিনিৰ্বাপক সেৱা, আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF), জিলা প্ৰশাসন আৰু চিকিৎসালয়কে প্ৰমুখ্য কৰি সকলো গুৰুত্বপূৰ্ণ দুৰ্য্যোগ ব্যৱস্থাপনা অংশীদাৰে অংশগ্ৰহণ কৰে। এই অনুশীলনে জৰুৰীকালীন সঁহাৰি পৰিকল্পনা পৰীক্ষা কৰাত সহায় কৰে, সংস্থাসমূহৰ মাজৰ সমন্বয়ৰ অগ্ৰগতি সাধন কৰে, সমাজত সজাগতা বৃদ্ধি কৰে আৰু সামগ্ৰিক প্ৰস্তুতিক শক্তিশালী কৰে। মানক পৰিচালনা পদ্ধতি (SOP), ঘটনা সঁহাৰি ব্যৱস্থা (IRS) আৰু প্ৰতিষ্ঠিত আন্তঃসংস্থা সমন্বয় ব্যৱস্থা অনুসৰি সঁহাৰি জনোৱা হয়।
ইয়াৰ উপৰিও সমগ্ৰ ভাৰততে ক্ৰছ ছেক্টৰ ৰেচপন্স পৰীক্ষণৰ অৰ্থে মক ড্ৰিল অনুষ্ঠিত কৰা হয়।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা সদৰী কৰে।
*****
RK/RR/PR/PS/SKS/SB
(रिलीज़ आईडी: 2299292)
आगंतुक पटल : 9