গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰেম-২

प्रविष्टि तिथि: 12 AUG 2026 4:46PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে উত্তৰৰ সীমান্তৰ কাষৰীয়া অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, লাডাখ (কেন্দ্ৰীয় শাসিত অঞ্চল), ছিকিম আৰু উত্তৰাখণ্ডৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত ৪৬ টা ব্লকৰ নিৰ্বাচিত গাঁওসমূহৰ ব্যাপক উন্নয়নৰ বাবে ২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি হিচাপে ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰেম-১ (ভিভিপি-১) অনুমোদন জনাইছিল।

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভিভিপি-১ৰ অধীনত সামৰি লোৱাখিনিৰ বাহিৰে আন্তঃৰাষ্ট্ৰীয় সীমান্ত (আইএলবি)ৰ সৈতে সংযুক্ত অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, গুজৰাট, জম্মু আৰু কাশ্মীৰ (কেন্দ্ৰীয় শাসিত অঞ্চল), লাডাখ (কেন্দ্ৰীয় শাসিত অঞ্চল), মণিপুৰ, মেঘালয়, মিজোৰাম, নগালেণ্ড, পঞ্জাৱ, ৰাজস্থান, ছিকিম, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৩৩৪টা ব্লকৰ অন্তৰ্গত ১৯৫৪ খন নিৰ্বাচিত গাঁৱৰ ব্যাপক উন্নয়নৰ বাবে বিত্তীয় বৰ্ষ ২০২৮-২৯ লৈকে মুঠ ৬৮৩৯ কোটি টকা ব্যয়সাপেক্ষ কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি হিচাপে ২০২৫ চনৰ ২ এপ্ৰিলত ভাইব্ৰেণ্ট ভিলেজেছ প্ৰগ্ৰেম-২ (ভিভিপি-২) ত অনুমোদন জনাইছে। 

ভিভিপি-১ৰ অধীনত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২৯০৬টা প্ৰকল্পত অনুমোদন জনাইছে আৰু কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহৰ একত্ৰীকৰণৰ জৰিয়তে ভিভিপি-১ৰ অধীনত এতিয়ালৈকে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৯৫৯.৬৬ কোটি টকা মোকলাই দিয়া হৈছে।

ভিভিপি-২ৰ অধীনত সীমান্তৰ গাঁওসমূহত বিভিন্ন আঁচনিৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে বিভিন্ন মন্ত্ৰালয়ৰ আঁচনিসমূহৰ আঁচনি ভিত্তিক নিৰ্দেশনাসমূহ শিথিলকৰণৰ বাবে কেবিনেট সচিবৰ অধ্যক্ষতাত গৃহ সচিব, সচিব (সীমান্ত ব্যৱস্থাপনা), সচিব (ব্যয়) আৰু সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগৰ সচিবসকলক সদস্য হিচাপে লৈ গঠিত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি (এইচপিচি)ত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা প্ৰকাশ কৰিছে।

*****

RK/RR/PR/PS/SKS/HS


(रिलीज़ आईडी: 2298875) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी