সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

নিৰাপদ আৰু সুলভ আৱাসৰ জৰিয়তে কন্যাসকলক সবলীকৰণঃ পিএম-এজেএৱাই-এ কেনেদৰে মণিপুৰত উচ্চ শিক্ষাৰ প্ৰৱেশাধিকাৰত সহায় কৰিছে

৩.৫০ কোটি টকা ব্যয়েৰে মণিপুৰৰ পশ্চিম ইম্ফলৰ ধনমঞ্জুৰী বিশ্ববিদ্যালয়ত ১০০ শয্যাবিশিষ্ট এছ চি ছাত্রী নিবাস নিৰ্মাণ কৰা হৈছে

प्रविष्टि तिथि: 12 AUG 2026 6:02PM by PIB Guwahati

দুৰ্গম আৰু গ্ৰাম্য অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰাপদ আৰু সুলভ আৱাসৰ ব্যৱস্থাই তেওঁলোকৰ উচ্চ শিক্ষা আহৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

এই প্ৰয়োজনীয়তাক স্বীকৃতি দি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা (পিএম-এজেএৱাই)ৰ হোষ্টেল উপাংশৰ অধীনত মণিপুৰৰ পশ্চিম ইম্ফলৰ ধনমঞ্জুৰী বিশ্ববিদ্যালয়ত ১০০শয্যাবিশিষ্ট এছচি ছাত্ৰী নিবাস নিৰ্মাণ কৰা হৈছে। মণিপুৰৰ দুৰ্গম অঞ্চলৰ অনুসূচিত জাতিৰ শিক্ষাৰ্থীকে ধৰি এই সুবিধা বিভিন্ন সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰি আছে।

পিএম-এজেএৱাইৰ অধীনত ৩.৫০ কোটি টকা ব্যয়েৰে ২০২২-২৩ত নিৰ্মাণ কৰা এই ছাত্রী নিবাসে ৰাজ্যখনৰ দুৰ্গম আৰু গ্ৰাম্য অঞ্চলৰ ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষাৰ সুবিধা যথেষ্ট উন্নত কৰিছে। ধনমঞ্জুৰী বিশ্ববিদ্যালয় মণিপুৰৰ অন্যতম প্ৰতিষ্ঠিত প্ৰতিষ্ঠান আৰু ই সকলো জিলাৰ শিক্ষাৰ্থীসকলক আকৰ্ষণ কৰে, সেয়েহে উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ বাবে সুলভ আৱাসিক সুবিধা হৈছে এক গুৰুত্বপূৰ্ণ সমৰ্থন।

ইম্ফল পশ্চিমৰ ধনমঞ্জুৰী বিশ্ববিদ্যালয়ৰ ১০০ শয্যাবিশিষ্ট এছ চি ছাত্রী নিবাস

 

ছাত্রী নিবাসটোৱে নিৰাপদ আৰু সুলভ আৱাসৰ সুবিধা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলে সদায় অহা-যোৱা কৰা আৰু ব্যক্তিগত নিবাসত থকাৰ সৈতে জড়িত অসুবিধাসমূহৰ সন্মুখীন নোহোৱাকৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ উন্নত সুযোগ আৰু শৈক্ষিক বিকাশ বিচৰা কন্যাসকলৰ বাবে বিশেষকৈ মণিপুৰৰ দুৰ্গম অঞ্চলৰ পৰা অহা কন্যাসকলৰ বাবে এই সুবিধা এক গুৰুত্বপূৰ্ণ সুবিধা হিচাপে পৰিগণিত হৈছে।

দুৰ্গম অঞ্চলৰ কন্যাসকলৰ বাবে উচ্চ শিক্ষাত সহায় আগবঢ়োৱা নিবাসৰ সুবিধা

এই ব্যৱস্থাৰ প্ৰভাৱ ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হৈছে তাৰ জৰিয়তে প্ৰতিফলিত হৈছে। ২৯ মে' ২০২৬ লৈকে নিবাসত ৭৬ গৰাকী শিক্ষাৰ্থী আছিল। বিশ্ববিদ্যালয়ৰ নিকটত আৱাসৰ সুবিধা প্ৰদান কৰি ইয়ে শিক্ষাৰ্থীসকলক আবাস আৰু যাতায়াত-সম্পৰ্কীয় প্ৰত্যাহ্বান অতিক্ৰম কৰাত সহায় কৰিছে আৰু এক সুৰক্ষিত তথা সহায়তাপূৰ্ণ পৰিৱেশত তেওঁলোকে শৈক্ষিক কাম-কাজ আগবঢ়াই নিবলৈ সক্ষম হৈছে।

নিৰাপদ আৱাস। ব্যয়সাধ্য থকাৰ সুবিধা । উচ্চ শিক্ষাৰ উন্নত সুযোগ

ধনমঞ্জুৰী বিশ্ববিদ্যালয়ৰ ১০০ শয্যাবিশিষ্ট এছ চি ছাত্ৰী নিবাসে দেখুৱাইছে-- পিএম-এ জে এ ৱাই-ৰ অধীনত নিৰ্ধাৰণ কৰি লোৱা শৈক্ষিক আন্তঃগাঁথনিয়ে কেনেকৈ দুৰ্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে উচ্চ শিক্ষাৰ প্ৰৱেশাধিকাৰ শক্তিশালী কৰিব পাৰে। নিৰাপদ আৰু ব্যয়সাধ্য আৱাসৰ সুবিধা প্ৰদান কৰি এই পদক্ষেপে কন্যাসকলক উচ্চ শিক্ষা আহৰণ কৰাত সহায় কৰিছে আৰু তেওঁলোকৰ শৈক্ষিক বিকাশৰ বাবে এক শক্তিশালী ভেটিৰ সৃষ্টি কৰিছে।

 

*****

SS-029-TAR-KV-GA/HS


(रिलीज़ आईडी: 2298873) आगंतुक पटल : 4
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Tamil , Kannada