ভুবিজ্ঞান মন্ত্ৰালয়
সংসদীয় প্ৰশ্ন: উত্তৰ-পূব ভাৰতত বানৰ পূৰ্বানুমান আৰু আগতীয়া সতৰ্কবাণী ব্যৱস্থা
प्रविष्टि तिथि:
12 AUG 2026 12:36PM by PIB Guwahati
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) ২০২৬ চনৰ ১৮ পৰা ২০ জুলাইলৈ হ’বলগীয়া প্ৰবলৰ পৰা অতি প্ৰবল বৃষ্টিপাতৰ আগতে আৰু সেই সময়ছোৱাত যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউকে ধৰি উজনি অসমৰ সকলো জিলাৰ বাবে আগতীয়াকৈ জিলা-ভিত্তিক বৰষুণৰ পূৰ্বানুমান আৰু ৰং-সংকেতযুক্ত প্ৰভাৱ-ভিত্তিক সতৰ্কবাণী জাৰি কৰিছিল। ৰাজ্যখনৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা এই পূৰ্বানুমানত ৭ দিন আগতীয়াকৈ প্ৰবল আৰু অতি প্ৰবল বৃষ্টিপাতৰ তথ্য লাভ কৰা হৈছিল, যাৰ সৈতে পৰৱৰ্তী ৭ দিনৰ বাবে বৈধ্য দৈনিক ৰং-সংকেতযুক্ত সতৰ্কবাণীও আছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ নিৰ্দেশনা অনুসৰি বৰষুণৰ মানক শ্ৰেণীবিভাজন অনুসৰণ কৰা হৈছিল, য’ত বৰষুণৰ তীব্ৰতাক পাতল, মধ্যমীয়া, প্ৰবল আৰু অতি প্ৰবল বৰষুণ হিচাপে শ্ৰেণীভুক্ত কৰাৰ লগতে ইয়াৰ ভৌগোলিক বিস্তাৰ আংশিকৰ পৰা বহুল পৰিসৰলৈ বিভক্ত কৰা হৈছিল।
২০২৬ চনৰ ১৭ৰ পৰা ২০ জুলাইৰ ভিতৰত মুখ্য চিন’প্টিক বতৰ ব্যৱস্থা আৰু বায়ুমণ্ডলীয় কাৰকসমূহৰ বাবে এই প্ৰবল বৃষ্টিপাত হৈছিল। ২০২৬ চনৰ ১৭ জুলাইত সাগৰ পৃষ্ঠৰ গড় মৌচুমী বলয় উত্তৰ-পূব বংগোপসাগৰলৈ বিস্তাৰিত হৈছিল। ইয়াৰ সৈতে গাংগেয় পশ্চিমবংগ আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ ওপৰত এটা লঘুচাপ আৰু উত্তৰ-পূব অসম আৰু ইয়াৰ আশে-পাশে গড় সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিঃমিঃ ওপৰলৈ বিস্তৃত হৈ এটা উপৰিভাগৰ বায়ু ঘূৰ্ণীবতাহৰ ৰূপ লৈছিল। ১৮ৰ পৰা ২০ জুলাইৰ ভিতৰত উত্তৰ-পূব অসমৰ ওপৰৰ বায়ুমণ্ডলীয় ঘূৰ্ণীবতাহটো সাগৰ পৃষ্ঠৰ পৰা ১.৫ কিঃমিঃৰ পৰা ৩.১ কিঃমিঃ ওপৰেৰে মধ্য অসম আৰু সংলগ্ন নাগালেণ্ডৰ ফালে গতি কৰে আৰু ২০ জুলাইলৈ বাহাল থাকে। তদুপৰি উত্তৰ ঝাৰখণ্ড আৰু সংলগ্ন বিহাৰৰ ওপৰত সৃষ্টি হোৱা উপৰিভাগৰ বায়ু ঘূৰ্ণীবতাহ আৰু গাংগেয় পশ্চিমবংগ আৰু বাংলাদেশৰ পৰা ত্ৰিপুৰালৈকে বিস্তাৰিত হৈ থকা ইয়াৰ সৈতে জৰিত বায়ুমণ্ডলীয় বলয়ে উজনি অসমজুৰি শক্তিশালী মৌচুমী প্ৰভাৱ অব্যাহত ৰাখিছিল। এই ঘটনাৰ বিশদ বিৱৰণ থকা দৈনিক বতৰ বুলেটিনসমূহ গুৱাহাটীস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰত সংৰক্ষিত হৈ আছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমৰ সকলো অঞ্চলতে অতি প্ৰবল বৃষ্টিপাতৰ পূৰ্বানুমান আৰু সতৰ্কবাণীৰ কাৰ্যক্ষমতা, সঠিকতা আৰু আগতীয়া সময়ৰ সঘনাই মূল্যায়ন কৰে। অসমক পশ্চিম অসম, দক্ষিণ অসম, মধ্য অসম আৰু উত্তৰ-পূব অসম আদিকে ধৰি কেইবাটাও উপ-অঞ্চলত ভাগ কৰা হৈছে। মূল্যায়নৰ মাপকাঠীসমূহে মূলতঃ ১ নম্বৰ দিনৰ পৰা ৫ নম্বৰ দিনলৈকে সামগ্ৰিক সঠিকতা, ধৰা পেলোৱাৰ সম্ভাৱনা, সংকট ব্যৱস্থাপনা আৰু ভুৱা সতৰ্কবাণীৰ সঘনাই হোৱা সংখ্যা মাপ কৰে। পশ্চিম অসমত ‘শুদ্ধ পূৰ্বানুমানৰ শতাংশ’ হিচাপে প্ৰকাশ কৰা সামগ্ৰিক পূৰ্বানুমানৰ সঠিকতা ১ নম্বৰ দিনৰ ৭২.১৪%ৰ পৰা ৫ নম্বৰ দিনত ৮০.৯৪% লৈকে হয়। ধৰা পেলোৱাৰ সম্ভাৱনা (পিঅডি) ১ নম্বৰ দিনত ০.৬৩৪৫ আৰু ৫ নম্বৰ দিনত ক্ৰমান্বয়ে হ্রাস পাই ০.১২০৯ হয়। একেদৰে, ভুৱা সতৰ্কবাণীৰ অনুপাত (এফএআৰ) ১ নম্বৰ দিনত ০.৭৩৮ৰ পৰা ৫ নম্বৰ দিনত ০.৯৬১৩ লৈকে হয়, আনহাতে ক্ৰিটিকেল চাকচেছ ইণ্ডেক্স (চিএছআই) ১ নম্বৰ দিনত ০.১৯৩৬ ৰ পৰা ৫ নম্বৰ দিনত ০.০২৬৪ লৈ গতি কৰে।
দক্ষিণ অসমত শুদ্ধ পূৰ্বানুমানৰ শতাংশ ক্ৰমাগতভাৱে উচ্চ হৈ থাকে, যি ১ নম্বৰ দিনত ৬০.৪৮%ৰ পৰা ৫ নম্বৰ দিনত ৮৪.৬৮% লৈকে হয়। ধৰা পেলোৱাৰ সম্ভাৱনাই ১ নম্বৰ দিনত ০.৫২৫ মান ৰেকৰ্ড কৰে আৰু ৫ নম্বৰ দিনত ০.০৪২৫লৈ হ্রাস পায়। ভুৱা সতৰ্কবাণীৰ অনুপাত ১ নম্বৰ দিনত ০.৮৫৫ৰ পৰা ৫ নম্বৰ দিনত ০.৭৫লৈ পৃথক হয়, আনহাতে ক্ৰিটিকেল চাকচেছ ইণ্ডেক্সৰ মান ১ নম্বৰ দিনত ০.১২ৰ পৰা ৫ নম্বৰ দিনত ০.০৪২৫ৰ ভিতৰত ৰেকৰ্ড কৰা হয়। মধ্য অসমত পূৰ্বানুমান ব্যৱস্থাই উচ্চ সামগ্ৰিক সঠিকতা প্ৰদৰ্শন কৰে, য’ত শুদ্ধ পূৰ্বানুমানৰ শতাংশ ১ নম্বৰ দিনৰ ৬৬.৩৬%ৰ পৰা ৫ নম্বৰ দিনত ৮০.১৮%লৈ বৃদ্ধি পায়। ধৰা পেলোৱাৰ সম্ভাৱনা ১ নম্বৰ দিনত ০.৬৯২৯ৰ পৰা আৰম্ভ হৈ ৫ নম্বৰ দিনলৈ ০.০৭৫৭লৈ পৰিৱৰ্তিত হয়। ভুৱা সতৰ্কবাণীৰ অনুপাত ১ নম্বৰ দিনত ০.৮১১৪ৰ পৰা ৫ নম্বৰ দিনত ০.৮৮৮৩লৈকে হয়, আনহাতে ক্ৰিটিকেল চাকচেছ ইণ্ডেক্সে ১ নম্বৰ দিনত ০.১৬৭১ৰ পৰা ৫নম্বৰ দিনত ০.০৪২৯ৰ ভিতৰত কাৰ্যক্ষমতা ৰেকৰ্ড কৰে।
উত্তৰ-পূব অসমত ধৰা পেলোৱাৰ সম্ভাৱনা ১ নম্বৰ দিনত ০.৭২২৯ আৰু ৫ নম্বৰ দিনত ০.১৮৫৭, যাক ১ নম্বৰ দিনত ০.৩৯১৩ৰ পৰা ৫ নম্বৰ দিনত ০.৫৫৩৮ৰ ভিতৰত থকা নিম্ন ভুৱা সতৰ্কবাণীৰ অনুপাতে সমৰ্থন কৰে। ক্ৰিটিকেল চাকচেছ ইণ্ডেক্সে ১ নম্বৰ দিনত ০.৪২৭৫ৰ পৰা ৫ নম্বৰ দিনত ০.১৯লৈকে শক্তিশালী কাৰ্যক্ষমতা দেখুৱায়। উত্তৰ-পূব অসমৰ বাবে শুদ্ধ পূৰ্বানুমানৰ শতাংশৰ ক্ষেত্ৰত সামগ্ৰিক পূৰ্বানুমানৰ সঠিকতা সুস্থিৰ হৈ থাকে, যি ১ নম্বৰ দিনত ৫৮.৪৭% আৰু ৫ নম্বৰ দিনত ৫১.৬১% জোখা হয়।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূব ভাৰতকে ধৰি ভাৰতত ঋতুভিত্তিক বৰষুণৰ পূৰ্বানুমান প্ৰস্তুত কৰাৰ সময়ত এল নিনো-দক্ষিণ দোলনা (ইএনএছঅ) আৰু ভাৰত মহাসাগৰীয় দ্বিপোল (আইঅডি) কে ধৰি বৃহৎ পৰিসৰৰ জলবায়ু কাৰকসমূহ বিবেচনা কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ঋতুভিত্তিক পূৰ্বানুমান ব্যৱস্থাত ডাইনামিকেল কাপল্ড ক্লাইমেট মডেল আৰু পৰিসংখ্যাগত কৌশলৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হয় য’ত সাগৰ পৃষ্ঠৰ উত্তাপ, বায়ুমণ্ডলীয় সঞ্চালন, ইএএছঅ, আইঅডি আৰু অন্যান্য জলবায়ু সূচকৰ দৰে বিভিন্ন মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় মাপকাঠী অন্তৰ্ভুক্ত কৰা হয়। ঋতুভিত্তিক বৰষুণৰ সম্ভাৱনানিৰ্ভৰ পূৰ্বানুমান প্ৰস্তুত কৰিবলৈ এই কাৰকসমূহ একত্ৰিতভাৱে মূল্যায়ন কৰা হয়।
উত্তৰ-পূব ভাৰতৰ বাবে ইএনএছঅ আৰু আইঅডিয়ে বৰষুণৰ তাৰতম্যক প্ৰভাৱিত কৰে। এল নিনো সাধাৰণতে ভাৰতৰ বেছিভাগ অংশত স্বাভাৱিকতকৈ কম দক্ষিণ-পশ্চিম মৌচুমী বৰষুণৰ সৈতে সম্পৰ্কিত হলেও, উত্তৰ-পূব ভাৰতত কিছুমান এল নিনো বছৰত স্বাভাৱিকতকৈ অধিক বৰষুণ হয়। দেশৰ বাকী অংশৰ তুলনাত এল নিনো আৰু উত্তৰ-পূব ভাৰতৰ বৰষুণৰ সম্পৰ্ক তুলনামূলকভাৱে দুৰ্বল আৰু জটিল, কাৰণ এই অঞ্চলৰ বৰষুণ বংগোপসাগৰৰ আৰ্দ্ৰতা পৰিবহণ, মৌচুমী সঞ্চালন আৰু ভূ-প্ৰাকৃতিক প্ৰভাৱৰ দৰে কাৰকৰ দ্বাৰা তীব্ৰভাৱে প্ৰভাৱিত হয়। ফলস্বৰূপে, উত্তৰ-পূব ভাৰতৰ ঋতুভিত্তিক বৰষুণৰ ওপৰত এল নিনোৰ প্ৰভাৱ সমৰূপ নহয় আৰু এটা ঘটনাৰ পৰা আন এটালৈ পৃথক হয়। বৰ্তমান মধ্যমীয়া এল নিনোৰ পৰিস্থিতি বিৰাজ কৰিছে, আনহাতে আইঅডি নিৰপেক্ষ হৈ আছে আৰু এই পৰিস্থিতিসমূহ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ঋতুভিত্তিক বৰষুণৰ ধাৰণাত অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে, উত্তৰ-পূব ভাৰতত বানপানীৰ বিপদাশংকা হ্ৰস্বকালীন প্ৰবল বৃষ্টিপাতৰ ঘটনা, নদী অৱবাহিকাৰ অৱস্থা আৰু জলগ্ৰহণ এলেকাৰ বৈশিষ্ট্যৰ ওপৰতো নিৰ্ভৰ কৰে; গতিকে, বানপানীৰ বিপদাশংকাৰ মূল্যায়ন ঋতুভিত্তিক জলবায়ুৰ ধাৰণা আৰু কাৰ্যকৰী বতৰৰ পূৰ্বানুমান উভয়ৰে ওপৰত আধাৰিত।
বানপানীৰ বিপদাশংকা মূল্যায়নৰ ক্ষেত্ৰত, ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বৰষুণৰ পূৰ্বানুমান আৰু বতৰৰ সতৰ্কবাণীয়ে বানৰ পূৰ্বানুমানৰ বাবে গুৰুত্বপূৰ্ণ বতৰ বিজ্ঞান সংক্ৰান্তীয় তথ্য যোগান ধৰে। দেশত কাৰ্যকৰী বানৰ পূৰ্বানুমান কেন্দ্ৰীয় জল আয়োগে (চিডব্লিউচি) সম্পন্ন কৰে, যিয়ে বানৰ পূৰ্বানুমান আৰু সতৰ্কবাণী জাৰি কৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বতৰৰ পূৰ্বানুমানক জলবিজ্ঞান সংক্ৰান্তীয় পৰ্যৱেক্ষণ, নদী গজ তথ্য আৰু জলবিজ্ঞান সংক্ৰান্তীয় মডেলৰ সৈতে সংহতি স্থাপন কৰে।
আজি লোকসভাত এক লিখিত উত্তৰত ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) ড° জিতেন্দ্ৰ সিঙে এই তথ্য প্ৰদান কৰে।
*****
NKR/JKP/DB
(रिलीज़ आईडी: 2298731)
आगंतुक पटल : 9