নৌ-পৰিবহন মন্ত্ৰালয়
অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পূঁজিলৈ বান সাহায্য হিচাবে ভাৰতীয় বন্দৰ সংস্থাই আগবঢ়ালে ৫ কোটি টকা
प्रविष्टि तिथि:
10 AUG 2026 8:07PM by PIB Guwahati
অসমৰ বানপীড়িত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি ভাৰতীয় বন্দৰ সংস্থাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে।ভাৰতীয় বন্দৰ সন্থাৰ জ্যেষ্ঠ বিষয়া সুশীল কুমাৰ সিং আৰু বিকাশ নৰৱালে আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি উক্ত বৰঙণি আগবঢ়ায়। এই প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয়, “এই বৰঙণি কেন্দ্ৰীয় চৰকাৰে অসমক সমৰ্থন জনোৱাৰ এক অংশ, এয়া কঠিন সময়ত আমাৰ জনসাধাৰণৰ সৈতে থিয় দিয়াৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।”
এই সাহায্যৰ জৰিয়তে ৰাজ্যজুৰি বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনত সহায় কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

***
MI/Indu/DM
(रिलीज़ आईडी: 2297915)
आगंतुक पटल : 8