ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ ৰাষ্ট্ৰপতি

সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান আৰু ভাৰতীয় হস্ততাঁত বয়নৰ ওপৰত স্মাৰক ডাকটিকট উন্মোচন কৰে ৰাষ্ট্ৰপতিয়ে

হস্ততাঁত খণ্ডৰ বহনক্ষম বিকাশৰ বাবে নতুন প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ অপৰিহাৰ্য: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

পোষ্ট কৰা হৈছে: 07 AUG 2026 4:47PM by PIB Guwahati

দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ ৰাষ্ট্ৰপতি
 

সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান আৰু ভাৰতীয় হস্ততাঁত বয়নৰ ওপৰত স্মাৰক ডাকটিকট উন্মোচন কৰে ৰাষ্ট্ৰপতিয়ে
 

হস্ততাঁত খণ্ডৰ বহনক্ষম বিকাশৰ বাবে নতুন প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰ অপৰিহাৰ্য: ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত (RBCC) দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আয়োজিত হস্ততাঁত বঁটা প্ৰদান অনুষ্ঠানত সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা ২০২৫ প্ৰদান কৰে। এই অনুষ্ঠানত ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক উদযাপন কৰাৰ লগতে দেশৰ হস্ততাঁত শিপিনীসকলৰ উৎকৃষ্ট কাৰিকৰী দক্ষতা আৰু ইয়াৰ চিৰন্তন বয়ন পৰম্পৰাক সংৰক্ষণ তথা প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকে আগবঢ়োৱা অৱদানক স্বীকৃতি প্ৰদান কৰা হয়।

এই অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং, বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, বস্ত্ৰ সচিব শ্ৰীমতী নীলম শামী ৰাও আৰু হস্ততাঁত উন্নয়ন আয়ুক্ত ড° এম. বীণা উপস্থিত থাকে। ইয়াৰ উপৰিও সন্ত কবীৰ হস্ততাঁত বঁটা প্ৰাপক আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰাপকসকল, তেওঁলোকৰ পৰিয়ালৰ সদস্যবৰ্গ, বঁটা নিৰ্বাচনী সমিতিৰ সদস্যসকল, হস্ততাঁত খণ্ডৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকল, সমগ্ৰ দেশৰ পৰা অহা হস্ততাঁত শিপিনীসকল, জ্যেষ্ঠ চৰকাৰী বিষয়াসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল আৰু অন্যান্য বিশিষ্ট অতিথিসকল উপস্থিত থাকে।

ভাৰতৰ চহকী হস্ততাঁত পৰম্পৰা সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকৰ অসাধাৰণ কাৰিকৰী দক্ষতা, উদ্ভাৱন আৰু অৱদানৰ স্বীকৃতিস্বৰূপে, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০২৫ বৰ্ষৰ বাবে উৎকৃষ্ট হস্ততাঁত শিপিনীসকলক ৩ টা সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ১৯ টা ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে।

উপস্থিত ৰাইজক সম্বোধন কৰি ৰাষ্ট্ৰপতিয়ে কয় যে শতিকাৰ পিছত শতিকা ধৰি হস্ততাঁত ভাৰতৰ সভ্যতাৰ বিৱৰ্তন যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। ই আমাৰ জাতিৰ অসাধাৰণ বৈচিত্ৰ্য প্ৰতিফলিত কৰে আৰু আমাৰ আঞ্চলিক স্বকীয়তাক সংৰক্ষণ কৰি আহিছে। ৰাষ্ট্ৰপতিয়ে জোৰ দি কয় যে হস্ততাঁত খণ্ডই কৰ্মসংস্থাপন, নাৰী সবলীকৰণ, শিল্প আৰু সংস্কৃতি, তথা প্ৰকৃতিৰ প্ৰতি প্ৰেম গঢ়ি তোলে।

ৰাষ্ট্ৰপতিয়ে কয় যে এই খণ্ডটোৰ বহনক্ষম বিকাশৰ বাবে নতুন প্ৰযুক্তিসমূহৰ উপযুক্ত ব্যৱহাৰ অপৰিহাৰ্য। আধুনিক ডিজিটেল সমাধানৰ জৰিয়তে বজাৰত প্ৰৱেশাধিকাৰ অধিক ফলপ্ৰসূ কৰি তুলিব পৰা যায়।

ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে যে প্ৰযুক্তি আৰু উদ্ভাৱনীমূলক আৰ্হিৰে সজ্জিত বহু প্ৰতিভাশালী যুৱ উদ্যোগীয়ে এই খণ্ডটোত প্ৰৱেশ কৰিছে। তেওঁ কয় যে চৰকাৰী আঁচনি আৰু প্ৰতিষ্ঠানসমূহৰ জৰিয়তে যুৱপ্ৰজন্মক সক্ৰিয়ভাৱে সহায় আগবঢ়োৱা উচিত, যাতে তেওঁলোকৰ উৎসাহ আৰু দক্ষতাই এই খণ্ডটোৰ দীৰ্ঘম্যাদী আৰু বহুমুখী সফলতা নিশ্চিত কৰিব পাৰে। লগতে তেওঁ এই অমূল্য ঐতিহ্যক আগুৱাই নিবলৈ নৱপ্ৰজন্মক উৎসাহিত কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে।

এই উপলক্ষে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিঙে অবিৰত নীতিগত সমৰ্থন, প্ৰযুক্তি গ্ৰহণ, আৰ্হিৰ উদ্ভাৱন, বজাৰ প্ৰসাৰ, দক্ষতা বিকাশ আৰু কল্যাণমূলক পদক্ষেপৰ জৰিয়তে হস্ততাঁত খণ্ডটোক শক্তিশালী কৰাৰ দিশত চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ়তাৰে ব্যক্ত কৰে। বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ভাৰতৰ চহকী হস্ততাঁত পৰম্পৰাক সংৰক্ষণ কৰি ৰখাৰ সমান্তৰালভাৱে এই খণ্ডটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত উদ্ভাৱন, যুৱ অংশগ্ৰহণ আৰু বিশ্বব্যাপী সুযোগ সম্প্ৰসাৰণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

অনুষ্ঠানটোৰ এক অন্যতম প্ৰধান আকৰ্ষণ আছিল ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ভাৰতীয় হস্ততাঁত বয়নৰ ওপৰত চাৰিখন স্মাৰক ডাকটিকট উন্মোচন। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ বয়ন পৰম্পৰাক উদযাপন কৰা আৰু হস্ততাঁত খণ্ডৰ উৎকৃষ্টতাক লিপিৱদ্ধ কৰা বস্ত্ৰ মন্ত্ৰালয়ৰ হস্ততাঁত উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ এক প্ৰকাশন, “আৰ্থ. ৰুট. থ্ৰেড – আল ডায়েড হেণ্ডলুম টেক্সটাইলছ অৱ চেণ্ট্ৰেল ইণ্ডিয়া” (Earth. Root. Thread – Aal Dyed Handloom Textiles of Central India) নামৰ গ্ৰন্থখনো উন্মোচন কৰে।

অনুষ্ঠানৰ সমান্তৰালভাৱে বঁটা বিজয়ী হস্ততাঁত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছিল। দৰ্শনাৰ্থীসকলে পৰম্পৰাগত কানি বয়ন আৰু ৱাল হেঙিং (Wall Hanging) বয়নৰ জীৱন্ত প্ৰদৰ্শনো প্ৰত্যক্ষ কৰে, যিয়ে ভাৰতৰ হস্ততাঁত পৰম্পৰাৰ বৈচিত্ৰ্য, কাৰিকৰী নিপুণতা আৰু শৈল্পিক উৎকৃষ্টতাৰ এক আভাস দাঙি ধৰে।

থলুৱা উদ্যোগ আৰু ভাৰতৰ হস্ততাঁত খণ্ডক নতুন গতি প্ৰদান কৰা ১৯০৫ চনৰ স্বদেশী আন্দোলনৰ সূচনাৰ স্মৃতিচাৰণ স্বৰূপে প্ৰতি বছৰে ৭ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। ২০১৫ চনত ৭ আগষ্টক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা, এই দিনটোৱে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, জীৱিকা সৃষ্টি আৰু বহনক্ষম বিকাশৰ ক্ষেত্ৰত হস্ততাঁত খণ্ডৰ অমূল্য অৱদানক স্বীকৃতি প্ৰদান কৰি আহিছে।

দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনে কাৰিকৰসকলৰ প্ৰতি নিৰন্তৰ সমৰ্থন, উদ্ভাৱন, আৰ্হিৰ বিকাশ আৰু বজাৰ প্ৰৱেশাধিকাৰৰ জৰিয়তে হস্ততাঁত ইকোচিষ্টেমটোক শক্তিশালী কৰাৰ লগতে ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত বস্ত্ৰ মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিক পুনৰ দৃঢ়তাৰে ব্যক্ত কৰে। এই উপলক্ষে দেশৰ হস্ততাঁত শিপিনীসকলৰ অসাধাৰণ দক্ষতা, সৃজনশীলতা আৰু একাগ্ৰতাকো উদযাপন কৰা হয়, যাৰ কাৰিকৰী নিপুণতাই ভাৰতৰ সাংস্কৃতিক পৰিচয়ক সমৃদ্ধ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।

****

MAM/VN


(ৰিলিজ আই ডি : 2296839) অতিথি কক্ষ : 25
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Kannada