তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
এন ই এইচ এইচ ডি চি, গুৱাহাটীৰ সহযোগত আন্তঃমাধ্যম প্ৰচাৰ সমন্বয় সমিতি-ৰ বৈঠকৰ আয়োজন কৰে পি আই বি গুৱাহাটী-য়ে
এন ই এইচ এইচ ডি চি-ৰ নিজা মুখপত্ৰ "পূৰ্বশ্ৰী পালছ"ৰ প্ৰথম সংস্কৰণ-ৰ উন্মোচন
পোষ্ট কৰা হৈছে:
06 AUG 2026 5:54PM by PIB Guwahati
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰচাৰ শাখাৰ মাজত আন্তঃবিভাগীয় সমন্বয় সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ গড়চুকস্থিত উত্তৰ-পূৱ হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম (এন ই এইচ এইচ ডি চি)ৰ সহযোগত আন্তঃমাধ্যম প্ৰচাৰ সমন্বয় সমিতি (আই এম পি চি চি)ৰ বৈঠকৰ আয়োজন কৰা হয়। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱৰ সভাপতিত্বত অনুষ্ঠিত সভাত সহ-অধ্যক্ষতা কৰে এন ই এইচ এইচ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী মাৰা কোচোৱে।
আইএমপিচিচি-ৰ মঞ্চত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ আৰু সংগঠনৰ প্ৰতিনিধিসকলক সন্মিলিত কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত তেওঁলোকৰ মূল কাম-কাজ, পদক্ষেপ আৰু সাফল্যসমূহৰ বিষয়ে তথ্য সহভাগ কৰা হয়।
বৈঠকত আদৰণি ভাষণ প্ৰদান কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী কৃপা শংকৰ যাদৱে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, কেন্দ্ৰীয় যোগাযোগ ব্যুৰো, দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’কে ধৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মিডিয়া গোটসমূহে গ্ৰহণ কৰা বহুমুখী ভূমিকা আৰু কাৰ্যকলাপত আলোকপাত কৰে। ফলপ্ৰসূ জনসংযোগৰ বাবে সকলো বিভাগৰ মাজত সমন্বিত প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰি চৰকাৰী কাৰ্যসূচী আৰু পদক্ষেপৰ তথ্য জনসাধাৰণৰ মাজত প্ৰচাৰৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ সংবাদ মাধ্যমৰ গোটসমূহৰ পৰা সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।
সভাত ভাষণ দি এন ই এইচ এইচ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী মাৰা কোচোৱে এন ই এইচ এইচ ডি চি-ৰ কামৰ প্ৰসংগত আলোকপাত কৰি কয় যে নিগমে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিপিনী আৰু কাৰিকৰসকলক সহায় কৰিবলৈ তৃণমূল পৰ্যায়ত কাম কৰি আছে। তেওঁ কয় যে এন ই এইচ এইচ ডি চি-য়ে হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ সুবিধা প্ৰদানকাৰী আৰু সংগ্ৰহকাৰী হিচাপে কাম কৰে, যিয়ে শিল্পীসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰত প্ৰৱেশ কৰাত সহায় কৰে। বিভিন্ন মঞ্চত সামগ্ৰী প্ৰদৰ্শনৰ অধিক সুযোগৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে বৰ্ধিত দৃশ্যমানতাই বজাৰৰ প্ৰৱেশ সম্প্ৰসাৰণত সহায় কৰিব। তেওঁ আৰু জনায় যে এন ই এইচ এইচ ডি চি-য়ে উদ্যোগীসকলৰ সৈতে সংযোগ স্থাপন কৰি আৰু তেওঁলোকৰ সামগ্ৰীৰ চৰকাৰী ক্ৰয়ক প্ৰসাৰিত কৰিও শিল্পীসকলক শক্তিসমৃদ্ধ কৰে। এন ই এইচ এইচ ডি চি-ৰ পৰা সামগ্ৰী কিনিলে শিল্পীসকল প্ৰত্যক্ষভাৱে উপকৃত হয় বুলিও তেওঁ লগতে উল্লেখ কৰে। বৈঠকত এন ই এইচ এইচ ডি চি-ৰ ইন-হাউছ আলোচনী- "পূৰ্বশ্ৰী পালছ"ৰ প্ৰথমটো সংস্কৰণ পি আই বি আৰু এন ই এইচ এইচ ডি চি-ৰ জ্যেষ্ঠ বিষয়াসকলে মুকলি কৰে।
পৰ্যটন বিভাগ, কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (ই পি এফ অ’), আয়কৰ বিভাগ, ভাৰতীয় মানক ব্যুৰো (বি আই এছ), ভাৰত বতৰ বিজ্ঞান বিভাগ (আই এম ডি), দূৰসংযোগ বিভাগ, কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ই এছ আই চি), এন ই এইচ এইচ ডি চি, আৰু আন কেইবাটাও সংস্থাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু সংস্থাসমূহৰ ৩৫ গৰাকীতকৈয়ো অধিক প্ৰতিনিধিয়ে সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ চলি থকা কাৰ্যকলাপ, অঞ্চলটোৰ ৰাজহুৱা সম্পৰ্ক সম্পৰ্কীয় পদক্ষেপ আৰু ভৱিষ্যত পৰিকল্পনাৰ শেহতীয়া তথ্য সহভাগ কৰে। ষষ্ঠ নছা মুক্তি ভাৰত অভিযান আৰু হৰ ঘৰ তিৰংগা অভিযান-ত সকলো বিভাগকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হয়, আৰু জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ আৰু সজাগতা নিশ্চিত কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰী সংস্থাক ঘনিষ্ঠ সমন্বয়ৰে কাম কৰিবলৈ আহ্বান জনায়।
আইএমপিচিচি-ৰ বৈঠকৰ সামৰণি পৰে এক মত-বিনিময় অধিৱেশনৰ জৰিয়তে য’ত অংশগ্ৰহণকাৰীসকলে সংবাদ মাধ্যমৰ সমন্বয় শক্তিশালী আৰু জনসংযোগৰ ফলপ্ৰসূতা উন্নত কৰাৰ বাবে ধাৰণা বিনিময় আৰু পৰামৰ্শ সহভাগ কৰে।
PG/SS/KB




(ৰিলিজ আই ডি : 2295728)
অতিথি কক্ষ : 31