গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিহাৰ আৰু দেশজুৰি চিচিটিএনএছৰ ব্যৱহাৰ তথা ইয়াৰ ফলাফল

পোষ্ট কৰা হৈছে: 05 AUG 2026 3:06PM by PIB Guwahati

ক্ৰাইম এণ্ড ক্রিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেমছ (CCTNS)-এ অপৰাধ তথা অপৰাধীৰ সৈতে জড়িত তথ্যসমূহ প্ৰায় বাস্তৱ সময়ৰ ভিত্তিত সংগ্ৰহ, আপডেট আৰু বিশ্লেষণৰ সুবিধা প্ৰদান কৰে। ইয়াৰ দ্বাৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰক্ষী, কেন্দ্ৰীয় আইন প্ৰয়োগকাৰী সংস্থা (CLEA) আৰু ভাৰতৰ নাগৰিকসকলক বিভিন্ন সুবিধা প্ৰদান কৰা হয়, তলত ইয়াৰ  বিৱৰণ দিয়া হল :

চিচিটিএনএছৰ জৰিয়তে দেশৰ থানাসমূহ সংযোগ কৰাৰ সুবিধাসমূহঃ

i. আৰক্ষী প্ৰক্ৰিয়াৰ কম্পিউটাৰাইজেচন (অভিযোগ, এফআইআৰ, তদন্তৰ বিৱৰণ, চাৰ্জ শ্বীট, আদালতৰ নিষ্পত্তি, আপীল আৰু চালান/পঞ্জীয়ন)।

ii. অপৰাধ আৰু অপৰাধীৰ ৰাষ্ট্ৰীয়/ৰাজ্যিক ডাটাবেছত সন্ধান কৰাৰ সুবিধা।

iii. ফলপ্ৰসূ ন্যায় প্ৰদানৰ বাবে আৰক্ষী, কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আদালত, কাৰাগাৰ, ফৰেনছিক আৰু বিচাৰ বিভাগৰ মাজত তথ্যৰ ভাগ-বাটোৱাৰা  কৰাটো সক্ষম কৰি তোলা ।

ডিজিটেল পুলিচ পৰ্টেল আৰু কেন্দ্ৰীয় নাগৰিক সেৱা পৰ্টেলৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত নাগৰিকসকলক তলত দিয়া সেৱাসমূহ প্ৰদান কৰা হৈছে:

১.

i. নিৰুদ্দেশ হোৱা ব্যক্তিৰ সন্ধান

ii. বাহনৰ আপত্তিবিহীন প্ৰমাণপত্ৰ তৈয়াৰ কৰা

iii.  অপৰাধীৰ তথ্য লাভৰ সুবিধা

iv. নিকটতম আৰক্ষী থানা বিচাৰি  উলিওৱা

ইয়াৰ উপৰি বিভিন্ন ৰাজ্যিক আৰক্ষী নাগৰিক পৰ্টেলৰ দ্বাৰা তলত দিয়া ৯টা বাধ্যতামূলক নাগৰিক সেৱা আগবঢ়োৱা হৈছে:

১.

i. সংশ্লিষ্ট থানাত অভিযোগ দাখিল কৰা

ii. অভিযোগৰ স্থিতিৰ বিষয়ে  তথ্য লাভ কৰা

iii. এজাহাৰৰ প্ৰতিলিপি লাভ কৰা

iv. গ্ৰেপ্তাৰ কৰা ব্যক্তি/ বিচাৰি থকা অপৰাধীৰ সবিশেষ তথ্য

v. নিৰুদ্দেশ হোৱা লোক/অপহৃত ব্যক্তিৰ সবিশেষ

vi. চুৰি/ উদ্ধাৰ কৰা বাহন, অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সম্পত্তিৰ সবিশেষ

vii. বিভিন্ন আপত্তিবিহীন প্ৰমাণপত্ৰ  (শোভাযাত্ৰা, অনুষ্ঠান/প্ৰদৰ্শন , প্ৰতিবাদ/ধৰ্মঘট আদি) জাৰি/নবীকৰণৰ বাবে অনুৰোধ দাখিল কৰা

viii. ঘৰুৱা সহায়কাৰী, নিয়োগ, পাছপ’ৰ্ট, জ্যেষ্ঠ নাগৰিকৰ পঞ্জীয়ন আদিৰ বাবে পৰীক্ষণৰ অনুৰোধ।

ix. তথ্যৰ বিনিময় আৰু নাগৰিকসকলক প্ৰয়োজনীয় প্ৰ-পত্ৰ ডাউনলোড কৰিবলৈ সক্ষম কৰাৰ বাবে এই  পৰ্টেল

০১.০৬.২০২৬ তাৰিখলৈকে ১৭,৭৬২ খন আৰক্ষী থানাত চিচিটিএনএছ ব্যৱহাৰ কৰি  থকা হৈছে।

 ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই কথা উল্লেখ কৰে গৃহ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত বন্দি সঞ্জয় কুমাৰে।

 

*****

RK/RR/PS/SC/DM


(ৰিলিজ আই ডি : 2295417) অতিথি কক্ষ : 39
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil