ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

বন উৎপাদন ভিত্তিক সমবায় সমিতি

प्रविष्टि तिथि: 05 AUG 2026 4:49PM by PIB Guwahati

চৰকাৰে ঝাৰখণ্ড আৰু গুজৰাটৰ জনজাতীয় জিলাকে ধৰি জনজাতীয় অঞ্চলত সৰু সৰু বনজ সামগ্ৰী, হস্তশিল্প, জৈৱিক সামগ্ৰী আৰু অন্যান্য জীৱিকাৰ কামত নিয়োজিত সমবায় প্ৰতিষ্ঠানসমূহক প্ৰসাৰিত কৰি আহিছে। ৰাষ্ট্ৰীয় সমবায় নীতি, ২০২৫-এ জনজাতীয় সম্প্ৰদায়কে ধৰি দুৰ্বল আৰু প্ৰান্তীয় শ্ৰেণীৰ সমবায়সমূহ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে আৰু সৰু সৰু বনজ উৎপাদনসমূহৰ মূল্য সংযোজন, প্ৰক্ৰিয়াকৰণ  তথা বিপণন প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰযোজ্য হৈ থকা  ৰাজ্যিক সমবায় সমিতি আইন আৰু স্থানীয় অৰ্থনৈতিক সম্ভাৱনা অনুসৰি বৰ্তমানৰ বন-উৎপাদন সমিতিসমূহক শক্তিশালী কৰিবলৈ তথা  প্ৰয়োজন সাপেক্ষে সেইবোৰক  বহুমুখী সমবায় সমিতি হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত কৰা হৈছে। সমবায়ৰ কভাৰেজৰ ব্যৱধান চিনাক্তকৰণ আৰু জিলাভিত্তিক পৰিকল্পনাৰ সুবিধাৰ বাবে ৰাষ্ট্ৰীয় সমবায় তথ্যকোষৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰি, ট্ৰাইবেল কো-অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেচন অৱ ইণ্ডিয়া লিমিটেডে (TRIFED) প্ৰধানকৈ বনবাসী জনজাতীয় জনসংখ্যাৰ লোকৰ আধিক্য  থকা জিলাসমূহত সৰু বনজ উৎপাদন (MFP) সংগ্ৰহ আৰু বিক্ৰীৰ বাবে বন ধন কাৰ্যসূচী ৰূপায়ণৰ নেতৃত্ব দিয়ে। এই কাৰ্যসূচীৰ অধীনত জনজাতীয় জিলাসমূহত জনজাতীয় সম্প্ৰদায়ৰ মালিকানাধীন বন  ধন বিকাশ কেন্দ্ৰ ক্লাষ্টাৰ (VDVKC) স্থাপন কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে আত্ম সহায়ক গোট / বন ধন কেন্দ্ৰৰ ৰূপত ১০০ % সাহায্য প্ৰদান কৰে। প্ৰযোজ্য হৈ থকা আঁচনিৰ নিৰ্দেশনা আৰু প্ৰকল্পৰ প্ৰস্তাৱৰ অনুমোদনৰ অধীনত ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম, সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত যোগ্য সমবায় সমিতিসমূহে আৰ্থিক সাহায্য লাভ কৰিব পাৰে। ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে সমবায়সমূহক আৰ্থিক সাহায্য প্ৰদান কৰে। বিভিন্ন সমবায় খণ্ডৰ সামগ্ৰিক কাৰ্যসূচীৰ অধীনত এনচিডিচিয়ে উক্ত সময়ছোৱাত ঝাৰখণ্ডত ৪৪.৪০ কোটি টকা আৰু গুজৰাটত ২,৩০২.২২ কোটি টকা প্ৰদান কৰিছে। সমবায় প্ৰতিষ্ঠানৰ জৰিয়তে জনজাতীয় পৰিয়ালৰ আয় বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ভিতৰত আছে-

i. সৰু সৰু বনজ সামগ্ৰী আৰু অন্যান্য স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন, ব্ৰেণ্ডিং আৰু বিপণনৰ প্ৰসাৰ;

ii. সমবায় সমিতিসমূহক আৰ্হি উপ-বিধিসমূহৰ অধীনত বৈচিত্ৰ্যপূৰ্ণ কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ সক্ষম কৰি তোলা হৈছে, য'ত সাধাৰণ সেৱা কেন্দ্ৰ, ইনপুট যোগান, সংৰক্ষণ, প্ৰক্ৰিয়াকৰণ আৰু অন্যান্য গ্ৰাম্য সেৱাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে;

iii. ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় সমিতি যেনে ৰাষ্ট্ৰীয় সমবায় জৈৱ লিমিটেড আৰু ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেডৰ জৰিয়তে বজাৰ সংযোগৰ সুবিধা প্ৰদান কৰা হৈছে ;

iv. স্বচ্ছতা, কাৰ্য্যকৰী দক্ষতা আৰু সেৱাসমূহৰ প্ৰৱেশ উন্নত কৰিবলৈ পিএচিএছ (PACS) ৰ কম্পিউটাৰাইজেচন আৰু ডিজিটেলাইজেচন কৰা হৈছে।

v. ২০২৩ চনত সংশোধিত বহুৰাজ্যিক সমবায় সমিতি আইন, ২০০২ৰ বিধান অনুসৰি বহুৰাজ্যিক সমবায় সমিতিৰ ব’ৰ্ডত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্বৰ সুবিধা প্ৰদান ।

vi. সমবায় প্ৰতিষ্ঠানৰ জৰিয়তে জনজাতীয় পৰিয়ালৰ আয় বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ভিতৰত আছে বজাৰৰ সংযোগ শক্তিশালী কৰা, মূল্য সংযোজনৰ প্ৰসাৰ আৰু ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা। ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেডে জনজাতীয় অঞ্চলত কাম কৰা সমবায়কে ধৰি সমবায়সমূহৰ উদ্বৃত্ত উৎপাদিত সামগ্ৰী ৰপ্তানিৰ বাবে এক প্ৰতিষ্ঠানিক মঞ্চ প্ৰদান কৰে।

নেশ্যনেল ক’অপাৰেটিভ অৰ্গেনিক্স লিমিটেডে (এনচিঅ’এল) “ভাৰত অৰ্গেনিক্স” ব্ৰেণ্ডৰ অধীনত জৈৱিক সামগ্ৰীৰ একত্ৰীকৰণ, জৈৱিক প্ৰমাণীকৰণ, ব্ৰেণ্ডিং আৰু বিপণনত সহায় কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ৰাজ্যসভাত এক  লিখিত উত্তৰত এই তথ্য  প্ৰদান কৰে।

 

****

AK/AP/DM


(रिलीज़ आईडी: 2295325) आगंतुक पटल : 3
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी