প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সাহস আৰু অধ্যৱসায়ৰ গুৰুত্বত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 AUG 2026 9:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাগ্য প্রতিকূল হৈ হ’লেও কেতিয়াও সাহস হেৰুৱাব নালাগে, কিয়নো ধৈৰ্য আৰু অধ্যৱসায়ে এজন ব্যক্তিক হেৰুওৱা স্থান ঘূৰাই পোৱাত সহায় কৰিব পাৰে। তেওঁ উল্লেখ কৰে যে মাজ সাগৰত জাহাজ ধবংস হ’লে যেনেকৈ এজন দক্ষ নাৱিকে আশা নেহেৰুৱাই সাঁতুৰি জীয়াই থাকিবলৈ চেষ্টা অব্যাহত ৰাখে, ঠিক তেনেকৈ দৃঢ় সংকল্প আৰু অটল প্ৰচেষ্টাই প্ৰতিকূল পৰিস্থিতি অতিক্ৰম কৰাত সফল কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছে -
“त्याज्यं न धैर्यं विधुरेऽपि दैवे धैर्यात्कदाचित्स्थितिमाप्नुयात्सः।
याते समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति कर्म एव।। ”
এই হিতোপদেশে কৈছে যে ভাগ্য প্রতিকূল হ’লেও ধৈৰ্য হেৰুওৱা উচিত নহয়, কিয়নো ধৈৰ্যৰ জৰিয়তে হেৰুওৱা অনুকূল পৰিস্থিতি পুনৰ ঘূৰাই পাব পাৰি। ঠিক যেনেকৈ এজন দক্ষ নাৱিকে তেওঁৰ জাহাজখন সাগৰৰ মাজত ধ্বংস হৈ যোৱাৰ পাছতো কেৱল তেওঁৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ে, অৰ্থাৎ, সাহস নেহেৰুওৱাকৈ জীয়াই থাকিবলৈ আৰু সাঁতুৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“त्याज्यं न धैर्यं विधुरेऽपि दैवे धैर्यात्कदाचित्स्थितिमाप्नुयात्सः।
याते समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति कर्म एव ।।”
***
MJPS/SS/ST/HS
(ৰিলিজ আই ডি : 2293609)
অতিথি কক্ষ : 51
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam